Valentines Day 2023: প্ৰেমৰ বিশেষ দিনটোত জানো আহক কেইটামান প্ৰেৰণাদায়ক প্ৰেম কাহিনীৰ বিষয়ে

author img

By

Published : Feb 14, 2023, 11:57 AM IST

valentines Day
প্ৰেৰণাদায়ক প্ৰেম কাহিনী ()

ভেলেণ্টাইন ডে’ৰ এই বিশেষ দিনটোত আমি আপোনালোকলৈ আগবঢ়াইছো এনে কেইটমান প্ৰেম কাহিনী যি কাহিনী শুনি আপুনিও পৰিব বিচাৰিব প্ৰেমত (Inspiring Love Stories) ৷ আগলৈ পঢ়ক -

চিটাৰা ডেস্ক, 14 ফেব্ৰুৱাৰী : প্ৰেম এক মায়াসনা অনুভূতি ৷ প্ৰেম নামৰ মায়াতেই মগ্ন বিশ্বৰ মানুহ ৷ এই মায়াই সকলোকে এনেদৰে আৱৰি আছে যে মানুহ ইয়াৰ পৰা ওলাও বুলিও ওলাব নোৱাৰে ৷ প্ৰেমেই গঢ়ে, প্ৰেমেই ধ্বংস কৰে, কিন্তু প্ৰেম বিনে জীৱন আগনাবাঢ়ে ৷ সঁচা প্ৰেমৰ নিদৰ্শন দিবলগীয়া হ’লেই সকলোৰে মনলৈ আহে হীৰ-ৰাঞ্জা, লাইলা-মাজনুৰ কথা ৷ আজি হৈছে প্ৰেমৰ দিন; 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে’(Valentines Day 2023) ৷ ইতিমধ্যেই 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে ভেলেণ্টাইন উইক ৷ আজিৰ দিনটোত আপোনালোকলৈ আগবঢ়াইছো কেইটামান প্ৰেৰণাদায়ক প্ৰেম কাহিনী(Inspiring Love Stories)-

বিক্ৰম বাত্ৰা-ডিম্পল : কেপ্তেইন বিক্ৰম বাত্ৰাই দেশৰ বাবে কৰা ত্যাগ কোনে পাহৰিব পাৰে । 21 বছৰ পূৰ্বে 7 জুলাইত পাকিস্তানী সেনাই তেওঁক শ্বেৰশ্বাহ উপাধিৰে সন্মানিত কৰিছিল । কাৰ্গিলৰ নায়ক, বিক্ৰম বাত্ৰাই নিজৰ সতীৰ্থক বচাবলৈ গৈ প্ৰাণ আহুতি দিছিল । তেওঁৰ সাহস আৰু আত্মত্যাগে সৈনিকসকলক অনুপ্ৰাণিত কৰিছিল । এইজন সাহসী অধিনায়কৰ প্ৰেম কাহিনীও অপূৰ্ব । 1995 চনত পঞ্জাৱ বিশ্ববিদ্যালয়ত ডিম্পলক লগ পাইছিল বাত্ৰাই । 1999 চনত যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে দুয়োৱে ইংৰাজী বিষয়ত এম এ কৰি আছিল, য’ত তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হৈছিল ।

1996 চনত বিক্ৰম বাত্ৰাই ভাৰতীয় সামৰিক একাডেমীত নিৰ্বাচিত হৈ ডেৰাডুনলৈ যাব লগা হয় । তেওঁৰ প্ৰেমিকা ডিম্পল চিমাই আশংকা কৰিছিল যে এই দূৰত্বই তেওঁলোকৰ সম্পৰ্ক শেষ কৰি পেলাব কিন্তু বাত্ৰাই প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে অতি সোনকালেই বিয়া পাতিব । আনকি বিক্ৰম বাত্ৰাৰ জীৱন কাহিনীক লৈ নিৰ্মাণ হোৱা শ্বেৰশ্বাহ ছবিখনত আমি দেখিবলৈ পাওঁ যে বিক্ৰমে ব্লেড উলিয়াই আঙুলি কাটি ডিম্পলৰ শিঁৰত সেন্দূৰ দিয়ে । 1999 চনৰ 7 জুলাইত অধিনায়ক বিক্ৰম বাত্ৰাই এই পৃথিৱীৰ পৰা চিৰবিদায় লয় আৰু ডিম্পলে তেনেকেই জীৱন নিৰ্বাহ কৰে ।

