ETV Bharat / international

30 জুনলৈ ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত বাংলাদেশৰ

author img

By

Published : Jun 14, 2021, 10:57 AM IST

Bangladesh extends border closure with India till June 30
30 জুনলৈ ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত বাংলাদেশৰ

13 জুনত এক বৈঠকত ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বাংলাদেশ চৰকাৰে ৷ ভাৰতৰ সীমান্তৱৰ্তী জিলাসমূহত ক’ভি়ড (Covid 19)ৰ প্ৰভাৱ অব্যাহত থকাৰ বাবেই এই সিদ্ধান্ত বাংলাদেশ চৰকাৰৰ ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 জুন : 30 জুন পৰ্যন্ত ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰাখিছে বাংলাদেশে ৷ 13 জুনত আন্তঃ মন্ত্ৰীয় এক বৈঠকত সীমান্ত বন্ধ ৰখাৰ সীদ্ধান্ত গ্ৰহণ কৰা হোৱা বুলি ঢাকা ত্ৰিবিউনক জানিবলৈ দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই ৷

বৰ্তমানেও ভাৰতৰ সীমামূৰীয়া জিলাসমূহত বৃদ্ধি পাই আছে ক’ভিড (Covid 19) আক্ৰন্তৰ সংখ্যা ৷ অতি শীঘ্ৰে এই সন্দৰ্ভত জাননী জাৰি কৰা হ’ব বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ৷

উল্লেখ্য যে, বিগত 26 এপ্ৰিলত বাংলাদেশে দুসপ্তাহৰ বাবে ভাৰতৰ সৈতে সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াৰ পিছতে ভাৰতত ক’ভিড (Covid 19) পৰিস্থিতি ভয়াৱহ হৈ পৰাত ক্ৰমান্বয়ে 8 মে’ আৰু 29 মে’ত দুবাৰকৈ এই সময়সীমা বৃদ্ধি কৰা হয় ৷

আনহাতে, 15 দিনীয়া বৈধ ভিজা থকা বাংলাদেশী নাগৰিকসকলক স্বদেশলৈ উভতি অহাৰ অনুমতি প্ৰদান কৰা হৈছে ৷ কিন্তু তেওঁলোকক 14 দিনৰ বাবে কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক কৰা হৈছে ৷ সম্প্ৰতি বাংলাদেশতো ক’ভিড মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ দেওবাৰে দেশখনত 2,436 গৰাকী লোক ক’ভিড 19ত আক্ৰান্ত হোৱাৰ বিপৰীতে 47 গৰাকী লোকৰ ক’ভিড 19 ত মৃত্যু হয় ৷

লগতে পঢ়ক- ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত নাফটালি বেনেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.