ETV Bharat / international

কাবুলত বিস্ফোৰণ: দুজন লোক নিহত, আহত 12

author img

By ANI

Published : Jan 12, 2024, 12:36 PM IST

Two people killed 12 injured in explosion in Kabul
কাবুলত বিস্ফোৰণৰ ঘটনা

কাবুলত বিস্ফোৰণৰ ঘটনা ৷ বিস্ফোৰণৰ ফলত দুজন লোক নিহত হোৱাৰ লগতে 12 জন লোক আহত হয় ।

ইণ্টাৰনেশ্যনেল ডেস্ক, 12 জানুৱাৰী: বৃহস্পতিবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷ আফগানিস্তানস্থিত খামা প্ৰেছে বিষয়াৰ উদ্ধৃতি দি প্ৰকাশ কৰে এই বাতৰি ৷ এই বিস্ফোৰণৰ ফলত বৰ্তমানলৈ দুজন লোক নিহত হোৱাৰ লগতে 12 জন লোক আহত হোৱাৰ কথা জানিব পৰা হৈছে ।

কাবুলৰ পিডি 18 ত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণৰ বাবেই এই বিস্ফোৰণ ঘটিছে বুলি তালিবানে নিযুক্তি দিয়া কাবুল নিৰাপত্তা বিভাগৰ মুখপাত্ৰ খালিদ জাড্ৰানে কয় । দোষীক বিচাৰি উলিয়াবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

অন্যহাতে, উত্তৰে অৱস্থিত মাজাৰ-ই-শ্বৰীফত আন এক বিস্ফোৰণৰ খবৰ পোৱা গৈছে । খামা প্ৰেছে প্ৰকাশ কৰা অনুসৰি কৰ্তৃপক্ষই সম্ভাৱ্য হতাহতিৰ সন্দৰ্ভত কোনো তথ্য বৰ্তমান পৰ্যন্ত প্ৰকাশ কৰা নাই ।

মঙলবাৰে কাবুলত সংঘটিত হোৱা বোমা বিস্ফোৰণত কমেও তিনিজন লোকৰ প্ৰাণ নাশ হোৱাৰ পিছতে শেহতীয়াকৈ এই বিস্ফোৰণসমূহ সংঘটিত হৈছে । খামা প্ৰেছৰ প্ৰতিবেদন অনুসৰি আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ মিছনে এই বিস্ফোৰণে বিশেষভাৱে কাবুলৰ পশ্চিম দিশৰ দষ্ট-ই-বৰচি অঞ্চলৰ হাজাৰী জনগোষ্ঠীক লক্ষ্য কৰি লৈছে বুলি ইংগিত দিছে ।

আফগানিস্তানত বাৰে বাৰে হোৱা হিংসা আৰু বিস্ফোৰণৰ ঘটনাই দেশখনৰ নিৰাপত্তাজনিত দিশসমূহ উদঙাই দেখুৱাইছে ৷ এই ঘটনাই ভীতি-সন্ত্ৰস্ত কৰি পেলাইছে দেশখনৰ নাগৰিকক । খামা প্ৰেছৰ প্ৰতিবেদন অনুসৰি কাবুলৰ "কালা-ই-নাজিৰ ষ্টেচন"ত সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আইছিছ-খুৰাছানে ।

খালিদ জাদ্ৰানে কয় যে শনিবাৰে সন্ধিয়া স্থানীয় সময় অনুসৰি প্ৰায় 6 বজাত এই বিস্ফোৰণ সংঘটিত হয় । তেওঁ উল্লেখ কৰে যে এই আক্ৰমণত এখন মিনিবাছ জড়িত আছিল ।

এক বিবৃতিত আইছিছৰ খুৰাছান শাখাই এই বিস্ফোৰণত 20 জন ব্যক্তি নিহত হোৱা বুলি দাবী কৰিছে । ইয়াৰ পূৰ্বে দষ্ট-ই-বৰচি অঞ্চলত এখন চিটি বাছত বোমা বিস্ফোৰণ হোৱাৰ ফলত 7 জন লোক নিহত হোৱাৰ লগতে 20 জন আহত হৈছিল ।

তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ লোৱাৰ পিছৰে পৰা নিৰাপত্তা নিশ্চিত কৰাটো গোটটোৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈ পৰিছে । দেশখনত সন্ত্ৰাসবাদী আক্ৰমণ অব্যাহত আছে, যাৰ ফলত নিৰীহ সাধাৰণ নাগৰিকৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।

লগতে পঢ়ক: আমেৰিকাৰ টেক্সাছৰ এখন হোটেলত বিস্ফোৰণ, 21 জনকৈ আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.