দিলীপ কুমাৰ-ছাইৰা বানু : 1944 চনত হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰাৰ সময়তে চলচ্চিত্ৰ জগতৰ বিখ্যাত তাৰকা মহম্মদ ইউছুফ খানে দিলীপ কুমাৰ নাম লাভ কৰিছিল । ছাইৰা বানু তেওঁৰ তুলনাত 22 বছৰ সৰু আছিল আৰু অভিনেতাজনৰ ডাঙৰ অনুৰাগীও আছিল । 1966 চনৰ 11 অক্টোবৰত দিলীপ কুমাৰ আৰু ছাইৰা বানুৰ বিবাহৰ সময়ত ছাইৰা বানুৰ বয়স আছিল 22 বছৰ, আনহাতে দিলীপ কুমাৰৰ বয়স আছিল 44 বছৰ । দিলীপ কুমাৰ আৰু ছাইৰা বানুৰ বয়সৰ পাৰ্থক্যই কেতিয়াও তেওঁলোকৰ সম্পৰ্কত প্ৰভাৱ পেলোৱা নাছিল ।

valentines Day
প্ৰেৰণাদায়ক প্ৰেম কাহিনী

শচীন তেণ্ডুলকাৰ-অঞ্জলি : ক্ৰীড়া জগতৰ এটা ডাঙৰ নাম যাক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয় সেই শচীন তেণ্ডুলকাৰ প্ৰেম কাহিনীও চৰ্চা হয় মাজে মাজে । এজন জনপ্ৰিয় উদ্যোগপতি অশোক মেহতাৰ কন্যা অঞ্জলি তেণ্ডুলকাৰক বিয়া পাতিছিল শচীনে । অৱশ্যে বিয়া হোৱাৰ সময়ত কোনেও তেওঁৰ বিষয়ে একো গম পোৱা নাছিল । শচীন আৰু অঞ্জলিৰ প্ৰথম সাক্ষাৎ মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হৈছিল । শচীন তেণ্ডুলকাৰ ক্ৰিকেট ভ্ৰমণৰ পৰা উভতি অহাৰ সময়ত অঞ্জলিয়ে মাকক আনিবলৈ বিমানবন্দৰত ৰৈ আছিল ।

valentines Day
প্ৰেৰণাদায়ক প্ৰেম কাহিনী

শচীনক দেখি প্ৰথম দৃষ্টিতেই প্ৰেমত পৰিছিল অঞ্জলি । আমোদজনক কথাটো হ’ল অঞ্জলিয়ে ক্ৰিকেটৰ বিষয়ে বিশেষ একো জনা নাছিল । যেতিয়া তেওঁলোকে ডেট কৰা আৰম্ভ কৰিছিল তেতিয়া অঞ্জলিয়ে ক্ৰিকেটৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল । 5 বছৰ ইজনে সিজনক ডেট কৰাৰ পিছত 1995 চনৰ 24 মে’ত দুয়োৰে বিবাহ হয় । দুয়োৰে বয়সৰ মাজত 6 বছৰৰ পাৰ্থক্য আছে । অঞ্জলি তেণ্ডুলকাৰ শচীনতকৈ 6 বছৰ ডাঙৰ আৰু দুয়োৰে দুটিকৈ সন্তান আছে ।

