উত্তৰ প্ৰদেশ নিৰ্বাচন : চেন্ট্ৰেল ইউ পি, বুন্দেলখণ্ড হ’ব বিজেপিৰ বাবে কঠিন প্ৰত্যাহ্বান

author img

By

Published : Feb 19, 2022, 6:12 PM IST

Updated : Feb 19, 2022, 8:09 PM IST

উত্তৰ প্ৰদেশ নিৰ্বাচন : চেন্ট্ৰেল ইউ পি, বুন্দেলখণ্ড হ’ব বিজেপিৰ বাবে কঠিন প্ৰত্যাহ্বান

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ে ৰাজ্যখনৰ মাজ ভাগৰ সমষ্টিসমূহ সামৰি লোৱাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত এক অপ্ৰত্যাশিত উন্মাদনাৰ সৃষ্টি হোৱা দেখা গৈছে । এই তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত প্ৰায় ২.১৫ কোটি ভোটাৰে নিৰ্ধাৰণ কৰিব ৬২৭ জন প্ৰাৰ্থীৰ ভৱিষ্যত (Uttar Pradesh Polls) ।

নিউজ ডেস্ক, 19 ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ে ৰাজ্যখনৰ মাজভাগৰ সমষ্টিসমূহ সামৰি লোৱাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত এক অপ্ৰত্যাশিত উন্মাদনাৰ সৃষ্টি হোৱা দেখা গৈছে । ৰাজ্যখনত অনুষ্ঠিত হোৱা প্ৰথম দুটা পয্যায়ত ভোটদানৰ প্ৰৱণতাই ইতিমধ্যেই প্ৰমাণ কৰিছে যে প্ৰথম দুই পয্যায়ৰ ভোটদানে পৰৱৰ্তী পৰ্য্যায়ত হ’বলগীয়া নিৰ্বাচনত প্ৰভাৱ পোলাব । সেয়ে ২০ ফেব্ৰুৱাৰীত হ’বলগীয়া তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনকলৈ দলসমূহৰ মাজত সৃষ্টি হৈছে উন্মাদনা তথা উত্তেজনাৰ । ৰাজ্যখনৰ ১৬ খন জিলাৰ ৫৯ টা সমষ্টিত ২০ ফেব্ৰুৱাৰীত অনুস্থিত হ’ব ভোটগ্ৰহণ ৷

তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বিধানসভা আসনসমূহ উত্তৰ প্ৰদেশৰ ব্ৰজ অঞ্চলৰ পৰা বুন্দেলখণ্ডলৈ সামৰি লৈছে যাৰ মাজত আছে অৱধ, হাথৰাছ, কাচগঞ্জ, ইটাহ, ফিৰোজাবাদ, মৈনপুৰী, ফাৰুখাবাদ, কনৌজ, ইটাৱা, উৰিয়া, জালাউন, কানপুৰ নগৰ, কানপুৰ দেহাট, হামিৰপুৰ, মহোবা, ঝান্সি আৰু ললিতপুৰ আদিৰ দৰে অঞ্চলসমূহ । এই তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত প্ৰায় ২.১৫ কোটি ভোটাৰে নিৰ্ধাৰণ কৰিব ৬২৭ জন প্ৰাৰ্থীৰ ভৱিষ্যত (BJP chances in central UP Bundelkhand phase 3) ।

ইয়াৰে বহুতো অঞ্চল ২০১৭ চনৰ নিৰ্বাচনৰ পূৰ্বে সমাজবাদী পাৰ্টি (এছপি) আৰু বহুজন সমাজ পাৰ্টি (বিএছপি)ৰ দুৰ্গ আছিল । কিন্তু ২০১৭ চনত ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াৰে ৪৯ খন আসন লাভ কৰিছিল আৰু এছ পি-কংগ্ৰেছ মিত্ৰজোঁটে ৯ খন আসন লাভ কৰিছিল । এই অঞ্চলৰ কমেও ৩০ খন আসনত ফলাফল যাদৱসকলৰ ভোটে প্ৰভাৱিত কৰে । এই নিৰ্বাচনত সকলোৰে চকু মৈনপুৰীৰ কাৰহাল আসনখনত কেন্দ্ৰীভূত কাৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ প্ৰতিদ্বন্দিতা কৰিছে এই আসনত যি মুলায়ম পৰিয়ালৰ দুৰ্গ হিচাপেও পৰিগণিত (BJP BSP SP who will win central up Bundelkhand ) ।

