ETV Bharat / entertainment

Veteran Actor Tabassum Govil passes away: প্ৰবীণ অভিনেত্ৰী তাবাচ্ছুম গোভিল আৰু নাই

author img

By

Published : Nov 20, 2022, 8:53 AM IST

Updated : Nov 20, 2022, 1:01 PM IST

Veteran Actor Tabassum Govil passes away
প্ৰবীণ অভিনেত্ৰী তাবাচ্ছুম গোভিল আৰু নাই

প্ৰবীণ অভিনেত্ৰী তাবাচ্ছুম গোভিল আৰু নাই (Veteran Actor Tabassum Govil passes away) ৷ হৃদৰোগত আক্ৰান্ত হৈ ৭৮ বছৰ বয়সত মৃত্যু হয় প্ৰবীণ অভিনেত্ৰীগৰাকীৰ ৷ দূৰদৰ্শনত প্ৰচাৰিত ‘ফুল খিলে হায় গুলছান-গুলছান’(Phool Khile Hain Gulshan Gulshan) অনুষ্ঠানৰ বাবেই বেছিকৈ পৰিচিত আছিল তাবাচ্ছুম ।

চিটাৰা ডেস্ক, ২০ নৱেম্বৰ: প্ৰবীণ অভিনেত্ৰী তাবাচ্ছুম গোভিলে শুকুৰবাৰে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ শেষনিশ্বাস ত্যাগ কৰে(Veteran Actor Tabassum Govil passes away) ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৮ বছৰ । তাবাচ্ছুমৰ পুত্ৰ হোছাং গোভিলে শনিবাৰে সংবাদ মাধ্যমক প্ৰদান কৰে এই তথ্য । দূৰদৰ্শনত প্ৰচাৰিত ‘ফুল খিলে হায় গুলছান-গুলছান’(Phool Khile Hain Gulshan Gulshan) অনুষ্ঠানৰ বাবেই তাবাচ্ছুম বেছিকৈ পৰিচিত আছিল ।

তাবাচ্ছুমে ১৯৪৭ চনত শিশু শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল । তেওঁ নাৰ্গিছৰ বিপৰীতে শিশু অভিনেত্ৰী হিচাপে অভিনয় জীৱন আৰম্ভ কৰিছিল । ‘ৱহ মেৰা সুহাগ’, ‘মঞ্জধৰ’, ‘বড়ী বেহেন’, ‘বাইজু বাৱৰা’, ‘তেৰে মেৰে সপনে’, ‘চামেলি কি ছাদী’, ‘স্বৰ্গ’ আদি বহু ছবিত তেওঁ কাম কৰিছিল যদিও দূৰদৰ্শনত প্ৰচাৰিত এটা অনুষ্ঠানৰ পৰাই তেওঁ খ্যাতি লাভ কৰিছিল ।

লগতে পঢ়ক: Sushmita Sen birthday:সুস্মিতাৰ জন্মদিনত কন্যা ৰেনীয়ে লিখিলে এই আৱেগিক টোকা

Last Updated :Nov 20, 2022, 1:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.