ETV Bharat / international

বিশ্বজুৰি পুনৰ ক'ভিডৰ দ্ৰুত সংক্ৰমণ আৰম্ভ : WHO

author img

By

Published : Jul 22, 2021, 8:25 PM IST

WHO report
বিশ্বজুৰি পুনৰ ক'ভিডৰ দ্ৰুত সংক্ৰমণ আৰম্ভ

বুধবাৰে প্ৰকাশ পোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি যোৱা সপ্তাহত বিশ্বজুৰি আক্ৰান্তৰ সংখ্যা ১২ শতাংশলৈ বৃদ্ধি পাইছে । যোৱা সপ্তাহত ইণ্ডোনেছিয়া, ইংলেণ্ড আৰু ব্ৰাজিল আটাইতকৈ বেছি প্ৰভাৱান্বিত হৈছে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ জুলাই : বিশ্বৰ ভিন্ন প্ৰান্তত ক'ভিড (Covid)ৰ সংক্ৰমণ অব্যাহত আছে । কোনো কোনো ঠাইত যোৱা কেইটামান মাহত ক'ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস হৈছিল যদিও পুনৰ অঞ্চলভেদে বাঢ়িছে আক্ৰান্তৰ সংখ্যা । বিশ্ব স্বাস্থ্য সংস্থাৰ (World Health Organization) শেহতীয়া প্ৰতিবেদনে এতিয়া সকলোকে শংকিত কৰি তুলিছে ।

বুধবাৰে প্ৰকাশ পোৱা বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি যোৱা সপ্তাহত বিশ্বজুৰি আক্ৰান্তৰ সংখ্যা ১২ শতাংশলৈ বৃদ্ধি পাইছে । আনহাতে মৃত্যু আৰু সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে । যোৱা সপ্তাহত মুঠ ৩.৪ নিযুত কৰ'ণাৰ নতুন ঘটনা পোহৰলৈ আহিছে ৷ য'ত প্ৰতিদিনে গড় হিচাপত ৪,৯০,০০০ ৰোগী চিনাক্ত কৰা হৈছে ।

আনহাতে ইয়াৰ পূৰ্বৰ সপ্তাহত এই সংখ্যা আছিল ৪,০০,০০০ টা ।

বিশ্ব স্বাস্থ্য সংস্থাৰ সাপ্তাহিক তথ্যৰ পৰা এটা কথা স্পষ্ট যে বিশ্বজুৰি পুনৰ কৰ'ণাৰ দ্ৰুত সংক্ৰমণ আৰম্ভ হৈছে । যোৱা সপ্তাহত ইণ্ডোনেছিয়া, ইংলেণ্ড আৰু ব্ৰাজিল আটাইতকৈ বেছি প্ৰভাৱান্বিত হৈছে ৷ য'ত ক্ৰমান্বয়ে ৩ লাখ ৫০ হাজাৰ ২৭৩ টা , ২ লাখ ৯৪ হাজাৰ ৪৪৭ টা আৰু ২ লাখ ৮৭ হাজাৰ ৬১০ টা নতুন ঘটনা পোহৰলৈ আহিছে ।

বিশ্ব স্বাস্থ্য সংস্থাই সন্দেহ কৰা মতে, যদি ভাইৰাছবিধৰ এই হাৰত সংক্ৰমণ হৈ থাকে, তেন্তে পৰৱৰ্তী তিনি সপ্তাহৰ ভিতৰত বিশ্বজুৰি ক'ভিড ৰোগীৰ সংখ্যা ২০০ নিযুত হ'ব । তদুপৰি, কৰ'ণাত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে । যোৱা সপ্তাহত ৫৭,০০০ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । ইফালে মৃত্যুৰ সংখ্যা চাৰি নিযুতৰো অধিক হোৱাৰ দিশে আগবাঢ়িছে ।

ভাইৰাছৰ প্ৰতিটো প্ৰকাৰেই দ্ৰুত সংক্ৰমণ অব্যাহত ৰাখিছে । ভাইৰাছৰ আলফা প্ৰকাৰটোৱে (Alpha Variant) ১৮০ খন দেশ তথা অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিছে । ইফালে ১৩ খন নতুন দেশ তথা অঞ্চলত ডেল্টা প্ৰকাৰৰ (Delta Variant) ঘটনা পোহৰলৈ আহিছে । উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ডেল্টা প্ৰকাৰটো ৫০ শতাংশ অধিক ট্ৰেন্সমিচিবল । পৰৱৰ্তী কেইমাহমানৰ ভিতৰত ভাইৰাছটো অধিক প্ৰভাৱশালী প্ৰকাৰ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : আগষ্টত আৰক্ষীয়ে দাখিল কৰিব সাগৰ ধনকাৰ হত্যাকাণ্ডৰ প্ৰথমখন অভিযোগনামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.