COVID-19 ক লৈ কঠোৰ Facebook: বন্ধ কৰিলে উৰা বাতৰি প্ৰচাৰ কৰা পেজ

author img

By

Published : Sep 6, 2021, 5:17 PM IST

Updated : Sep 6, 2021, 5:52 PM IST

facebook taking action against pages for spreading covid rumours

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে ইউটিউব, টুইটাৰ, ফেচবুক আৰু গুগলৰ দৰে কোম্পানীবোৰক কৰ’ণাৰ সন্দৰ্ভত ভুল তথ্য বিয়পাটো বন্ধ কৰিবলৈ আহ্বান জনাইছিল ৷ ইয়াৰ পিছতেই এতিয়া ক’ভিড ভেকছিন সন্দৰ্ভত উৰা বাতৰি প্ৰচাৰ কৰা তিনি ডজন এনে পেজ বন্ধ কৰিছে ফেচবুকে ৷

নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ : কৰ’ণা মহামাৰীৰ আৰম্ভণিৰ পৰাই বহু উৰাবাতৰি দ্ৰুতগতিত বিয়পিবলৈ যিধৰণে আৰম্ভ কৰিছিল, বৰ্তমানেও সেই ধাৰা অব্যাহাত আছে । প্ৰায় প্ৰতি দিনেই কৰ’ণা ভাইৰাছৰ বিষয়ে ভুল তথ্য অথবা ইয়াৰ ভেকছিনৰ বিৰুদ্ধে উৰাবাতৰি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে । ফেচবুক, টুইটাৰ আৰু গুগলৰ দৰে প্ৰসিদ্ধ কোম্পেনী সমূহেও এই ভুৱা তথ্যৰ বিৰুদ্ধে যুঁজিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আছে ৷

কিন্তু এতিয়াও সেইয়া সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই ৷ সম্প্ৰতি ফেচবুকে বহু এনে ফেচবুক পেজ বন্ধ কৰিছে, যিয়ে কৰ’ণা ভেকছিনৰ বিষয়ে মিছা তথ্য শ্বেয়াৰ কৰে । মাত্ৰ কেইদিনমান আগতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে ইউটিউব, টুইটাৰ, ফেচবুক আৰু গুগলৰ দৰে কোম্পানীবোৰক কৰ’ণাৰ ভুল তথ্য বিয়পাটো বন্ধ কৰিবলৈ আহ্বান জনাইছিল ৷

শেহতীয়াকৈ, চেণ্টাৰ ফৰ কাউণ্টাৰিং ডিজিটেল হেট ( Center for Countering Digital Hate)য়ে 12 টা এনে ফেচবুক পেজ চিনাক্ত কৰিছিল, যিবোৰে ভেকছিনৰ বিষয়ে নিৰন্তৰভাৱে ভুল আৰু মিছা তথ্য শ্বেয়াৰ কৰি আহিছিল । CCDHৰ প্ৰতিবেদনটোৰ পিছতে ফেচবুকে জনাইছিল যে, ভেকছিনৰ বিষয়ে বিভ্ৰান্তিকৰ তথ্য শ্বেয়াৰ কৰা তিনি ডজন পেজ ইতিমধ্যে ফেচবুকৰ তৰফৰ পৰা বন্ধ কৰা হৈছে ।

উল্লেখযোগ্য যে, ইয়াৰে কিছুমান একাউণ্ট ইনষ্টাগ্ৰামৰ পৰাও আছিল । ফেচবুকৰ মতে, এই তিনি ডজন পেজ 12 জন লোকে পৰিচালনা কৰিছিল, যাৰ বিৰুদ্ধে সম্প্ৰতি ব্যৱস্থা গ্ৰহণ কৰা হৈছে । শেহতীয়াকৈ, ভেকছিনৰ বিষয়ে ছ'চিয়েল মিডিয়াত বহু ভুৱা তথ্য সম্বলিত পোষ্ট শ্বেয়াৰ কৰা হৈছিল ৷ এনেকুৱা এটা পোষ্টত দাবী কৰা হৈছিল যে, ক’ভিডৰ ভেকছিনে মহিলাৰ প্ৰজনন ক্ষমতাক ক্ষতিগ্ৰস্ত কৰে ।

লগতে পঢ়ক : অৱশেষত ভাৰতলৈ উভতি আহিব ছলমান ৰুশ্বদী

Last Updated :Sep 6, 2021, 5:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.