প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণ কিয় প্ৰাসংগিক ?

author img

By

Published : Sep 25, 2021, 5:02 PM IST

significance-of-pm-modis-west-visit

তিনি দিনীয়া কাৰ্যসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ গৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ এই ভ্ৰমণতেই ৰাষ্ট্ৰপতি হোৱাৰ পিছত জ’ বাইডেনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো পোন-পটীয়া সাক্ষাৎ সম্ভৱপৰ হৈছে ৷ জানো আহক, প্ৰধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণ কিয় প্ৰাসংগিক ৷

ইন্টাৰনেশ্বনেল ডেস্ক, 25 ছেপ্টেম্বৰ : ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী শেহতীয়াকৈ তিনি দিনীয়া কাৰ্যসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ গৈছে ৷ কেইবাটাও কাৰণত প্ৰধানমন্ত্ৰী গৰাকীৰ এই যাত্ৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ বিশেষকৈ এই ভ্ৰমণতেই ৰাষ্ট্ৰপতি হোৱাৰ পিছত জ’ বাইডেনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো পোন-পটীয়া সাক্ষাৎ সম্ভৱপৰ হৈছে ৷ মোদীৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যকালত ইয়াৰ পূৰ্বৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি সকল ক্ৰমে বাৰাক ওবামা আৰু ডনাল্ড ট্ৰাম্পৰ সৈতে যথেষ্ট সৌহাদ্যপূৰ্ণ সম্পৰ্ক স্থাপন হোৱা দেখা পোৱা গৈছিল ৷

দুই ৰাষ্ট্ৰৰ শীৰ্ষ নেতা দুগৰাকীৰ সাক্ষাৎৰ ওপৰিও এই ভ্ৰমণত স্থান পোৱা কেইটামান গুৰুত্বপূৰ্ণ বিষয় হৈছে :

  • বিডেনে ইউএনএছচিত ভাৰতৰ স্থায়ী আসন, এনএছজিত প্ৰৱেশৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থনৰ বিষয়টোৰ পুনৰাবৃত্তি :

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে হোৱাইট হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ প্ৰথম ব্যক্তিগত দ্বিপাক্ষিক বৈঠকত সংস্কাৰিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদ আৰু পাৰমাণৱিক যোগানকৰ্তা গোটত প্ৰৱেশৰ প্ৰতি আমেৰিকাৰ সমৰ্থনৰ কথা দোহাৰে । শুকুৰবাৰে হোৱাইট হাউচত তেওঁলোকৰ বৈঠকৰ পিছত জাৰি কৰা আমেৰিকা-ভাৰত যুটীয়া নেতাসকলৰ বিবৃতি অনুসৰি এই কথা স্পষ্ট হৈছে ৷

significance-of-pm-modis-west-visit
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আমেৰিকাৰ উপৰাষ্ট্ৰপতি কমলা হৰিশ
  • ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ trade policy forum পুনৰ আহ্বানৰ প্ৰচেষ্টা :

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ২০২১ চনৰ শেষৰ ফালে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ trade policy forum পুনৰ আহ্বান কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে ৷ ইয়াৰ উদ্দেশ্য হৈছে বাণিজ্যিক উদ্বেগ ৰোধ কৰি দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি কৰা ৷ এক যুটীয়া চৰকাৰী বিবৃতিত কোৱা হৈছে যে, দুই দেশৰ শীৰ্ষ নেতা সকলে এক বিনিয়োগ উদগনি চুক্তিৰ ওপৰত আলোচনা চলাই আছে ৷ উন্নয়নমূলক প্ৰকল্পসমূহত বিনিয়োগৰ ক্ষেত্ৰত আগতীয়া সিদ্ধান্তত উপনীত হ'বলৈ এই আলোচনা যোগে দুই দেশে এক সিদ্ধান্ত উপনীত হৈছে ৷

  • স্বচ্ছ 5জি নেটৱৰ্ক স্থাপনৰ বিষয় :

চীনা কোম্পানীসমূহৰ দ্বাৰা 5জি প্ৰযুক্তিৰ অপব্যৱহাৰৰ ওপৰত বৰ্ধিত নিৰাপত্তা জনিত সমস্যাৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, অষ্ট্ৰেলিয়া আৰু ভাৰতৰ নেতাসকলে শুকুৰবাৰে "সুৰক্ষিত, মুক্ত আৰু স্বচ্ছ" 5জি টেলিকমিউনিকেচন নেটৱৰ্ক স্থাপনৰ কাম আগবঢ়াবলৈ আৰু অৰ্ধপৰিবাহীসকলৰ বাবে যোগান শৃংখলা সুৰক্ষা বৃদ্ধিৰ বাবে কাম কৰিবলৈ সন্মত হৈছে । এই আলোচনাই 5জি নেটৱৰ্ক স্থাপনৰ ক্ষেত্ৰত এই দেশ সমূহৰ অংশীদাৰিত্ব প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিব ৷

এই বিষয় সমূহৰ ওপৰিও আন আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী গৰাকীৰ এই যাত্ৰাই গুৰুত্ব লাভ কৰিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক : কমলা হেৰিছক কি উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.