মনকৰিবলগীয়া যে, পূৰ্বে উত্তৰ প্ৰদেশৰ ৰাজনীতিত প্ৰায় অপৰিচিত আৰু বৰ্তমানৰ অখিলেশৰ সহযোগী, শিৱপাল যাদৱেও এই অঞ্চলৰ যশৱন্তনগৰৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে । পৰিয়ালৰ একতাৰ সংকেট দি পৰিয়ালটোৰ মুৰব্বী মুলায়ম সিং যাদৱেও অখিলেশ আৰু শিৱপালৰ সৈতে একেলগে জনসভাত ভাগ লোৱা দেখা গৈছিল । সেই জনসভাত প্ৰায় পাঁচ বছৰৰ পিছত তিনিওজনক একেলগে দেখা গৈছিল-যি আছিল বিৰল (whose stronghold is central UP Bundelkhand ) ।

দেওবাৰৰ ভোট যুদ্ধত ভাগ ল’বলগীয়া আন আন প্ৰাৰ্থীসকল হ'ল কনৌজত আইপিএছ বিষয়াৰ পৰা বিজেপি প্ৰাৰ্থী হোৱা অসীম অৰুণ, ফাৰুখাবাদত প্ৰাক্তন কংগ্ৰেছ নেতা ছলমান খুৰ্ছিদৰ পত্নী লুই খুৰ্ছিদ, কাৰহালত অখিলেশৰ বিৰুদ্ধে তেওঁৰেই প্ৰাক্তন সহায়ক এছ পি এছ বাঘেল আৰু মহাৰাজপুৰত উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মন্ত্ৰী সতীশ মহানা ।

কিয় চিন্তিত বিজেপি

এইবাৰ উত্তৰ প্ৰদেশৰ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনকলৈ শাসনাধিষ্ঠ বিজেপিক যথেষ্ট চিন্তিত দেখা গৈছে । যাদৱ পৰিয়ালৰ একত্ৰিত যুঁজে এই সমগ্ৰ অঞ্চলত যাদৱ ভোটাৰ সকলক একত্ৰিত কৰি বিজেপিক আঘাত হনাটো খাটাং(Uttar Pradesh Polls) । ২০১৭ চনৰ দৰে এইবাৰ যাদৱ সকল বিভাজিত নহয় যিয়ে বিপদত পেলাব বিজেপিক । এই অঞ্চলত অখিলেশে আক্ৰমণাত্মক ভাৱে প্ৰচাৰ চলোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও প্ৰচাৰ অভিযানত যথেষ্ট সময় অতিবাহিত কৰা দেখা গৈছে । মন কৰিবলগীয়া যে, দ্বিতীয় (১৪ ফেব্ৰুৱাৰী) আৰু তৃতীয় (২০ ফেব্ৰুৱাৰী)পৰ্যায়ৰ মাজৰ ছয় দিনৰ ব্যৱধান হ’ল এই নিৰ্বাচনত সৰ্ববৃহৎ ব্যবধান আৰু এছ পি আৰু বিজেপি দুয়োটা দলেই এই সময়ৰ সুবিধা ল'বলৈ চেষ্টা কৰি থকা দেখা গৈছে ।

বিজেপিয়ে এই অঞ্চলৰ নিৰ্বাচনী প্ৰচাৰত পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ বিষয়বোৰ মুলতঃ উত্থাপন কৰা দেখা গৈছে কাৰণ যাদৱ পৰিয়ালৰ সদস্যসকলে খণ্ড পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে বহু পদত অধিষ্ঠিত হৈ আছে । ৰাজ্যখনত এছ পি শাসনকালত, মুলায়ম সিং যাদৱ পৰিয়ালৰ জন্মস্থান, চৈফাই সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰত আছিল । কিন্তু বিজেপি দল শাসনলৈ অহাৰ পাছত, এই সমগ্ৰ কেৱল অঞ্চলটোৱে গুৰুত্ব হেৰুৱাই পেলাইছিল ।

