ETV Bharat / international

বিশ্বৰ বহু শিল্পীয়ে ভাগ ল'ব জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত

author img

By

Published : Jan 14, 2021, 9:07 PM IST

বিশ্বৰ বহু তাৰকাই ভাগ ল'ব জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত
বিশ্বৰ বহু তাৰকাই ভাগ ল'ব জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত

বিশ্বৰ অন্য়তম তাৰকা শিল্পী লেডি গাগাই জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিব । জ' বাইডেনে ৪৬ সংখ্য়ক ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছতে যুৱ প্ৰজন্মৰ মাজত বিখ্য়াত জেনিফাৰ লোপেজে এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

ইন্টাৰনেশ্যনেল ডেস্ক,১৪ জানুৱাৰী : অহা ২০ জানুৱাৰীত হ'ব লগা জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানকলৈ এতিয়া যথেষ্ট পৰিমাণে তৎপৰতা বাঢ়িছে আমেৰিকাত । শপত গ্ৰহণ অনুষ্ঠানত বিশ্বৰ বহু তাৰকাই অংশ ল'ব বুলিও ইতিমধ্য়ে চৰ্চা চলিছে । বিশ্বৰ অন্য়তম তাৰকা শিল্পী লেডি গাগাই জ' বাইডেনৰ শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিব ।

জ' বাইডেনে ৪৬ সংখ্য়ক ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছতে যুৱ প্ৰজন্মৰ মাজত বিখ্য়াত জেনিফাৰ লোপেজে এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইফালে ৯০ মিনিটৰ বিশেষ শপত গ্ৰহণ অনুষ্ঠানৰ আঁত ধৰিব বিশিষ্ট অভিনেতা টম হেঙ্কছে । এই অনুষ্ঠানত শিল্পী জাষ্টিন টিমবাৰলেক, ডেমি লভাটো, এন্ট ক্লেমনছ আৰু ৰক বেণ্ড জ'ন ব'ন জোবিয়েও অংশগ্ৰহণ কৰিব । সমান্তৰালকৈ শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে ।

লগতে পঢ়ক :প্ৰথম বছৰৰ তুলনাত কৰ'ণাৰ দ্বিতীয় বছৰ বেছি কঠিন হ'ব : বিশ্ব স্বাস্থ্য় সংস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.