আন্তৰ্জাতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱস

author img

By

Published : Sep 26, 2021, 12:33 PM IST

International Day for the total elimination of nuclear weapon

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 26 ছেপ্তেম্বৰটো ‘আন্তৰ্জাতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱস’ হিচাপে পালন কৰি আহিছে ৷ এই দিৱসটোৱে বিশ্ব সম্প্ৰদায়ক বিশ্বব্যাপী পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিক অগ্ৰাধিকাৰ হিচাপে পুনৰ নিশ্চিত কৰাৰ এক সুযোগ প্ৰদান কৰে ৷

নিউজ ডেস্ক, 26 ছেপ্তেম্বৰ : বৈশ্বিক পাৰমাণৱিক নিৰস্ত্ৰীকৰণ অৰ্জন কৰাটো ৰাষ্ট্ৰসংঘৰ আটাইতকৈ পুৰণি লক্ষ্য আছিল ৷ 1946 চনত এইটো ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথমটো প্ৰস্তাৱিত বিষয় আছিল, যি বৃহৎ পৰিমাণত ধ্বংসৰ ক্ষমতা ৰখা পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰসমূহৰ লগতে অন্য গুৰুত্বপূৰ্ণ অস্ত্ৰসমূহৰ উপৰিও পাৰমাণৱিক শক্তি আৰু এট’মিক অস্ত্ৰসমূহ নিস্ক্ৰীয়কৰণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ নিৰ্দিষ্ট প্ৰস্তাৱ উত্থাপনৰ বাবে Atomic Energy Commission প্ৰতিষ্ঠা কৰিছিল ৷

তেতিয়াৰ পৰা ই পাৰমাণৱিক নিৰস্ত্ৰীকৰণ ক্ষেত্ৰত বহুতো গুৰুত্বপূৰ্ণ কূটনৈতিক প্ৰচেষ্টাৰ শীৰ্ষত আছে। 1959 চনত, সাধাৰণ সভাই সাধাৰণ আৰু সম্পূৰ্ণ নিৰস্ত্ৰীকৰণৰ উদ্দেশ্যক সমৰ্থন কৰে । 1978 চনত, নিৰস্ত্ৰীকৰণৰ প্ৰতি সমৰ্পিত সাধাৰণ সভাৰ প্ৰথম বিশেষ অধিৱেশনে স্বীকাৰ কৰিছিল যে, নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত পাৰমাণৱিক নিৰস্ত্ৰীকৰণ প্ৰাথমিক উদ্দেশ্য হ'ব লাগে । ৰাষ্ট্ৰসংঘৰ প্ৰতিগৰাকী মহাসচিবে এই লক্ষ্যক সক্ৰিয়ভাৱে প্ৰচাৰ কৰিছে ।

ইয়াৰ পিছতো বৰ্তমানো সমগ্ৰ বিশ্বতে প্ৰায় 13,080 পাৰমাণৱিক অস্ত্ৰ আছে ৷ এই অস্ত্ৰসমূহ ৰখা দেশসমূহৰ হাততো অস্ত্ৰসমূহ আধুনীকিকৰণৰ বাবে সু-প্ৰতিষ্ঠিত, দীৰ্ঘম্যাদী পৰিকল্পনা আছে ৷

যদিও শীতল যুদ্ধৰ পিছত নিয়োজিত পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে , সেই সময়ৰ পৰা চুক্তি অনুসৰি এটাও পাৰমাণৱিক অস্ত্ৰ শাৰিৰীকভাৱে ধ্বংস কৰা হোৱা নাই ৷ ইয়াৰ উপৰিও, বৰ্তমান কোনো পাৰমাণৱিক নিৰস্ত্ৰীকৰণ আলোচনা চলি থকা নাই ।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 26 ছেপ্তেম্বৰটো ‘আন্তৰ্জাতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱস’ হিচাপে পালন কৰি আহিছে৷ এই দিৱসটোৱে বিশ্ব সম্প্ৰদায়ক বিশ্বব্যাপী পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিক অগ্ৰাধিকাৰ হিচাপে পুনৰ নিশ্চিত কৰাৰ এক সুযোগ প্ৰদান কৰে ৷

সাধাৰণ সভাৰ প্ৰস্তাৱ 68/32 আৰু পৰৱৰ্তী প্ৰস্তাৱ অনুসৰি, আন্তৰ্জাতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱসৰ উদ্দেশ্য হৈছে পাৰমাণৱিক অস্ত্ৰৰ দ্বাৰা মানৱতাৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি আৰু সেইবোৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসজাগতা আৰু শিক্ষা বৃদ্ধিৰ জৰিয়তে পাৰমাণৱিক অস্ত্ৰৰ সম্পূৰ্ণ বিলুপ্তিৰ উদ্দেশ্যক আগবঢ়োৱা । এই কাৰ্যকলাপবোৰে পাৰমাণৱিক অস্ত্ৰ-মুক্ত বিশ্বৰ উমৈহতীয়া লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত নতুন আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা সংগ্ৰহ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে ।

