ETV Bharat / international

এক নতুন কাৰ্য পন্থাৰে আগবাঢ়িছে মাৰ্কিন যুক্তৰাষ্ট্ৰ

author img

By

Published : Mar 10, 2021, 2:51 PM IST

এক নতুন কাৰ্য পন্থাৰে আগবাঢ়িছে মাৰ্কিন যুক্তৰাষ্ট্ৰ
এক নতুন কাৰ্য পন্থাৰে আগবাঢ়িছে মাৰ্কিন যুক্তৰাষ্ট্ৰ

চীনে শেহতীয়াকৈ উন্নয়নৰ দিশে আগবাঢ়িবলৈ ধৰিছে ৷ চীনেই হৈছে একমাত্ৰ প্ৰতিযোগী যাৰ হাতত এক মুক্ত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি এক নিৰন্তৰ প্ৰত্যাহ্বান জনাব পৰাকৈ অৰ্থনৈতিক, কূটনৈতিক, সামৰিক আৰু প্ৰযুক্তিবিদ্যাৰ সক্ষমতা আছে । আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান্তৰালভাৱে চীনেও শীৰ্ষ স্থান দখল কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷ তথাপিও আমেৰিকাই নিজৰ সামৰিক আৰু অৰ্থনৈতিক শক্তিৰ বাবে এতিয়াও বিশ্বৰ মহাশক্তিৰ স্থানত অধিষ্ঠিত হৈ আছে ৷

ইতিমধ্যে, একাধিক সংকটপূৰ্ণ বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰৰ তদানীন্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জ্বলা জুইত ঘিউ ঢলাৰ দৰে লোৱা কেতবোৰ একপক্ষীয় সিদ্ধান্তবোৰৰ বাবে বহু বিতৰ্কৰ সৃষ্টি হৈছিল ৷ পূৰ্বৱৰ্তী ৰাষ্ট্ৰপতিসকলৰ পদানুকৰণ নকৰি বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে তেওঁৰ শপত গ্ৰহণৰ সময়ত প্ৰদান কৰা অভিভাষণত কয় যে "আমি কেৱল পাৰ হৈ যোৱাই নহয় বৰঞ্চ আহিবলগীয়া প্ৰত্যাহ্বানবোৰৰ সৈতে যুঁজিবলৈ আমি আমাৰ সহযোগীসকলৰ সৈতে পুনৰ সম্পৰ্ক স্থাপন কৰিম আৰু পুনৰবাৰ বিশ্বৰ সৈতে সংযুক্ত হ’ম" ৷ আনকি ৰাষ্ট্ৰীয় সুৰক্ষা ৰণনীতি ঘোষণা কৰাৰ পূৰ্বেও বাইডেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সকলো বিভাগৰ বাবে দিক নিৰ্দেশক হিচাপে সেৱা আগবঢ়াবলগীয়া তেওঁৰ দৃষ্টিভংগী উল্লেখ কৰিছিল ৷ ড’নাল্ড ট্ৰাম্পৰ 'আমেৰিকা ফাৰ্ষ্ট'ৰ দৰে আৱেগিক শ্ল’গানৰ সহায় লোৱাৰ পৰিৱৰ্তে প্ৰাথমিক চৰ্ত, ‘অৰ্থনৈতিক সুৰক্ষাই হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা’ নীতিৰ ওপৰতহে বাইডেনৰ লক্ষ্য নিৰূপিত কৰা হৈছে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনৰ নাগৰিকসকলৰ সুৰক্ষাৰ বিষয়ে অৱগত কৰাৰ পূৰ্বে তেওঁলোকৰ স্পষ্ট মূল্যবোধসমূহক কাৰ্যকৰীকৰণ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাত এক নতুন প্ৰৱণতা দেখিবলৈ পোৱা গৈছে ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সৈন্য বাহিনীক আধুনিকীকৰণ কৰিবলৈ যি প্ৰয়াস হাতত লৈছে তাৰ সমান্তৰালকৈ প্ৰথমে কূটনৈতিক নীতি ব্যৱহাৰ কৰাৰহে সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহত নিজৰ স্থিতি পুনৰুদ্ধাৰ কৰিবলৈ তথা পৰম্পৰাগত সহযোগীসকলৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিবলৈ লোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সিদ্ধান্তত এক ন প্ৰৱণতা দেখিবলৈ পোৱা গৈছে ৷

উত্তৰ কোৰিয়াৰ সৈতে যি ধৰণেৰে সম্পৰ্ক ৰক্ষা কৰি চলিছে তাৰ পৰা আৰম্ভ কৰি ক’ভিড-১৯ নিয়ন্ত্ৰণ কৰালৈকে, ইৰাণৰ সৈতে বহুপাক্ষিক চুক্তিসমূহৰ পৰা নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ লগতে পেৰিচ চুক্তিলৈকে ট্ৰাম্পে একপক্ষীয় পথ অৱলম্বন কৰিছিল ৷ ট্ৰাম্পে তেওঁৰ ৰাজনীতিৰে নিজৰ দেশতে এক সামাজিক অৰাজকতাৰ সৃষ্টি কৰিছিল ৷ গণতান্ত্ৰিক স্বাধীনতা, শান্তি, সমৃদ্ধি আৰু ব্যক্তিগত সন্মানৰ বাবে যে গুৰুত্বপূৰ্ণ তাৰ ওপৰত গুৰুত্ব দি ট্ৰাম্পে অনুসৰণ কৰা ‘জ্যেষ্ঠ ভাতৃত্ব’ৰ পথক অনুকৰণ নকৰি এক বয়স্ক পৰিপক্কতাৰ পথ অনুকৰণ কৰিছে বাইডেনে ৷

