1998 চনৰ 4 ছেপ্তেম্বৰতে কোম্পানী হিচাপে নাম ৰেজিষ্টাৰ কৰিছিল Google এ

author img

By

Published : Sep 4, 2021, 1:40 PM IST

NAT-HN-google registered as company on 4 September 1998-02-09-2021-desk

বৰ্তমান সময়ত যেন চাৰ্চ ইঞ্জিন গুগলৰ সহায় অবিহনে যিকোনো তথ্য বিচাৰি উলিওৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছে আমাৰ বাবে ৷ যিকোনো বিষয় সন্দৰ্ভত আপোনাক যিয়েই তথ্যৰ প্ৰয়োজন হয় সেই সকলো উপলব্ধ Google ত ৷ কিন্তু Google আৰম্ভণি কেনেদৰে হৈছিল সেয়া আপুনি জানেনে ? প্ৰথমে গৱেষণাৰ বিষয় হিচাপেহে আৰম্ভ হৈছিল Google ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 4 ছেপ্তেম্বৰ : আনুষ্ঠানিকভাৱে Google এ নিজৰ জন্মদিন 27 ছেপ্তেম্বৰত পালন কৰে যদিও এটি প্ৰতিষ্ঠান হিচাপে ইয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল 1998 চনৰ আজিৰ দিনটোতে ৷ সেই বছৰেই ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰ লেৰী পেজ আৰু সৰ্গেই ব্ৰিনে নিজৰ গৱেষণা পত্ৰ জমা দিছিল ৷

NAT-HN-google registered as company on 4 September 1998-02-09-2021-desk
লেৰী পেজ আৰু সৰ্গেই ব্ৰিন

Google ৰ আৰম্ভণি গৱেষণা প্ৰজেক্ট হিচাপে হৈছিল ৷ গৱেষণা পত্ৰত তেওঁলোকে লিখিছিল যে, তেওঁলোকে এটি চাৰ্চ ইঞ্জিন প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰিছে ৷ ইয়াৰ ব্যৱহাৰ বৃহদাকাৰত চাৰ্চ ইঞ্জিন হিচাপে কৰিব পৰা যাব ৷ তেওঁলোকে ইয়াৰ উদ্দেশ্য বাখ্যা কৰিছিল ‘বিশ্বৰ সকলো তথ্য একত্ৰিত কৰি সকলোৰে বাবে উপলব্ধ কৰা’ ৷

সেই সময়ত তেওঁলোকৰ চাৰ্চ ইঞ্জিনটোৱে WWW (World Wide Web)ত ভিন ভিন পেজক নিৰ্ধাৰণ কৰাৰ বাবে এটি লিংকৰ ব্যৱহাৰ কৰিছিল ৷

NAT-HN-google registered as company on 4 September 1998-02-09-2021-desk
বেকৰাব চাৰ্চ ইঞ্জিন

লেৰী আৰু সৰ্গেয়ে google.stanford.eduadressত নিজৰ নিজৰ ইণ্টাৰনেট চাৰ্চ ইঞ্জিন প্ৰস্তুত কৰিছিল ৷ অৱশ্যে সেই সময় ইয়াৰ নাম Google নাছিল ৷ ইয়াৰ পৰিৱৰ্তে চাৰ্চ ইঞ্জিনটোৰ নাম আছিল ‘বেকৰাব’ (Backrub) ৷ পৰৱৰ্তী সময়ত ইয়াৰ নাম সলনি কৰি Google ৰখা হয় ৷ এই চাৰ্চ ইঞ্জিনটোৰ নাম Google ৰখাৰ পিছত আছে গণিতৰ শব্দ ‘Googol’ ৷

লগতে পঢ়ক : World Photography Day: ফটোগ্ৰাফী হৈছে পৰ্যবেক্ষণৰ এক কলা

‘Googol’ শব্দটোৰ অৰ্থ হ’ল 1ৰ পিছত 100 টা শূন্য ৷ 15 ছেপ্তেম্বৰ 1995 ত তেওঁলোকে google.com ৰ ডোমেন ৰিষ্টাৰ্ট কৰে ৷ 1998 চনৰ 4 ছেপ্তেম্বৰত Google ক কোম্পানী হিচাপে ৰেজিষ্টাৰ কৰা হয় ৷ একেটা বছৰতে লেৰী আৰু সৰ্গেই ক SUN ৰ সহ-সংস্থাপক এণ্ডী বেকতোলশাইমে এক লাখ ডলাৰৰ আৰ্থিক সাহায্য প্ৰদান কৰিছিল ৷

NAT-HN-google registered as company on 4 September 1998-02-09-2021-desk
হায়দৰাবাদস্থিত Google কাৰ্যালয়

ইয়াৰ পিছতে Google ৰ নাম googleinc হয় ৷ এই ধনৰাশিৰ দ্বাৰাই কেলিফোৰ্ণিয়াত Google ৰ কাৰ্যালয় স্থাপন হয় ৷ এই কাৰ্যালয়টোৰ নাম Google Plex ৰখা হয় ৷ বৰ্তমান সময়ত Google 100 তকৈও অধিক ভাষাত অপাৰেট কৰা হয় ৷ মিডিয়া ৰিপ’ৰ্ট অনুসৰি Google পৃথিৱীৰ চাৰিটা সৰ্ববৃহৎ কোম্পানীৰ ভিতৰত অন্যতম ৷ Amazon, Facebook, Apple ৰ লগতে Google ৰো নাম আহে ৷

Google ৰ মাতৃ কোম্পানীৰ নাম Alphabet ৷ ইয়াৰ ভেল্যু হ’ল 137 বিলিয়ন ডলাৰ ৷ 2011 চনত Google 1 বিলিয়ন ব্যৱহাৰকাৰী চাইটত পৰিণত হয় ৷ চাৰ্চ ইঞ্জিনৰ উপৰিও Google ৰ অন্য সুবিধাসমূহৰ ভিতৰত আছে Gmail, Google Plus, Google Chrome Browser তথা ফোন সেৱা ৷

লগতে পঢ়ক : world letter writing day: চিঠি লিখা কলাক জীয়াই ৰখাৰ প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.