আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ'ব ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্রিয়া

author img

By

Published : Sep 19, 2022, 10:00 AM IST

Updated : Sep 19, 2022, 11:14 AM IST

britain-queen-elizabeth-ii-funeral-today

ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া (funeral of Queen Elizabeth II) আজি ৰাষ্ট্ৰীয় সন্মানেৰে কৰা হ'ব । স্বামী প্ৰিন্স ফিলিপৰ সমাধিক্ষেত্ৰ কাষতেই সমাধিস্থ কৰা হ'ব ৰাণী দ্বিতীয় এলিজাবেথক ৷

ইণ্টাৰনেচনেল ডেস্ক, ১৯ ছেপ্টেম্বৰ : ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্রিয়া (funeral of Queen Elizabeth II) আজি ৰাষ্ট্ৰীয় সন্মানেৰে কৰা হ'ব । সোমবাৰে সন্ধিয়া প্ৰয়াত ব্ৰিটিছ ৰাণীক ৰাষ্ট্ৰীয় সন্মান আৰু ৰাজকীয় অনুষ্ঠানৰ মাজত তেওঁৰ স্বামী প্ৰিন্স ফিলিপৰ সমাধিক্ষেত্ৰ ৰজা জৰ্জ ষষ্ঠ মেম'ৰিয়েল চেপেলত সমাধিস্থ কৰা হ'ব (Elizabeth buried at King George VI Memorial Chapel) । সমগ্ৰ বিশ্বৰ বিশিষ্ট ব্যক্তিসকল ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব ।

উল্লেখ্য, ৰাণীক অন্তিম দৰ্শনৰ বাবে যাওঁতে যাতে কোনো সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে অভূতপূৰ্ব ব্যৱস্থা হাতত লোৱা হৈছে । এই ঐতিহাসিক মুহূৰ্তটো পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিবলৈ বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ টেলিভিছন পৰ্দা স্থাপন কৰা হৈছে । তদুপৰি আজি ব্ৰিটেইনত এদিনীয়া ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে (one day public holiday declared in Britain) । ইয়াৰ উপৰি ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাকমুহূৰ্তত সমগ্ৰ ব্ৰিটেইনৰ জনসাধাৰণে এক মিনিটৰ মৌনতা পালন কৰিব ।

ব্ৰিটিছ চৰকাৰে প্ৰয়াত ৰাণীৰ প্ৰতি ৰাষ্ট্ৰীয় সন্মান দেখুৱাবলৈ জনসাধাৰণক নিজৰ ঘৰত, চুবুৰীয়াৰ সৈতে বা স্থানীয় পৰ্যায়ত আয়োজিত অনুষ্ঠানত এক মিনিটৰ মৌনতা পালন কৰিবলৈও আহ্বান জনাইছে । উল্লেখ্য, ৰাণী দ্বিতীয় এলিজাবেথৰ মৃতদেহ ৱেষ্টমিনষ্টাৰ হলত ৰখা হৈছে । ৰাণীৰ ৰ্ষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়া সোমবাৰে অনুষ্ঠিত হ'ব । প্ৰণিধানযোগ্য যে ৰাণী দ্বিতীয় এলিজাবেথৰ ৯৬ বছৰ বয়সত ৮ ছেপ্টেম্বৰত স্কটলেণ্ডত মৃত্যু হয় (Elizabeth II died in Scotland) ।

লগতে পঢ়ক :স্বামীৰ সৈতে সমাধিস্থ কৰা হ'ব ৰাণী দ্বিতীয় এলিজাবেথক

Last Updated :Sep 19, 2022, 11:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.