ETV Bharat / international

বনজুইৰ বাবে দক্ষিণ কেলিফ'ৰ্ণিয়াৰ 25,000 লোকক স্থানান্তৰ

author img

By

Published : Dec 5, 2020, 4:02 PM IST

বনজুইৰ বাবে দক্ষিণ কেলিফ'ৰ্ণিয়াৰ 25,000 লোকক স্থানান্তৰ
বনজুইৰ বাবে দক্ষিণ কেলিফ'ৰ্ণিয়াৰ 25,000 লোকক স্থানান্তৰ

দক্ষিণ কেলিফ'ৰ্ণিয়াৰ ইৰভিন চহৰৰ কাষত বনজুইৰ বাবে প্ৰায় 25,000 নিবাসীক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হৈছে । কেলিফ'ৰ্ণিয়াৰ ইতিহাসত আটাইতকৈ ডাঙৰ 6 টা অগ্নিকাণ্ডৰ ভিতৰত 5 টা এই বৰ্ষতে সংঘটিত হৈছে ।

ইণ্টাৰনেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: স্থানীয় অগ্নিৰ্বাপক বাহিনী কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, দক্ষিণ কেলিফ'ৰ্ণিয়াৰ ইৰভিন চহৰৰ কাষত বনজুইৰ বাবে প্ৰায় 25,000 নিবাসীক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰা হয় ।

চিন্হুৱা নিউজ এজেন্সীয়ে Orange County Fire Authority ৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে, সপ্তাহটোৰ শেষলৈ এই বতাহ কমাৰ আশংকা আছে । ইপিনে বনজুই নিৰ্বাপনৰ সময়ত বৃহস্পতিবাৰে অগ্নিনিৰ্বাপক বাহিনীৰ দুগৰাকী লোক আহত হয় যদিও সম্প্ৰতি তেওঁলোকক হাস্পতালৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে ।

শনিবাৰে আটাইতকৈ অধিক বতাহ বলাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছিল । জনবহুল অঞ্চলসমূহত বনজুই প্ৰতিৰোধ আৰু ৰাইজৰ ৰক্ষাৰ স্বাৰ্থত বুধবাৰে বিজুলীবাতি বিচ্ছিন্ন কৰি দিয়া হৈছিল ।

স্থানীয় প্ৰতিবেদন অনুসৰি, শুকুৰবাৰে সন্ধিয়া পৰ্যন্ত বনজুইৰ প্ৰকোপ 10 শতাংশ আছিল, যিয়ে 6,400 একৰ ভূমি দখল কৰিছিল । National Geographic Area Coordination Center এ বৃহস্পতিবাৰে উল্লেখ কৰা মতে, এই বনজুইৰ সময়ত আমেৰিকাত প্ৰায় ১৪ মিলিয়ন একৰ ভষ্মীভুত হৈছে । কেলিফ'ৰ্ণিয়াৰ ইতিহাসত আটাইতকৈ ডাঙৰ 6 টা অগ্নিকাণ্ডৰ ভিতৰত 5 টা এই বৰ্ষতে সংঘটিত হৈছে ।

লগতে পঢ়ক: সমাজৰ বিকাশমূলক কাৰ্যত প্ৰতিবন্ধীসকলক অন্তৰ্ভুক্তিৰ আহ্বান ৰাষ্ট্ৰসংঘ প্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.