বাইডেনে কৈছে যে 'বিশেষকৈ চীনে শেহতীয়াকৈ উন্নয়নৰ দিশে আগবাঢ়িবলৈ ধৰিছে ৷ চীনেই হৈছে একমাত্ৰ প্ৰতিযোগী যাৰ হাতত এক মুক্ত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি এক নিৰন্তৰ প্ৰত্যাহ্বান জনাব পৰাকৈ অৰ্থনৈতিক, কূটনৈতিক, সামৰিক আৰু প্ৰযুক্তিবিদ্যাৰ সক্ষমতা আছে‘ ৷

চীনৰ চৰকাৰী ‘গ্ল’ৱেল টাইমছ‘ৰ মুখপাত্ৰই বেইজিঙৰ সৈতে থকা ৰণনীতিমূলক সংঘাতৰ বিষয়ে উল্লেখ কৰি কয় যে চীনৰ সৈতে সহযোগিতাৰে আগবাঢ়িবলৈ বাইডেনে এক চুক্তি স্বাক্ষৰ কৰিছে আৰু সেই স্থিতিক চীনে আদৰণি জনাইছে ৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান্তৰালভাৱে চীনেও শীৰ্ষ স্থান দখল কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷ তথাপিও আমেৰিকাই নিজৰ সামৰিক আৰু অৰ্থনৈতিক শক্তিৰ বাবে এতিয়াও বিশ্বৰ মহাশক্তিৰ স্থানত অধিষ্ঠিত হৈ আছে ৷

বাইডেনে নিশ্চিত কৰা অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰে মহামাৰী, জলবায়ু সমস্যা, চাইবাৰ ক্ৰাইম, সন্ত্ৰাসবাদ আৰু আন হিংসাত্মক কাৰ্যসমূহ স্বয়ংপূৰ্ণভাৱে সমাধান কৰিব পৰা ক্ষমতা অন্য কোনো দেশৰ নাই ৷ পেৰিচ চুক্তি আৰু বিশ্ব স্বাস্থ্য সন্থাত পুনৰ যোগদানেৰে বাইডেনে এক ইতিবাচক মত ব্যক্ত কৰিছে ৷ লগতে তেওঁ কয় যে, আন্তঃৰাষ্ট্ৰীয় মঞ্চক পুনৰুজ্জীৱিত তথা সুদৃঢ় কৰিবলৈ বন্ধুতপূৰ্ণ তথা সহযোগী দেশসমূহৰ সৈতে হাতে হাত ধৰি সহযোগিতাৰে আগুৱাই গৈ শতিকাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ওপৰত গুৰুত্ব দিয়ে দেশখনে ৷ বাইডেনে কয় যে, যদি গণতান্ত্ৰিক দেশসমূহৰ সমিতিসমূহ একত্ৰিত হয় আৰু শক্তিশালী আন্তঃৰাষ্ট্ৰীয় নীতি গঠন কৰে তেন্তে চীনৰ দৰে দেশকো উত্তৰ দিব পাৰিব ৷ তেওঁ ভাৰতবৰ্ষৰ সৈতে থকা সম্পৰ্ক সুদৃঢ় কৰাৰ বাবেও মতপোষণ কৰে ৷

২০০৬ চনত বাইডেনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষৰ ভৱিষ্যতৰ সম্পৰ্কৰ বাবে নিজৰ দৃষ্টিভংগী ঘোষণা কৰিছিল ৷ তেওঁ কৈছিল 'মোৰ সপোন হ’ল যে ২০২০ চনত বিশ্বৰ আটাইতকৈ নিকটতম ৰাষ্ট্ৰ দুখন হ’বগৈ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ' ৷ তাৰোপৰি বাইডেনে কয় যে, যদিহে দুয়োখন দেশ সহযোগিতাৰে আগনাবাঢ়ে তেন্তে আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানসমূহ সমাধান কৰিব পৰা নাযাব ৷

বাইডেনৰ প্ৰশাসনত উপ-ৰাষ্ট্ৰপতি পদকে ধৰি ৫০ টা বিভিন্ন গুৰুত্বপূৰ্ণ পদত ভাৰতীয় মূলৰ ব্যক্তিক নিযুক্তি দিছে ৷ ততস্বত্বেও তেওঁ ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ আৰু অধিক কাৰ্যপন্থা হাতত ল’ব লাগিব বুলি মন্তব্য কৰে ৷ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনক প্ৰতিহত কৰাৰ উদ্দেশ্যেৰে ভাৰতবৰ্ষৰ সৈতে ৰণনীতিমূলক সহযোগিতা পালন কৰাৰ পৰিৱৰ্তে বাইডেনে ভাৰতলৈ গুৰুত্বপূৰ্ণ প্ৰযুক্তিবিদ্যা হস্তান্তৰ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা উচিত বুলিও মন্তব্য কৰে ।

বিশ্বৰ মহাশক্তিৰ সৈতে সহযোগিতাৰে আগুৱালেহে বিশ্বত শান্তি আৰু সমৃদ্ধিয়ে বিৰাজ কৰিব । তাৰবাবে বাইডেনে কিমানখিনি কাৰ্যক্ৰমণিকা আগবঢ়াব পাৰিব তাৰ ওপৰতহে তেওঁৰ লক্ষ্যৰ সফলতা নিৰ্ধাৰণ হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.