ETV Bharat / international

দক্ষিণ আফ্ৰিকাৰ প্লেটিনাম খনিত লিফ্ট খহি নিহত ১১, আহত ৭৫

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 3:25 PM IST

Elevator drop at platinum mine in South Africa
দক্ষিণ আফ্ৰিকাত অঘটন

দক্ষিণ আফ্ৰিকাৰ এটা প্লেটিনাম (ৰজত)ৰ খনিত অঘটন ৷ খনিটোত কাম চলি থকাৰ মাজতে খহি পৰে এটা লিফ্ট ৷ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭৫ জন আহত হৈছে ৷

ইন্টাৰনেশ্যনেল ডেস্ক, ২৮ নৱেম্বৰ : দক্ষিণ আফ্ৰিকাত অঘটন ৷ দক্ষিণ আফ্ৰিকাৰ এটা প্লেটিনাম খনিত সংঘটিত হয় এই অঘটনটো ৷ শ্ৰমিকে কাম কৰি থকাৰ মাজতে হঠাতে এটা লিফ্ট পৰি যায় ৷ এই দুৰ্ঘটনাৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭৫ জন আহত হোৱা বুলি জানিব পৰা গৈছে ৷ এই প্লেটিনাম খনিটোৰ পৰিচালকজনে মঙলবাৰে সদৰী কৰে এই কথা ৷

বিৱৰণী অনুসৰি, সোমবাৰে বিয়লি দক্ষিণ আফ্ৰিকাৰ ৰাষ্টেনবাৰ্গৰ (Rustenburg) এটা খনিত কাম চলি থকাৰ মাজতে শ্ৰমিকৰ লিফ্ট এটা ওপৰৰ পৰা খহি পৰে ৷ তাৰ পাচতে সকলো আহত শ্ৰমিকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইম্পালা প্লেটিনাম হোল্ডিংছ (ইমপ্লেটছ)ৰ CEO নিকো মুলাৰে (Impala Platinum Holdings (Implats) CEO Nico Muller) এক বিবৃতিত কয় যে ইমপ্লাটছৰ ইতিহাসৰ ই আটাইতকৈ ক’লা দিন । তেঁও কয় যে লিফ্টখন কিহৰ বাবে তললৈ নামি গ’ল সেই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে ।

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকা হৈছে বিশ্বৰ সৰ্বাধিক প্লেটিনাম উৎপাদনকাৰী দেশ । ২০২২ চনত দেশত সংঘটিত সকলো খনন দুৰ্ঘটনাত ৪৯ জন লোকৰ মৃত্যু হৈছিল ৷ পূৰ্বৰ বছৰটোত ৭৪ জন লোকৰ মৃত্যু হৈছিল । দক্ষিণ আফ্ৰিকা চৰকাৰৰ পৰিসংখ্যা অনুসৰি দক্ষিণ আফ্ৰিকাত খনন দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা যোৱা দুটা দশকত ক্ৰমাগতভাৱে হ্ৰাস পাইছে ৷ ২০০০ চনত ইয়াৰ সংখ্যা প্ৰায় ৩০০ আছিল ।

ইফালে, ভাৰতৰ উত্তৰাখণ্ডত ১৭ দিনৰ অভিযানৰ অন্তত মঙলবাৰে উদ্ধাৰকাৰী দলে এক বৃহৎ অগ্ৰগতি লাভ কৰে ৷ সম্ভৱত আজি অৰ্থাৎ মঙলবাৰে বিয়লিৰ ভাগত সুৰংগত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰিব পৰা যাব ৷ ইতিমধ্যে ৪১ জন শ্ৰমিকক চিকিৎসালয়লৈ নিয়াৰ বাবেও সকলো ব্যৱস্থা সাজু কৰি ৰখা হৈছে ৷

লগতে পঢ়ক : উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বুজ ল’লে ছিল্কয়াৰা সুৰংগ দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.