আন্তৰ্জাতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱসৰ ইতিহাস :

2013 চনৰ 26 ছেপ্তেম্বৰত নিউয়ৰ্কত অনুষ্ঠিত পাৰমাণৱিক নিৰস্ত্ৰীকৰণ সম্পৰ্কীয় সাধাৰণ সভাৰ উচ্চ-পৰ্যায়ৰ বৈঠকৰ follow up হিচাপে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 2013 চনৰ ডিচেম্বৰত ইয়াৰ 68/32 প্ৰস্তাৱত আন্তৰ্জাতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱসৰ ঘোষণা কৰে ৷

২০১৪ চনৰ পৰা প্ৰতি বছৰে পাৰমাণৱিক অস্ত্ৰৰ সম্পূৰ্ণ নিৰ্মূলৰ বাবে আন্তৰ্জাতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মূল দিৱস পালন কৰা হয় । সাধাৰণ সভাৰ প্ৰস্তাৱ অনুসৰি এই দিৱসটোত সদস্য ৰাষ্ট্ৰসমূহ, ৰাষ্ট্ৰসংঘৰ ব্যৱস্থা আৰু নাগৰিক সমাজক পাৰমাণৱিক অস্ত্ৰৰ দ্বাৰা মানৱতাৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি আৰু তেওঁলোকৰ সম্পূৰ্ণ বিলুপ্তিৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা আৰু শিক্ষা বৃদ্ধিৰ জৰিয়তে আন্তৰ্জাতিক দিৱসক স্মৰণ আৰু প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰা হয় ।

গুৰুত্বপূৰ্ণ পৰিঘটনাসমূহ-

1945

দুটাকৈ পাৰমাণৱিক বোমাই হিৰোশ্বিমা আৰু নাগাচাকি চহৰক ধ্বংস কৰাৰ লগতে এই আক্ৰমণত 2,13,000 লোক থিতাতে নিহত হয় ৷

1946

ৰাষ্ট্ৰসংঘৰ সধাৰণ সভাই ইয়াৰ প্ৰথম প্ৰস্তাৱত পাৰমাণৱিক নিৰস্ত্ৰীকৰণক ৰাষ্ট্ৰসংঘৰ এক আগশাৰীৰ লক্ষ্য হিচাপে চিনাক্ত কৰে ৷

1963

বায়ুমণ্ডলত, বাহিৰৰ মহাকাশ আৰু পানীৰ তলত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধ কৰা চুক্তি, যাক আংশিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি বুলিও কোৱা হয়, স্বাক্ষৰৰ বাবে মুকলি কৰা হয় । ছোভিয়েট ইউনিয়ন, যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বহু বছৰ ধৰি চলি থকা আলোচনাক ১৯৬২ চনত কিউবান মিছাইল সংকট (Cuban Missile Crisis)ৰ দ্বাৰা একতাৎক্ষণিকতা প্ৰদান কৰা হয় ৷

1967

পাৰমাণৱিক অস্ত্ৰৰ দৌৰ আৰু ১৯৬২ চনৰ কিউবান মিছাইল সংকটে লেটিন আমেৰিকাৰ চৰকাৰসমূহক লেটিন আমেৰিকা আৰু কেৰিবিয়ান (ট্ৰেটলোলকোৰ চুক্তি)ত পাৰমাণৱিক অস্ত্ৰ প্ৰতিৰোধ চুক্তিৰ আলোচনা কৰিবলৈ প্ৰেৰিত কৰে ৷ ইয়াৰ দ্বাৰা এক উচ্চ জনবসতিপূৰ্ণ এলেকাত প্ৰথম পাৰমাণৱিক অস্ত্ৰমুক্ত অঞ্চল স্থাপন কৰা হয় ।

1978

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিৰস্ত্ৰীকৰণৰ প্ৰতি সমৰ্পিত ইয়াৰ প্ৰথম বিশেষ অধিৱেশন অনুষ্ঠিত কৰে । চূড়ান্ত দস্তাবেজত, সদস্য ৰাষ্ট্ৰসমূহে নিশ্চিত কৰিছিল যে তেওঁলোকৰ উমৈহতীয়া উদ্দেশ্য হৈছে "কাৰ্যকৰী আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণৰ অধীনত সাধাৰণ আৰু সম্পূৰ্ণ নিৰস্ত্ৰীকৰণ" আৰু "পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ কাৰ্যকৰী পদক্ষেপ আৰু পাৰমাণৱিক যুদ্ধ প্ৰতিৰোধৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ"