সুধা মূৰ্তি আৰু নাৰায়ণ মূৰ্তি : বিবাহৰ পিছত নাৰায়ণ মূৰ্তি ইনফ’ছিছৰ প্ৰতিষ্ঠাপক হৈছিল । স্বামীৰ সফলতাৰ আঁৰত সুধাৰ ডাঙৰ অৱদান আছে । তেওঁলোকৰ সম্পৰ্কই এটোৱেই দেখুৱাই যে প্ৰেমৰ প্ৰতি আন্তৰিকতা আৰু প্ৰকৃত দায়বদ্ধতা থাকিলে সকলো সফল হ’ব পাৰে । নাৰায়ণ আছিল লাজকুৰীয়া আৰু অন্তৰ্মুখী ধৰণৰ মানুহ, আনহাতে সুধা আছিল সম্পূৰ্ণ বিপৰীত, বহিৰ্মুখী আৰু স্পষ্টবাদী । সেই সময়ত সুধা টেলকো (বৰ্তমান টাটা মটৰ্ছ) পুনেত কাম কৰি আছিল আৰু তেওঁ নাৰায়ণক লগ পাইছিল পাৰস্পৰিক বন্ধু প্ৰসন্নৰ জৰিয়তে ।

valentines Day
প্ৰেৰণাদায়ক প্ৰেম কাহিনী

এদিন নাৰায়ণে সুধাক ৰাতিৰ আহাৰ খাবলৈ মাতিলে । সুধা অকলশৰীয়া আছিল, গতিকে প্ৰথমে তেওঁ নাকচ কৰিছিল যদিও পিছত তেওঁ মান্তি হৈছিল । ইয়াৰ পিছত দুয়োজনেই ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তুলিছিল । ইয়াৰ পিছত মূৰ্তিয়ে সুধাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে, কিন্তু সুধাই কোনো সঁহাৰি নিদি নিজৰ ঘৰলৈ গৈ এই কথা মাক-দেউতাকৰ লগত শ্বেয়াৰ কৰিলে । অৱশ্যে মূৰ্তিৰ চাকৰিৰ বাবে মাক-দেউতাক প্ৰথমতে মান্তি হোৱা নাছিল । পিছলৈ দুয়োকে সন্মতি কৰাই বিয়াত বহে তেওঁলোক ।

বাৰাক ওবামা-মিচেল : 1992 চনত বিবাহ পাশত আবদ্ধ হয় এই ‘পাৱাৰ কাপল’। দুয়োৰে প্ৰেম কাহিনী অতি আকৰ্ষণীয় । প্ৰায় দুটা দশকৰ আগতে মিচেল ৰবিনছনে বাৰাকৰ উপদেষ্টা হিচাপে কাম কৰি আছিল আৰু তেতিয়া ওবামা হাৰ্ভাৰ্ড ল’ত গ্ৰীষ্মকালীন ইন্টাৰ্ণ আছিল । প্ৰেমত পৰি ওবামাই আঁঠু লৈ মিচেলক প্ৰেমৰ প্ৰস্তাৱ দিছিল । দুটা কাৰ্যকালৰ ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত দিয়া চূড়ান্ত ভাষণৰ মাজতে বাৰাক ওবামাই প্ৰকাশ কৰে যে তেওঁ বিবাহিত হৈ কিমান ধন্য অনুভৱ কৰিছে ।

valentines Day
প্ৰেৰণাদায়ক প্ৰেম কাহিনী

মুকেশ আম্বানী-নীতা আম্বানী : এই কাহিনী আৰম্ভ হৈছিল পিতৃ-মাতৃৰ ভূমিকাৰ পৰা । মুকেশৰ পিতৃ-মাতৃৰ পছন্দ আছিল নীতা । মুকেশ আম্বানীৰ মাক-দেউতাকে নীতাৰ ভাৰতনট্যম অনুষ্ঠানটো ভাল পাইছিল যিটো আছিল কিছু দীঘলীয়া । ধীৰুভাইয়ে নীতাক বোৱাৰী হিচাপে পাবলৈ বহু আশা কৰিছিল । নীতা আজি পৃথিৱীৰ শীৰ্ষ নাৰী সকলৰ ভিতৰত অন্যতম । ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ নেতৃত্বত আছে নীতা ৷ তেওঁলোকৰ তিনিটা সন্তান আছে অনন্ত, আকাশ আৰু ঈশা ।