মুলায়ম সিংয়ে তেওঁৰ ভাতৃ আৰু পুত্ৰৰ সৈতে দেখা দিয়াটো এই অঞ্চলৰ জনসাধাৰণৰ বাবে এক বাৰ্তা যাৰ জৰিয়তে কোৱা হৈছিল যে যদি যাদৱ সকলে একগোট হৈ এছ পি ক ভোট দিয়ে তেন্তে চৰকাৰ গঠনৰ পথ সহজ হোৱাৰ উপৰিও এই অঞ্চলটো আকৌ আগৰ নিছিনা গুৰুত্বপূৰ্ণ হৈ পৰিব ।

আনহাতে দলিত সকলৰ ২২ শতাংশ জনসংখ্যা থকা বুন্দেলখণ্ড এটা সময়ত ই বিএছপিৰ দুৰ্গ আছিল । এই অঞ্চলটোত বিজেপিয়ে ২০১৪ চনৰ লোকসভা, ২০১৭ চনৰ বিধানসভা আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত জিকিছিল যদিও এই জয় আছিল কোনো প্ৰত্যাহ্বান নথকা বাবেহে । পৰিবৰ্ত্তিত ৰাজনৈতিক প্ৰেক্ষাপটত পৰিস্থিতিক লৈ সুখী নহয় বিজেপি ।

আশাবাদী বি এচ পি

এইবাৰৰ নিৰ্বাচনকলৈ আশাবাদী বিএচপি । দলটোৱে নিজৰ ভাগ্য পুনৰুজ্জীৱিত কৰাৰ বাবে এই অঞ্চলটোত যথেষ্ট গুৰুত্ব দিছে । বিএছপি সুপ্ৰিমো মায়াৱতীয়ে তেওঁৰ মূল সমৰ্থক জাটাভ সকলক আকৰ্ষিত কৰিবলৈ ইতিমধ্যেই ওৰাই আৰু বান্দাত ৰেলী কৰিছে আৰু ধাৰণা কৰা হৈছে যে এইবাৰ জাটাভ সকলে দলটোক শক্তিশালী কৰিব । এছ পি য়ে এই অঞ্চলত এতিয়ালৈকে কোনো চমৎকাৰ সফলতা লাভ কৰা নাই আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনতো এছপি-বিএছপি মিত্ৰজোঁটেও অঞ্চলটোৰ ওপৰত বিজেপিৰ দখলত কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাছিল ৷

যিদৰে বিএছপিয়ে ক্ষমতালৈ আহিলে ডকাইতৰ গেং সমুহৰ নিৰ্মুলকৰণৰ লগতে দলিত, মুছলমান আৰু অন্যান্য হিন্দু সম্প্ৰদায় সকলৰ স্থান উন্নত কৰাৰ ওপৰত গুৰুত্ব দিছে তেনেদৰে বিজেপিয়ে পানী যোগান প্ৰকল্প, আৰু ঝান্সিৰ পৰা চিত্ৰকূটলৈ প্ৰস্তাৱিত প্ৰতিৰক্ষা কৰিডৰৰ ওপৰত কেন্দ্ৰীভূত কৰিছে তেওঁলোকৰ প্ৰতিশ্ৰুতি সমুহ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই অঞ্চলত কেইবাটাও ৰেলী সম্বোধন কৰিছে আৰু প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়ৰ তুলনাত বিজেপিয়ে এই পৰ্য্যায়ত ভোটাৰৰ পৰা অধিক অনুকূল সঁহাৰি আশা কৰিছে । অনুৰূপভাবে এছ.পি. আৰু বিএছপিয়েও বিভিন্ন কাৰণত এই অঞ্চলৰ পৰা ৰাখিছে অধিক আশা । সকলো দলৰ এই আশাই উত্তৰ প্ৰদেশৰ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনক কৰি তুলিছে অধিক আকৰ্ষনীয় আৰু এই পৰ্য্যায়ৰ ভোটগ্ৰহন হব পাৰে ৰাজ্যখনৰ শাষনাধিষ্ঠ দলৰ বাবে ণিৰ্নায়ক ।

(এই প্ৰবন্ধত প্ৰকাশ কৰা মতামত লেখকৰ । ইয়াত প্ৰকাশ কৰা তথ্য আৰু মতামতই ইটিভি ভাৰতৰ মতামত প্ৰতিফলিত নকৰে ।)

লগতে পঢ়ক : বিজেপি, কংগ্ৰেছ নে আপ ? থোৰতে পঞ্জাৱৰ নিৰ্বাচনী সমীকৰণ

Last Updated :Feb 19, 2022, 8:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.