Vikramaditya Motwanes Jubilee: কেতিয়া মুক্তি লাভ কৰিব বিক্ৰমাদিত্য মটৱানেৰ জুবলী ? জনালে নিৰ্মাতাসকলে

author img

By

Published : Mar 17, 2023, 10:49 PM IST

Vikramaditya Motwanes Jubilee to release on this date

কেতিয়া মুক্তি লাভ কৰিব বিক্ৰমাদিত্য মটৱানেৰ পৰিচালিত ধাৰাবাহিক জুবলী (Vikramaditya Motwanes Jubilee) ৷ শুকুৰবাৰে নিৰ্মাতাসকলে জনালে অদিতি ৰাও হাইদাৰী আৰু অপাৰশক্তি খুৰানাৰ অভিনীত ধাৰাবাহিকখনৰ মুক্তিৰ তাৰিখ ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

চিটাৰ ডেস্ক, ১৭ মাৰ্চ : অদিতি ৰাও হাইদাৰী আৰু অপাৰশক্তি খুৰানাৰ অভিনীত ধাৰাবাহিক 'জুবলী'ৰ মুক্তিৰ তাৰিখ ঘোষণা (Vikramaditya Motwanes Jubilee)। শুকুৰবাৰে নিৰ্মাতাসকলে জনোৱা মতে ধাৰাবাহিকখন প্ৰাইম ভিডিঅ’ত ৭ এপ্ৰিলত মুক্তি লাভ কৰিব ৷ ধাৰাবাহিকখন পৰিচালনা কৰিছে বিক্ৰমাদিত্য মটৱানে (Jubilee to release on this date) ৷

জুবিলী ধাৰাবাহিকখনৰ জৰিয়তে হিন্দী চলচ্চিত্ৰ জগতখনত দৰ্শকৰ আগত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে । ভাৰতীয় ছবি জগতৰ সোণালী যুগৰ পটভূমিত নিৰ্মিত জুবিলী হৈছে এক ৰোমাঞ্চকৰ অথচ কাব্যিক কাহিনী ৷ য’ত প্ৰতিফলিত হৈছে সপোন, আবেগ, উচ্চাকাংক্ষা আৰু প্ৰেম (Jubilee release date)।

ধাৰাবাহিকখনৰ বিষয়ে অধিক শ্বেয়াৰ কৰি প্ৰাইম ভিডিঅ’ৰ ইণ্ডিয়া অৰিজিনেলছৰ মুৰব্বী অপৰ্ণা পুৰোহিতে কয়, "জুবিলী হৈছে ছবি জগতৰ যাদুৰ উদযাপন ৷ ৰূপালী পৰ্দাত যাদুৰ সৃষ্টি কৰা সকলো শিল্পী আৰু কাৰিকৰী বিদ্যাবিদৰ প্ৰতি ই হৈছে শ্ৰদ্ধাঞ্জলি । ধাৰাবাহিকখনত দৰ্শোৱা হৈছে চলচ্চিত্ৰ উদ্যোগৰ অংশ হ’বলৈ যাত্ৰা আৰম্ভ কৰা তিনি যুৱ চৰিত্ৰৰ পৰীক্ষা আৰু কষ্ট ।"

অপৰ্ণাই লগতে কয়, "প্ৰেম, ঈৰ্ষা, বিশ্বাসঘাটকতা আৰু সৰ্বগ্ৰাসী উচ্চাকাংক্ষাৰে ভৰপূৰ হ’ব এই কাহিনী । বিক্ৰমাদিত্য মটৱানে আৰু অমিত ত্ৰিবেদীয়ে ৰচনা কৰা আত্মাস্পৰ্শী সংগীতৰ সৃষ্টিশীল প্ৰতিভাই আপোনাক লৈ যাব ১৯৪০ আৰু ১৯৫০ চনত । জুবলী হৈছে এনে এখন ধাৰাবাহিক যাৰ বাবে আমি অত্যন্ত গৌৰৱান্বিত আৰু আমি ইয়াক বিশ্ববাসীৰ সৈতে শ্বেয়াৰ কৰিবলৈ অপেক্ষা কৰিব পৰা নাই ৷"

ইফালে বিক্ৰমাদিত্য মটৱানে জুবিলী ধাৰাবাহিকখনক "মানৱ কাহিনী" বুলি অভিহিত কৰিছে । বিক্ৰমাদিত্যই কয়, " জুবিলী হৈছে এক অতি মানৱীয় কাহিনী, য’ত আখ্যানমূলক বিষয়বস্তুৱে সকলোৰে মাজত অনুৰণন ঘটাব ৷ যাৰ বাবে কাহিনীটোৰ প্ৰতি আকৰ্ষিত হৈছিলো ৷ এই ধাৰাবাহিকখনৰ প্ৰতিটো দিনেই এক আনন্দৰ বিষয় হৈ পৰিছে ৷ " ধাৰাবাহিকখনত প্ৰসেনজিৎ চেটাৰ্জী, ৱামিকা গাব্বি, সিদ্ধান্ত গুপ্তা, নন্দিশ সন্ধু আৰু ৰাম কাপুৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । (ANI)

লগতে পঢ়ক: Ram Charan in Delhi: দিল্লীত উপস্থিত অস্কাৰ বিজয়ী আৰ আৰ আৰৰ তাৰকা ৰাম চৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.