ঋষি সুনাক-অক্ষতা মূৰ্তি : অক্ষতাই এম বি এ পঢ়াৰ সময়ত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত ঋষি সুনাকক লগ পাইছিল । তেতিয়া সুনাক প্ৰতিষ্ঠিত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ স্কলাৰ আছিল, প্ৰথম শ্ৰেণীৰ ডিগ্ৰী লাভ কৰিছিল তেওঁ । প্ৰেমত পৰি তেওঁলোকে বিয়া পতাৰ সিদ্ধান্ত লয় । তেওঁলোকৰ দুগৰাকী কন্যা আছে কৃষ্ণা আৰু অনুষ্কা ।

valentines Day
প্ৰেৰণাদায়ক প্ৰেম কাহিনী

ৰাজীৱ গান্ধী-ছোনিয়া গান্ধী : ৰাজীৱৰ সৈতে ছোনিয়াৰ প্ৰথম সাক্ষাৎ হৈছিল ব্ৰিটেইনৰ কেম্ব্ৰিজ স্কুলত । আচলতে ছোনিয়াই ইংৰাজী পঢ়িবলৈ কেম্ব্ৰিজলৈ গৈছিল আৰু ৰাজীৱে ইউনিভাৰ্চিটি কলেজ অৱ ট্ৰিনিটিত পঢ়িছিল । এদিন ৰাজীৱ বন্ধু-বান্ধৱীৰ সৈতে কেম্ব্ৰিজৰ ৰেষ্টুৰেণ্টত উপস্থিত হৈছিল, তাতেই তেওঁৰ চকু পৰিল ছোনিয়াৰ ওপৰত । জানিব পৰা মতে, ৰাজীৱ গান্ধীয়ে ছোনিয়াৰ ওচৰত বহিবলৈ ৰেষ্টুৰেণ্টত উৎকোচ দিছিল । তথ্য অনুসৰি ৰাজীৱে যেতিয়া ৰেষ্টুৰেণ্টৰ মালিকক ছোনিয়াৰ কাষত আসন বিচাৰিছিল তেতিয়া মালিকে কৈছিল যে যদি আপুনি এনেকুৱা হোৱাটো বিচাৰে তেন্তে আপুনি দুগুণ টকা দিব লাগিব । লগে লগে ৰাজীৱে হয় বুলি কৈছিল । ইয়াৰ পিছত ৰাজীৱে কাগজৰ নেপকিনত ছোনিয়াৰ বাবে এটা কবিতা লিখি সুৰাৰ বটল এটাৰ সৈতে ছোনিয়ালৈ পঠিয়াই দিলে । এনেকুৱাই আছিল দুয়োৰে প্ৰেম কাহিনী । সমান্তৰালকৈ ছোনিয়াইও প্ৰথম দৃষ্টিতে ৰাজীৱক নিজৰ কৰি পেলাইছিল ।

valentines Day
প্ৰেৰণাদায়ক প্ৰেম কাহিনী

ছোনিয়াৰ দেউতাক বিয়াৰ বাবে সাজু নাছিল আৰু তেওঁ এই সম্পৰ্কত সুখী নাছিল । ইয়াৰ কাৰণ আছিল ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিও । তাৰ পিছত ৰাজীৱে ছোনিয়াৰ ঘৰলৈ গৈ তেওঁৰ দেউতাকৰ বিবাহৰ প্ৰস্তাৱ দিলে । ছোনিয়াৰ দেউতাকে দুয়োৰে সন্মুখত এটা চৰ্ত ৰাখিলে যে দুয়োজনে এবছৰ ধৰি কাকো লগ কৰিব নোৱাৰিব আৰু তাৰ পাছতো যদি দুয়োজনে ইজনে সিজনৰ অবিহনে জীয়াই থাকিব নোৱাৰে বুলি অনুভৱ কৰে তেতিয়াহে তেওঁলোকক বিয়া পাতিবলৈ অনুমতি দিয়া হ’ব ।

লগতে পঢ়ক : এইবছৰৰ ভেলেণ্টাইন ডে’ হ’ব কিছু বিশেষ কিয়নো ৰোমাণ্টিক হিট ছবি DDLJ পুনৰ আহিল ছবিগৃহলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.