আৰ্হি সলনি হ'লেও স্থিতি একেই; আফগানিস্তানত পুনৰ ৰাজহুৱাভাৱে নিষিদ্ধ হ'ব সংগীত

author img

By

Published : Aug 27, 2021, 5:37 PM IST

Updated : Aug 28, 2021, 6:31 AM IST

Music Will Be Banned in Public Again in Afghanistan

১৯৯৬ চনৰ স্থিতিতে অটল আছে তালিবান ৷ তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে স্পষ্ট কৰি দিলে "ইছলামত সংগীত নিষিদ্ধ " ৷ ইয়াৰ লগতে আফগানিস্তানৰ মহিলা সকলৰ ক্ষেত্ৰত তালিবানৰ স্থিতি কি, সেই ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে জাবিহুল্লাহ মুজাহিদে ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 27 আগষ্ট : কেতিয়াও সলনি নহয় তালিবানৰ চৰিত্ৰ ৷ বিশ্ববাসীৰ সকলো যুক্তি আৰু বিতৰ্কক গুৰুত্বহীন কৰি আফগানিস্তানত পুনৰবাৰ ৰাজহুৱাভাৱে সংগীত নিষিদ্ধ কৰিব তালিবানে ৷ শেহতীয়াকৈ এই কথা স্পষ্ট কৰি দিছে তালিবানী নেতা সকলে ৷

তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে(Zabihullah Mujahid) দ্য নিউয়ৰ্ক টাইমছৰ এক সাক্ষাৎকাৰত তালিবানে আফগানিস্তানক কিদৰে পৰিচালনা কৰিব তাৰ ওপৰত কৰিছিল বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য ৷ ইয়াৰ লগতে তালিবানে মহিলাসকলৰ সৈতে কৰা আচৰণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ সৈতে সহযোগ কৰি কাম কৰা সকলৰ ক্ষেত্ৰত তালিবানৰ স্থিতি কি হ'ব সেই বিষয়তো মন্তব্য আগবঢ়াইছিল জাবিহুল্লাহ মুজাহিদে ৷

উক্ত বিষয় সমূহৰ লগতে আফগানিস্তানত সংগীত নিষিদ্ধকৰণৰ বিষয়টোৰ ওপৰতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল মুজাহিদে ৷ মুজাহিদৰ মন্তব্য সমূহত এটা কথা স্পষ্ট হৈছিল যে, ৰাজহুৱাভাৱে সংগীত নিষিদ্ধকৰণৰ ক্ষেত্ৰত তালিবানৰ স্থিতি সলনি হোৱা নাই ৷

লগতে পঢ়ক : একাধিক বোমা বিস্ফোৰণে জোকাৰি গ’ল কাবুলৰ বিমান বন্দৰ

সাক্ষাৎকাৰত জাবিহুল্লাহ মুজাহিদে কয়, ১৯৯৬ ৰ পৰা ২০০১ চনৰ তালিবানৰ পূৰ্বৰ শাসনকালত ৰাজহুৱাভাৱে সংগীত নিষিদ্ধ কৰা হৈছিল ৷ বৰ্তমানেও আফগানিস্তানত ৰাজহুৱাভাৱে সংগীত নিষিদ্ধ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ দিয়াৰ কথাও সাক্ষাৎকাৰটোত সদৰি কৰে মুজাহিদে ৷ "ইছলামত সংগীত নিষিদ্ধ," মুজাহিদে কয় ।

ইয়াৰ লগতে জাবিহুল্লাহ মুজাহিদে তালিবানক পৰামৰ্শ দিছে যে, মহিলাসকলকে ভৱিষ্যতে চাকৰি কৰা সুবিধা লাভ কৰিব ৷ কিন্তু ইয়াতো থাকিব এটা চৰ্ত ৷ মহিলাসকলে মুখ ঢাকিহে সম্পাদন কৰিব লাগিব কৰ্তব্য ৷ লগতে মুজাহিদে এটা কথা স্পষ্ট কৰি দিয়ে যে, তালিবানে মহিলাসকলক পুনৰবাৰ ঘৰৰ ভিতৰত থাকিবলৈ বা মুখ ঢাকি চলিবলৈ বাধ্য কৰাব বুলি যি যুক্তি দৰ্শোৱা হৈছে, সেই যুক্তি ভিত্তিহীন ।

ইফালে সাক্ষাৎকাৰত তেওঁ কয়, ভ্ৰমণৰ সঠিক নথিপত্ৰ থকা লোকসকলে দেশ ত্যাগ কৰি বহিঃৰাষ্ট্ৰলৈ যাব পাৰিব ৷ তাৰোপৰি আমেৰিকান সৈন্য বাহিনীৰ সৈতে বছৰ বছৰ ধৰি কাম কৰা লোক সকলকো কোনো অনিষ্ট সাধন নকৰে তালিবানে ৷

উল্লেখ্য যে, ১৯৯৬ চনত আফগানিস্তানৰ ক্ষমতা নিজৰ হাতলৈ অহাৰ সময়তো তালিবানে ৰাজহুৱাকৈ নিষিদ্ধ কৰিছিল সংগীত ৷

লগতে পঢ়ক: আফগানিস্তানত থকা মাৰ্কিন নাগৰিকক আমেৰিকালৈ উভতিবলৈ অনুমতি তালিবানৰ

Last Updated :Aug 28, 2021, 6:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.