ETV Bharat / international

আমেৰিকা কেপিট’ল হিলৰ ঘটনা সন্দৰ্ভত টুইটাৰ একাউণ্ট লক্ ট্ৰাম্পৰ

author img

By

Published : Jan 7, 2021, 11:44 AM IST

Updated : Jan 7, 2021, 1:01 PM IST

Twitter locks Trumps account
ট্ৰাম্পৰ টুইটাৰ একাউণ্ট লক্

12 ঘণ্টাৰ বাবে লক্ কৰি দিয়া হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ টুইটাৰ একাউণ্ট ৷ আমেৰিকা কেপিট’লত হোৱা সংঘাতৰ পাচতে চ’ছিয়েল মিডিয়াৰ নিয়ম উলংঘন কৰাৰ অভিযোগ তুলি এই সিদ্ধান্ত গ্ৰহণ কৰে মাইক্ৰ’ব্লগিং চাইটে ৷

ইণ্টাৰনেশ্যনেল ডেস্ক,7 জানুৱাৰী : আমেৰিকা কেপিট’ল হিলত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিৰ মাজতে মাইক্ৰ’ব্লগিং চাইট টুইটাৰৰ কৰ্তৃপক্ষই ট্ৰাম্পৰ টুইটাৰ একাউণ্ট লক্ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

Twitter locks Trumps account
ট্ৰাম্পৰ টুইটাৰ একাউণ্ট লক্

ইয়াৰ পৰিপ্ৰেক্ষিতত ফেচবুক আৰু ইনষ্টাগ্ৰাম কৰ্তৃপক্ষয়ো এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে ৷

চ’ছিয়েল মিডিয়াৰ নিয়ম উলংঘন কৰাৰ অভিযোগ তুলি টুইটাৰ কৰ্তৃপক্ষই কয় যে, ট্ৰাম্পৰ তিনিটা টুইট একাউণ্টৰ পৰা আঁতৰোৱা হৈছে ৷ টুইট আঁতৰোৱাৰ পাচত তেওঁৰ একাউণ্টটো 12 ঘণ্টাৰ বাবে লক্ কৰি দিয়া হৈছে ৷

Twitter locks Trumps account
ট্ৰাম্পৰ টুইটাৰ একাউণ্ট লক্

ইয়াৰ লগতে, ভৱিষ্যতে টুইটাৰৰ নিয়ম উলংঘন কৰিলে ট্ৰাম্পৰ একাউণ্ট স্থায়ীভাৱে বন্ধ কৰি দিয়াৰ কথা উল্লেখ কৰে কৰ্তৃপক্ষই ৷

লগতে পঢ়ক : আমেৰিকাক হুংকাৰ শীৰ্ষ ইৰাণী কমাণ্ডাৰৰ

Last Updated :Jan 7, 2021, 1:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.