ETV Bharat / international

361 তালিবানী বন্দীক মুক্তি আফগানিস্তান চৰকাৰৰ

author img

By

Published : Apr 13, 2020, 8:49 PM IST

আফগানিস্তান চৰকাৰে মুক্তি দিলে 361 তালিবানী বন্দীক ৷ আমেৰিকা-তালিবান শান্তি চুক্তিৰ অধীনত মুক্তি দিয়া হয় 361 তালিবানী বন্দীক ৷

আমেৰিকা-তালিবান শান্তি চুক্তি
361 তালিবানী বন্দীক মুক্তি আফগানিস্তান চৰকাৰৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 13 এপ্ৰিল : 18 বছৰ পুৰণি যুদ্ধৰ অন্ত পেলোৱাৰ উদ্দেশ্যে আমেৰিকা-তালিবান শান্তি চুক্তিৰ অধীনত আফগানিস্তান চৰকাৰে 5000 বন্দীৰ মাজৰ 361 জন তালিবানী বন্দীক মুক্তি প্ৰদান কৰিছে ৷ আনহাতে, দেওবাৰে তালিবানেও মুক্তি প্ৰদান কৰে 20 আফগান বন্দীক ৷

আফগান ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুখপাত্ৰ জাভিদ ফেইজলে কাবুলত স্থানীয় সংবাদ মাধ্যমৰ আগত কয় যে, চৰকাৰে ইতিমধ্যেই 361 তালিবানী বন্দীক মুক্তি প্ৰদান কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত 1,500 সদস্যক মুক্ত কৰিব ৷

আফগানত অনুষ্ঠিত হ'বলগা অন্য এক শান্তি চুক্তিৰ পূৰ্বে আমেৰিকা-তালিবান শান্তি চুক্তিৰ অধীনত 5000 তালিবানীক মুক্তি দিয়াৰ কথা আছিল যদিও বৰ্তমানলৈকে সেয়া হৈ উঠা নাই ৷

সূত্ৰই জানিবলৈ দিয়া অনুসৰি, কান্দাহাৰৰ দক্ষিণ অঞ্চলৰ পৰা মুক্তি প্ৰদান কৰা বুলি দাবী কৰা বন্দীসকলৰ বৰ্তমানলৈকে নাম প্ৰকাশ কৰা নাই তালিবানে ৷ আনহাতে, তালিবানে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে, তেওঁলোকৰ কৱলৰ পৰা প্ৰায় 1,000 আফগান সৈন্য আৰু অসামৰিক বিষয়াক মুক্তি প্ৰদান কৰা হ'ব ৷

বন্দী আদান-প্ৰদানৰ এই প্ৰচেষ্টাক সঁহাৰি জনাইছে আমেৰিকাস্থিত আফগানিস্তানৰ ৰাষ্ট্ৰদূত জালমে খালিলজাদে ৷ উল্লেখ্য যে, আমেৰিকা-তালিবান শান্তি চুক্তিৰ মূল গুৰি ধঁৰোতাই আছিল খালিলজাদ ৷ এই পদক্ষেপত আনন্দ প্ৰকাশ কৰি খালিলজাদে টুইটাৰৰ জৰিয়তে কয় যে, আমেৰিকা-তালিবান চুক্তিত উল্লেখিত সকলোবোৰ লক্ষ্য ক্ষিপ্ৰতাৰে সমাধা কৰিবৰ বাবে দুয়ো পক্ষই নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব ৷

কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ফলত এই বন্দীসকলক মুক্তি প্ৰদান কৰা অতিকৈ গুৰুত্বপূৰ্ণ আছিল বুলিও খালিলজাদে মন্তব্য কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.