9/11 ট্ৰেজেডীৰ 20 তম বাৰ্ষিকী উদযাপনৰ বাবে সাজু জ' বাইডেন

author img

By

Published : Sep 5, 2021, 1:20 PM IST

Biden to mark 20th anniversary of 9/11 at 3 memorial sites

9/11 ট্ৰেজেডী(9/11 attacks)ৰ 20 তম বাৰ্ষিকী উপলক্ষে ঘটনাত নিহত হোৱা প্ৰায় 3000 লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে ৷ এই উপলক্ষে ৰাষ্ট্ৰপতি জ' বাইডেনে ১১ ছেপ্তেম্বৰৰ আক্ৰমণৰ তিনিওটা স্মাৰক স্থান পৰিদৰ্শন কৰিব ৷

ইণ্টাৰনেশ্যনেল ডেস্ক , 5 ছেপ্তেম্বৰ : 9/11 ট্ৰেজেডী( 9/11 attacks)ৰ 20 তম বাৰ্ষিকী উপলক্ষে সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে তিনিওটা স্মাৰক স্থান পৰিদৰ্শন কৰিব ৷ ঘটনাত নিহত হোৱা প্ৰায় 3000 লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ১১ ছেপ্তেম্বৰৰ আক্ৰমণৰ তিনিওটা স্মাৰক স্থান পৰিদৰ্শন কৰিব ৷

New York চহৰৰ ground zero, Pentagon আৰু Pennsylvaniaৰ Shanksvilleৰ বাহিৰৰ স্মাৰকস্থলী ৰাষ্ট্ৰপতি বাইডেনে পৰিদৰ্শন কৰিব ৷ শনিবাৰে White Houseএ এই কথা সদৰী কৰে ৷ Pentagon ত ৰাষ্ট্ৰপতি জ' বাইডেনক যোগদান কৰাৰ পূৰ্বে অন্য এক পৃথক অনুষ্ঠানৰ বাবে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ(Kamala Harris)এ Pennsylvaniaৰ Shanksville ভ্ৰমণ কৰিব ৷

উল্লেখ্য যে, এই আক্ৰমণৰ ঘটনাৰ 10তম বাৰ্ষিকী উপলক্ষে 2011 চনত তেতিয়াৰ ৰাষ্ট্ৰপতি বাৰাক অবামা(Barack Obama)ই অনুসৰণ কৰা ভ্ৰমণসূচীৰ সৈতে এইবাৰ বাইডেনৰ ভ্ৰমণসূচী একে ৷

শনিবাৰে অনুষ্ঠিত হ'বলগীয়া বাৰ্ষিক অনুষ্ঠানৰ দিনটোত আফগানিস্তানত প্ৰায় দুই দশক ধৰি চলি থকা আমেৰিকা যুদ্ধৰ সমাপ্তিয়ে প্ৰায় দুই সপ্তাহ সম্পূৰ্ণ কৰিব ৷ ৯/১১ ৰ আক্ৰমণৰ কেইসপ্তাহমান পিছতে al-Qaida ৰ ষড়যন্ত্ৰকাৰী(al-Qaida plotters) আৰু তালিবানৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ আমেৰিকাই এই যুদ্ধ আৰম্ভ কৰিছিল ৷

লগতে পঢ়ক : আমেৰিকাই ল'লে প্ৰতিশোধ : আফগানিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এয়াৰ ষ্ট্ৰাইক

এই সংঘৰ্ষৰ সমাপ্তিৰ বাবে বাইডেনে ৰাইজৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য আৰু সহযোগী আফগানসকল(chaotic evacuation of U.S. troops and allied Afghans)ক বিশৃংখলভাৱে স্থানান্তৰ কৰাৰ বাবে আগষ্টৰ অন্তিম দুটা সপ্তাহত যথেষ্ট সমালোচনাৰ সন্মুখীন হোৱা দেখা গৈছে ৷

উল্লেখ্য যে, শুকুৰবাৰে বাইডেনে ১১ ছেপ্টেম্বৰৰ আক্ৰমণ সম্পৰ্কীয় কিছুমান নথিপত্ৰ ৰদ(declassification of certain documents) কৰাৰ নিৰ্দেশ দিছিল ৷ কেনেধৰণৰ শ্ৰেণীবদ্ধ তথ্য ৰাজহুৱা কৰিব পাৰি তাক লৈ যে চৰকাৰ আৰু পৰিয়ালৰ লোকসকলৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে সেই কথা বিগত মাহত স্পষ্ট হৈ পৰিছিল ৷

নথিপত্ৰসমূহ শ্ৰেণীবদ্ধ হৈ নাথাকিলে 9/11 স্মাৰক অনুষ্ঠানত বাইডেনৰ অংশগ্ৰহণ(Biden's participation in 9/11 memorial events)ত আপত্তি দৰ্শোৱা হ'ব বুলি 9/11 আক্ৰমণত নিহতৰ আত্মীয়, আক্ৰমণৰ পৰা ৰক্ষা পৰা জীৱিত লোক আৰু অন্যান্য লোকসকলে মন্তব্য প্ৰকাশ কৰাৰ পাচতে এই কথা স্পষ্ট হৈ পৰিছিল ৷

লগতে পঢ়ক : পঞ্জশিৰত ৰেজিষ্টেন্স ফ’ৰ্চৰ আক্ৰমণত নিহত 600 তালিবানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.