ETV Bharat / international

থাইলেণ্ডৰ আতচবাজী কাৰখানা বিস্ফোৰণত নিহত 22 জন

author img

By ANI

Published : Jan 18, 2024, 7:13 AM IST

Explosion at fireworks factory: থাইলেণ্ডত বুধবাৰে এটা আতচবাজী কাৰখানাত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা ৷ এই ঘটনাত 22 জনকৈ লোক নিহত হৈছে ৷

explosion at a fireworks factory in Thailand
থাইলেণ্ডত এটা আতচবাজী কাৰখানাত বিস্ফোৰণ,

ইন্টাৰনেশ্যনেল ডেস্ক, 18 জানুৱাৰী : থাইলেণ্ডত ভয়ংকৰ ঘটনা ৷ এটা আতচবাজী কাৰখানাত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা ৷ ফলত 22 জনকৈ লোক নিহত হৈছে বুলি জানিব পৰা গৈছে ৷ বেংকক পোষ্টৰ বাতৰি অনুসৰি, বুধবাৰে থাইলেণ্ডৰ মুয়াং জিলাৰ তাম্বন চালাখাওৰ মৌ 3 গাঁৱত বুধবাৰে বিয়লি প্ৰায় 3:30 বজাত (স্থানীয় সময়অনুসৰি) বিস্ফোৰণটো সংঘটিত হয় ৷ এই ঘটনাত অতি কমেও 22 জন লোক নিহত হয় আৰু বৰ্তমানেও প্ৰায় 10 জন লোক সন্ধানহীন হৈ আছে ৷

আনহাতে, নিহতসকলৰ 20 জনৰ মৃত লোকক চিনাক্ত কৰা হৈছে । স্থানীয় ৰাইজৰ মতে, প্ৰায় 20 জন শ্ৰমিক পুৱাৰ পৰা কাৰখানাত কাম কৰি আছিল ৷ বিস্ফোৰণৰ পিচত তেওঁলোকে কাকো ওলাই অহা দেখা নাছিলো বুলি স্থানীয় ৰাইজে উল্লেখ কৰে ৷

বেংকক পোষ্টৰ বাতৰি অনুসৰি, কাৰখানাটো এটা ফাৰ্ম হাউচৰ পৰা চলি আছিল ৷ য'ত আতচবাজীৰ বাবে বাৰুদ আৰু অন্যান্য কেঁচা সামগ্ৰী সংৰক্ষণ কৰা হৈছিল । কি কাৰণে বিস্ফোৰণ হ’ল কাৰখানাটোত সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে কাৰখানাটোৰ কৰ্তৃপক্ষই ।

সমগ্ৰ ঘটনাৰ দুখ প্ৰকাশ কৰিছে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীথা থাভিছিনে ৷ দেশখনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কৈছে যে, প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটো আইনীভাৱে চলি আছে নে নাই আৰু অৱহেলাৰ ফলত বিস্ফোৰণ সংঘটিত হৈছে নেকি সকলো তদন্তৰ বাবে নিৰ্দেশ দিয়া হৈছে ।

স্থানীয় আৰক্ষীৰ মতে, মৃত বুলি নিশ্চিত কৰা 20 জন লোকৰ ভিতৰত আছে 12 গৰাকী মহিলা আৰু 8 জন পুৰুষ । তথ্য অনুসৰি,2008-23 চনৰ ভিতৰত থাইলেণ্ডৰ আতচবাজী কাৰখানা আৰু গুদামত 24 টা বিস্ফোৰণ সংঘটিত হৈছিল ৷

লগতে পঢ়ক : ইৰাকৰ মাৰ্কিন দূতাবাসৰ সমীপত বিস্ফোৰণত 4 জনৰ মৃত্যু; বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ ইৰাণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.