ETV Bharat / international

Chinese Visa to Indians : জানুৱাৰীৰ পৰা ৬০ সহস্ৰাধিক ভাৰতীয়ক ভিছা প্ৰদান চীনৰ

author img

By

Published : May 30, 2023, 9:02 PM IST

পৰ্যটন, ব্যৱসায়, অধ্যয়ন, কৰ্ম আৰু পাৰিবাৰিক পুনৰ্মিলনকে ধৰি বিভিন্ন উদ্দেশ্যৰ বাবে ভাৰতীয় নাগৰিকসকলক ভিছা প্ৰদান কৰা হৈছে । সূত্ৰ অনুসৰি, চলিত বছৰৰ মাৰ্চৰ আৰম্ভণিতে চীনে ঘোষণা কৰিছিল যে প্ৰথমবাৰৰ বাবে ভাৰতকে ধৰি বিদেশী পৰ্যটকক তিনি বছৰৰ বাবে দেশখনলৈ যোৱাৰ অনুমতি দিব (Chinese Visa to Indians) ।

Chinese Visa to Indians
Chinese Visa to Indians

ইণ্টাৰনেচনেল ডেস্ক, ৩০ মে' : চীনা দূতাবাস আৰু কনছুলেট জেনেৰেলে ২০২৩ চনৰ প্ৰথম পাঁচটা মাহত চীন ভ্ৰমণ কৰা ভাৰতীয়ৰ বাবে ৬০,০০০-তকৈও অধিক ভিছা মনোনয়ন কৰিছে (China grants over 60000 visas to Indians) । ভাৰতস্থিত চীনা দূতাবাসৰ মুখপাত্ৰ ৱাং জিয়াওজিয়ানে মঙলবাৰে এই কথা কয় । টুইটাৰযোগে চীনা মুখপাত্ৰগৰাকীয়ে কয়, "চলিত বছৰৰ প্ৰথম ৫ মাহত চীনা দূতাবাস আৰু কনছুলেট জেনেৰেলে ব্যৱসায়, অধ্যয়ন, পৰ্যটক, কৰ্ম, পাৰিবাৰিক পুনৰ্মিলন আদিৰ উদ্দেশ্যে চীনলৈ ভ্ৰমণ কৰা ভাৰতীয় লোকসকলক ৬০,০০০ তকৈও অধিক ভিছা প্ৰদান কৰিছে । চীনলৈ স্বাগতম (Chinese Embassy granted visa to Indians) ।"

উল্লেখ্য যে এই ভিছাবোৰ চীনলৈ ভ্ৰমণ, ব্যৱসায়, অধ্যয়ন, কৰ্ম তথা পাৰিয়ালৰ লোকৰ সৈতে মিলনকে ধৰি বিভিন্ন উদ্দেশ্যৰ বাবে ভাৰতীয় নাগৰিকসকলক প্ৰদান কৰা হৈছে । সূত্ৰ অনুসৰি, চলিত বছৰৰ মাৰ্চৰ আৰম্ভণিতে চীনে ঘোষণা কৰিছিল যে, তেওঁলোকে তিনি বছৰৰ বাবে প্ৰথমবাৰৰ বাবে ভাৰতকে ধৰি বিদেশী পৰ্যটকক দেশখনত প্ৰৱেশৰ অনুমতি দিব ।

  • In the first 5 months of this year, the Chinese Embassy and Consulates General have issued over 60000 visas to Indian people traveling to China for purposes of business, study, tourist, work, family reunion etc. Welcome to China.

    — Wang Xiaojian (@ChinaSpox_India) May 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

১৪ মাৰ্চত জাৰি কৰা এক জাননীত ভাৰতস্থিত চীনা দূতাবাস আৰু কনছুলেট জেনেৰেলে (Chinese Embassy and Consulate General in India) কয় যে বিভিন্ন ধৰণৰ চীনা ভিছা প্ৰদানৰ কাম পুনৰ আৰম্ভ কৰিব । এক জাননীত ভাৰতস্থিত থকা চীনা দূতাবাসে কয়, "২৮ মাৰ্চ, ২০২০ চনৰ পূৰ্বে প্ৰদান কৰা আৰু বৈধ চীনা ভিছাসমূহ পুনৰ সক্ৰিয় কৰা হ'ব ।"

"ভাৰতস্থিত চীনা দূতাবাস আৰু কনছুলেট জেনেৰেলে বিভিন্ন ধৰণৰ চীনা ভিছা জাৰি কৰাটো পুনৰ আৰম্ভ কৰিব । অধিক বিৱৰণৰ বাবে চীনা ভিছা আবেদনৰ প্ৰয়োজনীয়তাৰ ওপৰত আপডেট কৰা জাননী পৰীক্ষা কৰিব পাৰে ।" দিল্লীত চীনা দূতাবাসে লগতে কয় । আনহাতে, এপ্ৰিলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে চীনত দুগৰাকী ভাৰতীয় সাংবাদিকৰ ভিছা নাকচ কৰা বুলি ওলোৱা বাতৰিৰ মাজতে উল্লেখ কৰিছিল যে, চীনা কৰ্তৃপক্ষই ভাৰতীয় সাংবাদিকসকলক চীনৰ পৰা বাতৰি পৰিবেশন অব্যাহত ৰখাত সহায় কৰিব বুলি ভাৰতে আশা কৰে ।

"আমাৰ ভাৰততো চীনা সাংবাদিক আছে, যিসকলে সাংবাদিকতাৰ কাম (ভাৰতত) চলাই যোৱাৰ বাবে বৈধ ভাৰতীয় ভিছা আছে । মই সংবাদ মাধ্যমৰ বাতৰি পৰিবেশনত কোনো সীমাবদ্ধতা বা অসুবিধা দেখা পোৱা নাই । চীনত কাম কৰা ভাৰতীয় সাংবাদিকসকলৰ সন্দৰ্ভত আমি আশা কৰিম যে, চীনা কৰ্তৃপক্ষই তেওঁলোক তাত থকা আৰু চীনৰ পৰা বাতৰি পৰিবেশন কৰাত সহায় কৰিব ।" বাগচীয়ে লগতে কয় । তেওঁ লগতে আশ্বাস দিয়ে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত চীনা কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে ।

লগতে পঢ়ক :North Korea spy satellite: জুন মাহত উত্তৰ কোৰিয়াই উৎক্ষেপণ কৰিব প্ৰথমটো সামৰিক গুপ্তচৰ উপগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.