ETV Bharat / headlines

জন্মু-কাশ্মীৰৰ কঠুৱাৰ আন্তঃৰাষ্ট্ৰীয় সীমাত পাকিস্তানী সেনাৰ গুলীবৰ্ষণ

author img

By

Published : Jun 6, 2020, 2:57 PM IST

শনিবাৰে পুৱতি নিশা ১২.৪৫ বজাৰ পৰা জন্মু-কাশ্মীৰৰ কঠুৱা জিলাত আন্তঃৰাষ্ট্ৰীয় সীমাৰ সৈতে সংলগ্ন গাঁও অঞ্চলত পাকিস্তানী সেনা আৰু বি.এছ.এফ জোৱানৰ মাজত আৰম্ভ হোৱা গুলিয়াগুলিত কোনো এজন ভাৰতীয় সৈনিক হতাহত হোৱা নাই ।

জন্মু-কাশ্মীৰৰ কঠুৱাৰ আন্তঃৰাষ্ট্ৰীয় সীমাত পাকিস্তানী সেনাৰ গুলীবৰ্ষণ
জন্মু-কাশ্মীৰৰ কঠুৱাৰ আন্তঃৰাষ্ট্ৰীয় সীমাত পাকিস্তানী সেনাৰ গুলীবৰ্ষণ

নেশ্যনেল ডেস্ক, ৬ জুন: জন্মু-কাশ্মীৰৰ কঠুৱা জিলাত আন্তঃৰাষ্ট্ৰীয় সীমাৰ সৈতে সংলগ্ন গাঁও অঞ্চলত শনিবাৰে পুৱতি নিশা পাকিস্তানী সেনাই অকাৰণত গুলীবৰ্ষণ কৰি যুদ্ধবিৰতি উলংঘন কৰে । সূত্ৰই জনোৱা অনুসৰি,কৰোল মট্ৰাই আৰু চান্দৱাত প্ৰায় ১২.৪৫ বজাৰ পৰা আৰম্ভ হোৱা এই গুলীবৰ্ষণত আন্তঃৰাষ্ট্ৰীয় সীমাত কৰ্তব্যৰত বি.এছ.এফ জোৱানসকলেও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ।

জন্মু-কাশ্মীৰৰ কঠুৱাৰ আন্তঃৰাষ্ট্ৰীয় সীমাত পাকিস্তানী সেনাৰ গুলীবৰ্ষণ
জন্মু-কাশ্মীৰৰ কঠুৱাৰ আন্তঃৰাষ্ট্ৰীয় সীমাত পাকিস্তানী সেনাৰ গুলীবৰ্ষণ

দুয়োপক্ষৰ মাজত হোৱা গুলীবৰ্ষণ ৩ বজালৈ বৰ্তি থাকে যদিও ভাৰতৰ ফালৰ পৰা কোনো এজন সেনাৰ আঘাত হোৱা নাই বুলি জানিব পৰা গৈছে । কিন্তু সীমাৰ নিকটৱৰ্তী গাঁওবাসীয়ে ভয় আৰু শংকাত গোটেই নিশাটো উজাগৰে পাৰ কৰিবলগীয়া হয় ।

লগতে পঢ়ক: কেৰালাৰ গৰ্ভৱতী বন্যহস্তী হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ জাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.