ETV Bharat / international

Joe Biden on Hawaii wildfire: শতিকাৰ সবাতোকৈ ভয়ংকৰ অগ্নিকাণ্ডক পাকঘৰৰ জুইৰ সৈতে তুলনা মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 7:17 AM IST

শতিকাৰ আটাইতকৈ ভয়ংকৰ অগ্নিকাণ্ড সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ আশ্চৰ্যকৰ মন্তব্য ৷ নেটিজেনৰ গৰিহণা ৷

Joe Biden on Hawaii wildfire
মাউইৰ হাৱাই দ্বীপত বনজুইৰ তাণ্ডৱ

ইণ্টাৰনেশ্যনেল ডেস্ক, 23 আগষ্ট: আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ মাউইৰ হাৱাই দ্বীপত বনজুইৰ তাণ্ডৱত মৃ্তকৰ সংখ্যা বৃদ্ধি পাইছে প্ৰতিদিনে । মৰ্মান্তিক ঘটনা সন্দৰ্ভত নিজৰ সহমৰ্মিতা প্ৰকাশ কৰিবলৈ গৈ নেটিজেনৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন ৷ ভয়াৱহ অগ্নিকাণ্ডৰ সন্মুখীন হোৱা হাৱাইৰ মাউইৰ বাসিন্দাসকলৰ প্ৰতি দুখ প্ৰকাশ কৰি ভাষণ প্ৰদানৰ সময়তে ৰাষ্ট্ৰপতি বাইডেনে হাৱাই দ্বীপৰ বনজুইৰ লেলিহান শিখাক নিজৰ ঘৰৰ পাকঘৰৰ সাধাৰণ জুইৰ সৈতে তুলনা কৰা কথাই সামাজিক মাধ্যমত লাভ কৰিছে বিশেষ চৰ্চা ।

সোমবাৰে হাৱাইত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "সমস্যাৰ তুলনা কৰিব নিবিচাৰো, কিন্তু ঘৰ এটা হেৰুৱালে কেনে অনুভৱ হয় জিল আৰু মোৰ অভিজ্ঞতা আছে । বছৰ বছৰ আগতে এতিয়াৰ পৰা 15 বছৰ পূৰ্বে মই ৱাশ্বিংটনত ‘মিট দ্য প্ৰেছ’ ত অংশগ্ৰহণ কৰি আছিলো । মোৰ ঘৰৰ বাহিৰৰ সৰু হ্ৰদ এটাত বজ্ৰ পৰিল । হ্ৰদ নহয়, ডাঙৰ পুখুৰী । তাঁৰবোৰত খুন্দা মৰাৰ পিচত আমি আমাৰ ঘৰৰ তললৈ নামি আহিলো । দীঘলীয়া কাহিনী এটা চুটিকৈ ক'বলৈ গ'লে মই মোৰ পত্নী, মোৰ '67 কৰ্ভেট আৰু মোৰ মেকুৰীটোক প্ৰায় হেৰুৱাই পেলালোঁ ।"

প্ৰায় 110 জনতকৈ অধিক লোকে প্ৰাণ হেৰুওৱা এই বনজুইৰ ঘটনাত মাউই চহৰ পৰিণত হৈছে ধ্বংসস্তূপত । শ শ লোকৰ বাসগৃহ অগ্নিকাণ্ডৰ ফলত ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত ঘৰ-বাৰী হেৰুৱাই দিশহাৰা হৈ পৰিছে বহু লোক । হাৱাই দ্বীপত অব্যাহত থকা এই ধ্বংস লীলাক লৈ চিন্তিত হৈ পৰিছে বিশ্ব সম্প্ৰদায় ৷ ইয়াৰ বিপৰীতে ৰাষ্ট্ৰপতিগৰাকীৰ টুলুঙা মন্তব্যৰ বাবে বিভিন্নজনে বিভিন্নধৰণে গৰিহণা দিয়া পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, বৰ্তমানেও শ শ লোক এতিয়াও নিৰুদ্দেশ হৈ আছে বিধ্বংসী অগ্নিকাণ্ডৰ ফলত । লগতে হাৱাইৰ গভৰ্ণৰ জছ গ্ৰীণে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি সতৰ্কবাণী প্ৰদান কৰিছে ।

লগতে পঢ়ক: Hawaii wildfire: বনজুইয়ে দহিছে হাৱাই দ্বীপ; প্ৰাণ হেৰুৱাইছে 93 জনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.