ETV Bharat / international

ড’নাল্ড ট্ৰাম্পৰ আশাত চেঁচাপানী ঢালিলে আমেৰিকাৰ এখন আদালতে

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 10:51 AM IST

Etv Bharat
ড’নাল্ড ট্ৰাম্পৰ আশাত চেচাপানী ঢালিলে আমেৰিকাৰ এখন আদালতে

পুনৰ চৰ্চালৈ আহিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প(former US President Donald Trump) ৷ দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দিতা আগবঢ়াব নেকি ট্ৰাম্পে (US Presidential Election) !

নিউজ ডেস্ক, 20 ডিচেম্বৰ : সমাগত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৷ জ’ বাইডেনৰ উত্তৰসূৰী কোন হ’ব ! প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হ’ব নেকি, তাক লৈ চলিছে চৰ্চা ৷ তেনে সময়তে, দেশখনৰ কলোৰাডো উচ্চতম ন্যায়ালয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সন্দৰ্ভত বিশেষ ৰায় দিছে ৷

মঙলবাৰে কলোৰাডো উচ্চতম ন্যায়ালয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পক সংবিধানৰ বিদ্ৰোহ ধাৰাৰ অধীনত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ বাবে অযোগ্য ঘোষণা কৰিছে ন্যায়ালয়ে ৷ লগতে ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতিৰ প্ৰাথমিক ভোটাধিকাৰৰ পৰা তেওঁৰ নাম বাদ দিবলৈ নিৰ্দেশ দিয়া হৈছে ৰাজ্যৰ সচিবলৈ ।

কলোৰাডো উচ্চতম ন্যায়ালয়ে লগতে কয় যে, ট্ৰাম্পে 2021 চনৰ হোৱাইট হাউচত আক্ৰমণৰ প্ৰতিবাদীকাৰীসকলক সাৰ পানী যোগাইছিল ৷ সেয়ে তেওঁ ৰাজহুৱা পদত অধিষ্ঠিত হ'ব নোৱাৰে ৷ প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউচত হোৱা আক্ৰমণৰ বাবে তেওঁক হোৱাইট হাউচলৈ ঘূৰি যোৱাত অযোগ্য বুলি বিবেচিত হৈছে ৷ ইয়াৰ পূৰ্বে এজন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক সংবিধানৰ চতুৰ্দশ সংশোধনীৰ 3 নং ধাৰাৰ অধীনত অযোগ্য বুলি কেতিয়াও ঘোষণা কৰা নাছিল ৷ এয়াই আমেৰিকাৰ প্ৰথম ঘটনা বুলিও আদালতে উল্লেখ কৰে ৷

আনহাতে আদালতে পুনৰ কয়, ‘‘যিহেতু ৰাষ্ট্ৰপতি ট্ৰাম্পক সংবিধানৰ চতুৰ্দশ সংশোধনীৰ তিনি নং ধাৰাৰ অধীনত ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হোৱাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে ৷ সেয়েহে প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পক ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰাথমিক ভোটাধিকাৰত প্ৰাৰ্থী হিচাপে তালিকাভুক্ত কৰাটো সচিবৰ বাবে নিৰ্বাচনী আইনৰ অধীনত পৰিব ৷ এই ক্ষেত্ৰত সংখ্যাগৰিষ্ঠ ন্যায়াধীশে সহমত প্ৰকাশ কৰিছে ৷ সেয়েহে, সচিবে 2024 চনৰ ৰাষ্ট্ৰপতিৰ প্ৰাথমিক ভোটাধিকাৰত প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নাম তালিকাভুক্ত নকৰিও পাৰে ৷’’

লগতে পঢ়ক : ভাই এহাজাৰ শতাংশ সুস্থ; ডাউদ ইব্ৰাহিমৰ মৃত্যুৰ উৰাবাতৰি সন্দৰ্ভত ছোটা শ্বাকিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.