1985

দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চল দ্বিতীয় পাৰমাণৱিক অস্ত্ৰমুক্ত অঞ্চল (ৰাৰোটংগা চুক্তি) হিচাপে পৰিগণিত হয় ৷

1991

দক্ষিণ আফ্ৰিকাই স্বেচ্ছাই ইয়াৰ পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচী ত্যাগ কৰে ৷

1992

কৌশলগত অস্ত্ৰ হ্ৰাস চুক্তিৰ (ষ্টাৰ্ট 1) (Strategic Arms Reduction Treaty) লিছবন প্ৰটোকলৰ দ্বাৰা, বেলাৰুছ, কাজাখস্তান আৰু ইউক্ৰেইনে ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পিছত স্বেচ্ছাই তেওঁলোকৰ দখলত থকা পাৰমাণৱিক অস্ত্ৰ ত্যাগ কৰে ৷

1995

দক্ষিণ-পূৱ এছিয়া তৃতীয় পাৰমাণৱিক অস্ত্ৰমুক্ত অঞ্চল (বেংকক চুক্তি) হিচাপে পৰিগণিত হয় ৷

1996

আফ্ৰিকা চতুৰ্থ পাৰমাণৱিক অস্ত্ৰমুক্ত অঞ্চল (পেলিন্দাবা চুক্তি) হৈ পৰে ৷ সামগ্ৰিক পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি (The Comprehensive Nuclear-Test-Ban Treaty) স্বাক্ষৰৰ বাবে মুকলি কৰা হয় ৷

2006

মধ্য এছিয়া পঞ্চম পাৰমাণৱিক অস্ত্ৰমুক্ত অঞ্চল (মধ্য এছিয়াৰ পাৰমাণৱিক-অস্ত্ৰ-মুক্ত অঞ্চলৰ চুক্তি) হচাপে পৰিগণিত হয় ৷

2008

ৰাষ্ট্ৰসংঘৰ মহাসচিব বেন কি মুনে পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ দিশত তেওঁৰ পাঁচ দফীয়া পৰিকল্পনা ঘোষণা কৰে ৷

2013

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই পাৰমাণৱিক নিৰস্ত্ৰীকৰণ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে । সাধাৰণ সভাই ইয়াৰ প্ৰস্তাৱ 68/32-ৰ জৰিয়তে ঘোষণা কৰে যে 26 ছেপ্টেম্বৰ আন্তৰ্জাতিক পাৰমাণৱিক অস্ত্ৰ নিৰ্মূলৰ বাবে আন্তৰ্জাতিক দিৱস হিচাপে পালন কৰা হ'ব ৷

2016

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই, 70/33 প্ৰস্তাৱ অনুসৰি, বহুপাক্ষিক পাৰমাণৱিক নিৰস্ত্ৰীকৰণ আলোচনা আগবঢ়োৱাৰ ক্ষেত্ৰত এটা দ্বিতীয় মুক্ত কাৰ্যকৰী গোট আহ্বান কৰে ।

2017

7 জুলাইত, পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধকৰণ চুক্তি (Treaty on the Prohibition of Nuclear Weapons) গৃহীত হয় । ২০ বছৰত আলোচনা কৰা পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ বাবে ই হৈছে প্ৰথম বহুপাক্ষিক আইনীভাৱে বাধ্যতামূলক সঁজুলি ৷

2018

ৰাষ্ট্ৰসংঘৰ মহাসচিবে "আমাৰ উমৈহতীয়া ভৱিষ্যত সুৰক্ষিত কৰা: নিৰস্ত্ৰীকৰণৰ বাবে এক কাৰ্যসূচী" আৰম্ভ কৰে । কাৰ্যসূচীত "মানৱতা বচাবলৈ নিৰস্ত্ৰীকৰণ"ৰ পৰিকাঠামোত পাৰমাণৱিক অস্ত্ৰ বিলোপক সম্বোধন কৰা হয় ।

2020

পাৰমাণৱিক অস্ত্ৰৰ অপ্ৰসাৰণৰ ক্ষেত্ৰত চুক্তি বলৱৎ হোৱাৰ পঞ্চাশতম বাৰ্ষিকী

2021

22 জানুৱাৰীত পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধকৰণ চুক্তিৰ প্ৰৱেশ । 3 ফেব্ৰুৱাৰীত, পক্ষবোৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়ান ফেডাৰেচনৰ মাজত কৌশলগত আক্ৰমণাত্মক অস্ত্ৰৰ অধিক হ্ৰাস আৰু সীমাৱদ্ধতাৰ বাবে ব্যৱস্থাৰ চুক্তি 2026 চনৰ 4 ফেব্ৰুৱাৰীলৈ সম্প্ৰসাৰিত কৰিবলৈ সন্মত হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.