Bangladesh ferry tragedy: বাংলাদেশত যাত্ৰীবাহী ফেৰীত অগ্নিকাণ্ড, ৪১ জনৰ মৃত্যু

author img

By

Published : Dec 25, 2021, 12:59 PM IST

Updated : Dec 25, 2021, 1:23 PM IST

Fire breaks out on ferry in Bangladesh
বাংলাদেশত যাত্ৰীবাহী ফেৰীত অগ্নিকাণ্ড ()

বাংলাদেশত দপদপকৈ জ্বলিল তিনি মহলীয়া এখন যাত্ৰীবাহী ফেৰী । বিধ্বংসী অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে ৪১ জন লোকৰ (41 people were killed in Bangladesh ferry incident) । আহত হ'ল প্ৰায় ১৫০ জন যাত্ৰী । ৮০০ গৰাকী যাত্ৰী কঢ়িয়াই নিছিল ফেৰীখনে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ : বাংলাদেশৰ সুগন্ধা নদীৰ পাৰত এতিয়া শুনিবলৈ পোৱা গৈছে কান্দোনৰ ৰোল । আপোনজনক বিচাৰি হাহাকাৰ কৰিছে আত্মীয়ই । ঝালাকাথি, বাৰিশালৰ চিকিৎসালয়সমূহতো অনুৰূপ পৰিস্থিতি সৃষ্টি হৈছে । বাংলাদেশত শুকুৰবাৰে পুৱতি নিশা সংঘটিত ভয়াৱহ অগ্নিকাণ্ডই শেষ কৰিলে ৪১ টা জীৱন ।

বৃহস্পতিবাৰে সন্ধিয়া ঢাকাৰ পৰা সুগন্ধা নদীৰে দক্ষিণ উপকূলৰ বৰগুনা অভিমুখে যাত্ৰা আৰম্ভ কৰা এখন তিনি মহলীয়া ফেৰীত পুৱতি নিশা প্ৰায় ৩ বজাত অগ্নিকাণ্ড সংঘটিত হয় (Three storey ferry caught fire in Bangladesh) । এই অগ্নিকাণ্ডত ৪১ জন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে প্ৰায় ১৫০ জন লোক আহত হয় ।

আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে, এতিয়াও বহু যাত্ৰী সন্ধানহীন হৈ আছে । ৰাজধানী ঢাকাৰ পৰা ২৫০ কিলোমিটাৰ দূৰত থকা দক্ষিণ ঝালাকাথি জিলাত নদীপথেৰে যাত্ৰা কৰি থকা অৱস্থাতে ৮০০ গৰাকী যাত্ৰী কঢ়িয়াই ফেৰীখনত জুইৰ সূত্ৰপাত হয় (Fire breaks out on ferry in Bangladesh) । প্ৰায় তিনি ঘণ্টা ধৰি জ্বলি আছিল ফেৰীখন ।

বিষয়াসকলে জনাইছে যে, ঝালাকাথিৰ মুখ্য চৰকাৰী চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাচত এতিয়ালৈকে ৩০ জন লোকৰ মৃতদেহ আত্মীয়ক চমজাই দিয়া হৈছে ।

জাহাজ পৰিবহণ দপ্তৰৰ কনিষ্ঠ মন্ত্ৰী খালেদ মাহমুদ চৌধুৰীয়ে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি কয় যে, অধিক তথ্য লাভ কৰিবলৈ বৰ্তমান তিনিটা পৃথক স্থানত অনুসন্ধান আৰম্ভ কৰা হৈছে । বাৰিশাল জিলাৰ শ্বেৰ-এ-বাংলা চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমান ৭০ জন লোকক চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে । আন স্বাস্থ্য কেন্দ্ৰসমূহত আৰু প্ৰায় ৫০ জন লোকৰ চিকিৎসা চলি আছে ।

ঢাকাৰ স্বাস্থ্য বিষয়াই প্ৰকাশ কৰা মতে, বাৰিশাললৈ ৬ জনীয়া বিশেষজ্ঞ চিকিৎসকৰ দল প্ৰেৰণ কৰা হৈছে । উপকূলৰক্ষী বাহিনী, অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে বৰ্তমান অভিযান অব্যাহত ৰাখিছে । তিনিখন নদীৰ সংগমস্থলত এই অঘটন সংঘটিত হৈছিল । শুকুৰবাৰে ঘন কুঁৱলীৰ বাবে আৰু সূৰ্যাস্তৰ হোৱাৰ পাছত হোৱা অন্ধকাৰৰ বাবে উদ্ধাৰ অভিযান সামৰিবলগীয়া হৈছিল । শনিবাৰে উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰা হৈছে ।

অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াই জানিবলৈ দিয়া মতে, অগ্নিকাণ্ডৰ সময়ত ফেৰীৰ ভিতৰত বহু সময় ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল যাত্ৰীসকল আৰু গৰম ধোঁৱাই আৱৰি ধৰা বাবে উশাহ-নিশাহ লোৱাত সমস্যাত ভূগিছিল । উশাহ লোৱাত অসুবিধা হোৱাৰ বাবে প্ৰাণ হেৰুৱাইছিল বহুজনে । প্ৰাণৰ মমতাত নদীত জাপ দিছিল বহু যাত্ৰীয়ে । কিন্তু নদীৰ পাৰলৈকে সাঁতুৰি আহিব নোৱাৰাৰ বাবেও বহু লোকৰ মৃত্যু হৈছিল ।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ বিচাৰি উলিয়াবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু সাতজনীয়া সমিতি গঠন কৰা হৈছে । তিনি দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে এই সমিতিখনক । উদ্ধাৰকাৰীসকলে মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰিছে ।

বৰগুনাৰ পাথাৰঘাটা উপ-জিলাৰ প্ৰশাসনিক বিষয়া মহাম্মদ হুছেইন মহম্মদ আল মোজাহিদে পত্নীৰ সৈতে ফেৰীখনেৰে ভিআইপি কেবিনত যাত্ৰা কৰিছিল । তেওঁলোকেও প্ৰাণ ৰক্ষাৰ বাবে নদীত জপিয়াই দিছিল । পুৱা প্ৰায় ৫.২০ বজাত জুই নিয়ন্ত্ৰণলৈ অনা হৈছিল ।

দেশখনৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । তেওঁলোক বৰ্তমান চৰকাৰী ভ্ৰমণৰ বাবে মালদ্বীপত আছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনাইছে যে, আহতসকলৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা আৰু নিহতসকলক ক্ষতিপূৰণ প্ৰদান নিশ্চিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ Mig 21 : নিহত এজন

Last Updated :Dec 25, 2021, 1:23 PM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.