ETV Bharat / entertainment

Urfi Javed : উৰ্ফীক কোনে প্ৰদান কৰিলে হত্যাৰ ভাবুকি ?

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 3:59 PM IST

Updated : Oct 31, 2023, 4:27 PM IST

শেহতীয়াকৈ উৰ্ফী জাভেদে ভুল-ভুলাইয়া ছবিৰ ৰাজপাল যাদৱৰ ‘ছোটা পণ্ডিত’ৰ লুকটো পুনৰ সৃষ্টি কৰিছিল । কিন্তু এই লুকটো ৰিক্ৰিয়েট কৰি এতিয়া বিপদত পৰিছে উৰ্ফী ৷ প্ৰাণে মৰাৰ ভাবুকি লাভ কৰিছে উৰ্ফীয়ে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Urfi Javed gets death threat after dressing up as chota pandit of Bhool Bhulaiyaa
উৰ্ফীক হত্যাৰ ভাবুকি

চিটাৰা ডেস্ক, 31 অক্টোবৰ: নিজৰ অদ্ভুত সাজপাৰৰ বাবে জনপ্ৰিয়তা লাভ কৰা অভিনেত্ৰী উৰ্ফী জাভেদ আজি কোনো পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল নহয় ৷ প্ৰায়ে অভিনেত্ৰীগৰাকীয়ে নিজৰ সাজপাৰৰ বাবে ছ’চিয়েল মিডিয়াত টেণ্ডিঙত থাকে ৷ মানুহে ভাবিব নোৱৰা বস্তুৰে সাজ বনাই পৰিধান কৰে উৰ্ফীয়ে ৷ অৱশ্যে উৰ্ফীৰ সাজপাৰৰ বাবে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল হ’বলগীয়া হয় অভিনেত্ৰীগৰাকী ৷ কিন্তু অভিনেত্ৰীগৰাকীয়ে সমালোচনাত গুৰুত্ব নিদি নিজৰ কাম কৰি গৈ থাকে ৷

এতিয়া আকৌ নিজৰ নতুন সাজৰ বাবে চৰ্চালৈ আহিছে উৰ্ফী ৷ দৰাচলতে উৰ্ফী জাভেদে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল ৷ য’ত উৰ্ফীয়ে অক্ষয় কুমাৰৰ অভিনীত ছবি ‘ভুল ভুলাইয়া’ত’ ‘ছোটা পণ্ডিত’ৰ চৰিত্ৰত অভিনয় কৰা ৰাজপাল যাদৱৰ লুকটো হুবহু পুনৰ সৃষ্টি কৰিছিল । কিন্তু উৰ্ফীৰ এই ভিডিঅ’টোৱে যেন এতিয়া উৰ্ফীৰ বাবে মাতি আনিছে বিপদ । হয়, ‘ছোটা পণ্ডিত’ৰ দৰে হুবহু সাজপাৰ পৰিধান কৰাৰ বাবে উৰ্ফীয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছে । অৱশ্যে এই ভাবুকিৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে অৱগত কৰিছে আৰক্ষীক ।

  • I’m just shocked and appalled by this country mahn , I’m getting death threats in recreating a character from a movie where as that character didn’t get any backlash :/ pic.twitter.com/pOl9FvTYzT

    — Uorfi (@uorfi_) October 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজপথত গুলীয়াই হত্যা কৰাৰ ভাবুকি উৰ্ফীক

উৰ্ফীয়ে শেহতীয়াকৈ এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ জনাইছে যে তেওঁক ইমেইলযোগে হত্যাৰ ভাবুকি দিয়া হৈছে । উৰ্ফীয়ে কৈছে যে তেওঁ দুটা বেলেগ বেলেগ আইডিৰ পৰা মেইল লাভ কৰিছে ​​। প্ৰথমটো নিখিল গোস্বামীৰ নামেৰে ইমেইল আহিছে, য’ত লিখা আছিল, ‘‘ছ'চিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ'টো ডিলিট কৰক, নহ’লে হত্যা কৰিবলৈ সময় নালাগিব ।’’ আনহাতে, দ্বিতীয়টো মেইল ৰূপেশ কুমাৰ নামৰ এজন ব্যক্তিয়ে প্ৰেৰণ কৰিছিল, য’ত লিখা আছিল, ‘‘উৰ্ফী জাভেদে হিন্দু ধৰ্মক ধ্বংস আৰু বদনাম কৰিছে, জীয়াই ল জীৱন, তাৰ পাচত ৰাজপথত গুলীয়াই হত্যা কৰিম ।’’

কিহৰ বাবে স্তম্ভিত হৈছে উৰ্ফি জাভেদ ?

ইফালে এই ভাবুকিৰ পিচতে উৰ্ফী জাভেদে আৰক্ষী থানাত দাখিল কৰিছে অভিযোগ । লগতে এক্স একাউন্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ এই পোষ্টটো শ্বেয়াৰ কৰি উৰ্ফীয়ে লিখিছে, ‘‘মই স্তম্ভিত হৈছো যে এটা ভূমিকা পুনৰ সৃষ্টি কৰাৰ বাবে মোক মৃত্যুৰ ভাবুকি দিয়া হৈছে, যিটো ভূমিকাক ৰাইজে অতিশয় শলাগ লৈছিল এসময়ত ।’’

লগতে পঢ়ক: Bigg Boss 17: পোনপ্ৰথমবাৰৰ বাবে অংকিতাই প্ৰকাশ কৰিলে সুশান্তৰ সৈতে তেওঁৰ ব্ৰেকআপৰ কাৰণ

Last Updated : Oct 31, 2023, 4:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.