তৃতীয় বিশ্ব যুদ্ধৰ উক-মুকনি : ইউৰোপত সৰ্ববৃহৎ যুদ্ধখনৰ পৰিকল্পনা কৰিছে নেকি ৰাছিয়াই ?

author img

By

Published : Feb 20, 2022, 4:49 PM IST

russia-plans-biggest-war-in-europe-since-1945-uk-pm

ইউনাইটেড কিংদমৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে দাবী কৰিছে যে, ইউৰোপত সৰ্ববৃহৎ যুদ্ধখনৰ পৰিকল্পনা কৰিছে ৰাছিয়াই (Russia plans biggest war in Europe since 1945) ৷ ইয়াৰ ফলাফল হিচাপে ইউনাইটেড কিংদম আৰু আমেৰিকা যুক্তৰাজ্যই ৰাছিয়াৰ কোম্পানীবোৰক পাউণ্ড আৰু ডলাৰত ব্যৱসায় কৰা বন্ধ কৰিব পাৰে বুলিও মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে ৷

ইন্টাৰনেশ্বনেল ডেস্ক, 20 ফেব্ৰুৱাৰী : "১৯৪৫ চনৰ পিছত ইউৰোপত সৰ্ববৃহৎ যুদ্ধখনৰ পৰিকল্পনা কৰিছে ৰাছিয়াই (Russia plans biggest war in Europe since 1945)'' এই দাবী ইউনাইটেড কিংদমৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ । উল্লেখ্য যে, বাৰ্ষিক নিৰাপত্তা সন্মিলনৰ বাবে মিউনিখত বিশ্বৰ নেতাসকল মিলিত হৈছে এই সন্মিলনৰ পৰাই শনিবাৰে বৰিছ জনছনে কয় যে, যুদ্ধখনৰ পৰিকল্পনা ইতিমধ্যে কিছু ক্ষেত্ৰত আৰম্ভ হৈ গৈছে ।

জনছনে সংবাদ প্ৰতিষ্ঠান বিবিচিৰ জৰিয়তে অৱগত কৰে যে, ইণ্টেলিজেঞ্চৰ মতে ৰাছিয়াই এটা আক্ৰমণ আৰম্ভ কৰিব বিচাৰে যি ইউক্ৰেইনৰ ৰাজধানী কিয়েভক চাৰিওফালৰ পৰা ঘেৰি ধৰিব । আমেৰিকা যুক্তৰাষ্ট্ৰই শেহতীয়াকৈ প্ৰকাশ কৰা অনুসৰি, প্ৰায় ১,৬৯,০০০ ৰ পৰা ১,৯০,০০০ ৰাছিয়াৰ সৈন্যই ইতিমধ্যে ইউক্ৰেইনৰ সীমান্তত অৱস্থান কৰিছে৷ ৰাছিয়া আৰু চুবুৰীয়া বেলাৰুছ দুয়োটাতে - কিন্তু এই সংখ্যাত পূৱ ইউক্ৰেইনৰ বিদ্ৰোহীও অন্তৰ্ভুক্ত আছে ।

জনছনে লগতে ইংগিত দিয়ে যে, ইউনাইটেড কিংদম আৰু আমেৰিকা যুক্তৰাজ্যই ৰাছিয়াৰ কোম্পানীবোৰক "পাউণ্ড আৰু ডলাৰত ব্যৱসায় কৰা" বন্ধ কৰিব পাৰে আৰু এই পদক্ষেপ ৰাছিয়াৰ বাবে কঠিন বিবেচিত হ’ব (Ban on Russian companies on pounds dollars trading) ৷

ইফালে, ৰাছিয়াই সকলো অভিযোগ অস্বীকাৰ কৰি কৈছে যে, তেওঁলোকৰ সৈন্যই অঞ্চলটোত কেৱলমাত্ৰ সামৰিক অনুশীলন হে চলাই আছে । এই অভিযোগ প্ৰতি অভিযোগৰ মাজতেই এতিয়া ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ সম্পৰ্কই সমগ্ৰ বিশ্বৰ খবৰৰ শিৰোনাম দখল কৰিছে ৷ বিভিন্ন মহলত এইয়া তৃতীয় বিশ্ব যুদ্ধৰ উক-মুকনি বুলিও চৰ্চিত হৈছে (Glimpse of third world war) ৷

লগতে পঢ়ক : ১৬ ফেব্ৰুৱাৰীত ইউক্ৰেইন আক্ৰমণ কৰিব ৰাছিয়াই : ফেচবুক পোষ্টত ঘোষণা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.