ETV Bharat / international

বিশেষ বৈঠকত মিলিত শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আৰু ভাৰতৰ কাৰ্যবাহী উচ্চায়ুক্ত

author img

By

Published : Apr 21, 2020, 6:03 PM IST

Updated : Apr 21, 2020, 6:36 PM IST

শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী দিনেশ গুণবৰ্ধন আৰু ভাৰতৰ কাৰ্যবাহী উচ্চায়ুক্ত বিনোদ কে জেকবে সোমবাৰে এখন বৈঠকত মিলিত হয় । বৈঠকত দেশ দুখনৰ সাম্প্ৰতিক ভিন্ন বিষয়ক লৈ আলোচনা কৰে দুয়োগৰাকী প্ৰতিনিধিয়ে ।

India, Sri Lanka seek substantial collective effort for post COVID-19 revival
বিশেষ বৈঠক মিলিত শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আৰু ভাৰতৰ কাৰ্যবাহী উচ্চায়ুক্ত

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ ভাৰতৰ কাৰ্যবাহী উচ্চায়ুক্ত বিনোদ কে জেকবে সোমবাৰে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী দিনেশ গুণবৰ্ধনৰ সৈতে এখন বৈঠকত মিলিত হয় ।

বৈঠকত কাৰ্যবাহী উচ্চায়ুক্ত গৰাকীয়ে COVID-19ৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে যি সমূহ প্ৰয়াস কৰিছে সেই বিষয়ে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী গৰাকীক অৱগত কৰে । উচ্চায়ুক্ত গৰাকীয়ে এখন বিজ্ঞপ্তিযোগে জনায় যে,শ্ৰীলংকাৰ মন্ত্ৰী গৰাকীয়েও বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ শ্ৰীলংকাৰ দ্বাৰা লোৱা পদক্ষেপৰ বিষয়ে কাৰ্যবাহী উচ্চায়ুক্তগৰাকীক অৱগত কৰে ।

তেওঁলোকে COVID-19ৰ বিৰুদ্ধে যুঁজ দিবলৈ চলি থকা দ্বিপাক্ষিক প্ৰয়াসত সন্তুষ্টি ব্যক্ত কৰে আৰু এই সম্পৰ্কে একেলগে কাম কৰিবলৈ সহমতি প্ৰদান কৰে । তেওঁলোককে এই ক্ষেত্ৰতো সহমতি প্ৰদান কৰে যে, যিহেতু দেশ কেইখনে নিজা প্ৰচেষ্টাৰে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে,সেয়ে মহামাৰীৰ পৰৱৰ্তী সময়ৰ আৰ্থিক পুৰুত্থানৰ বাবে সামুহিক প্ৰয়াসৰ প্ৰয়োজন হ'ব ।

ইয়াৰোপৰি শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে মাৰ্চ মাহত ভাৰতত আবদ্ধ হৈ থকা শ্ৰীলংকাৰ তীৰ্থযাত্ৰী সকলক উভতাই অনাত প্ৰদান কৰা সমৰ্থনৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে । লগতে তেওঁ এপ্ৰিলত ভাৰতে শ্ৰীলংকালৈ সৰবৰাহ কৰা ১৩ টনতকৈও অধিক জীৱন ৰক্ষক ঔষধৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে । বৈদেশিক মন্ত্ৰী গৰাকীয়ে শ্ৰীলংকাৰ ছাত্ৰসকলক ভাৰতৰ পৰা ঘুৰাই অনাৰ বাবে সহযোগিতা বিচাৰিছে ।

বৈদেশিক মন্ত্ৰী আৰু উচ্চায়ুক্ত গৰাকীয়ে দ্বিপাক্ষিক সম্বন্ধৰ স্থিতি সম্পৰ্কে আলোচনা কৰে । ২০১৯ চনৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰপতি গোটাবয়া ৰাজাপাক্ছাৰ ভাৰত ভ্ৰমণৰ সময়ত, ২০২০ চনৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ছা আৰু জানুৱাৰীত বৈদেশিক মন্ত্ৰী দিনেশ গুণবৰ্ধনৰ সৈতে যি বুজাবুজি হৈছিল তাক আগবঢ়াই নিয়াত সহমত প্ৰদান কৰে ।

লগতে পঢ়কঃ পাকিস্তানলৈ ৮৪ লাখ ডলাৰ সাহাৰ্যৰ ঘোষণা আমেৰিকাৰ

Last Updated : Apr 21, 2020, 6:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.