Tu Jhoothi Main Makkaar trailer: নিজ নিজ বুদ্ধিমত্তাৰে প্ৰেমত পৰে ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰ

author img

By

Published : Jan 23, 2023, 4:47 PM IST

Tu Jhoothi Main Makkaar trailer

ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰে এক কুটিল rom-com ৰ জৰিয়তে দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু হৈছে । Tu Jhoothi Main Makkaar ৰ ট্ৰেইলাৰটোৱে লাভ ৰঞ্জনে সৃষ্টি কৰা এক উত্তাল আৰু দুষ্টালিৰে ভৰা পৃথিৱীৰ ইংগিত দিয়ে ।

চিটাৰা ডেস্ক, 23 জানুৱাৰী : মুকলি হ’ল Tu Jhoothi Main Makkaar ৰ ট্ৰেইলাৰ ৷ 23 জানুৱাৰীত ছবিখনৰ নিৰ্মাতা সকলে ট্ৰেইলাৰটো মুক্তি দিয়ে । ছবিখনত ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । Tu Jhoothi Main Makkaar ৰ ট্ৰেইলাৰটো চাই ক’ব পাৰি যে ছবিখনে দৰ্শকক দুগুণ আমোদ আৰু মনোৰঞ্জনৰ খোৰাক দিব ।

লাভ ৰঞ্জনৰ নেতৃত্বত নিৰ্মিত এই ছবিখনেৰে ৰণবীৰ কাপুৰ rom-com ধাৰালৈ ঘূৰি আহিছে । ৰোমান্টিক চৰিত্ৰত দৰ্শকৰ প্ৰিয় অভিনেতাগৰাকীয়ে শ্বমছেৰা আৰু ব্ৰহ্মাস্ত্ৰৰ দৰে ছবিত গহীন চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল । Tu Jhoothi Main Makkaar (TJMM)ৰ ট্ৰেইলাৰে ইংগিত দিছে যে, ৰণবীৰে নিজৰ মনোমোহা প্ৰদৰ্শনেৰে পুনৰ অনুৰাগীক আপ্লুত কৰিবলৈ সাজু হৈছে ।

ৰণবীৰ আৰু শ্ৰদ্ধাৰ ৰসায়ন আকৰ্ষণীয় যেন লাগিছে । দুয়োজনে কেতিয়াও আগতে একেলগে কাম কৰা নাই কিন্তু TJMMৰ ট্ৰেইলাৰ চাই এনে লাগিছে যে তেওঁলোকে ছবিখনত কাম কৰি ভাল সময় অতিবাহিত কৰিছে আৰু ইয়াক পৰ্দাত সুন্দৰকৈ উপস্থাপন কৰা হৈছে । ট্ৰেইলাৰটোত Jhoothi ৰ ৰূপত শ্ৰদ্ধা আৰু Makkaar ৰ ৰূপত ৰণবীৰক অনুৰাগীয়ে খুব পছন্দ কৰিছে ৷

ছবিখনৰ আনুষ্ঠানিক সাৰাংশত কোৱা হৈছে যে, টি জে এম এম হৈছে ৰোমান্টিক সম্পৰ্কৰ জগতখনত এজন ‘প্লেয়াৰ’ৰ কাহিনী যিয়ে এগৰাকী ছোৱালী বিচাৰি পায় যি এগৰাকী যোগ্য প্ৰতিদ্বন্দী । Tu Jhoothi Main Makkaar ছবিখনে প্ৰেমক বুদ্ধিৰ যুদ্ধ বুলি বিশ্বাস কৰে ।

ৰণবীৰ আৰু শ্ৰদ্ধাৰ যুটিৰে প্ৰথম এই ছবিখন 2023 চনত মুক্তি পাব । টিজেএমএম বছৰটোৰ উচ্চ প্ৰত্যাশিত চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম কিয়নো এই ছবিখনৰ মুক্তিত একাধিকবাৰ পলম হৈছিল । ছবিখন অৱশেষত 8 মাৰ্চ, 2023 তাৰিখে ৰূপালী পৰ্দালৈ আহিব ।

ইফালে, পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ আগন্তুক এক্সন ছবি এনিমেলতো ৰশ্মিকা মান্দানা, অনিল কাপুৰ আৰু ববি দেউলৰ সৈতে ৰণবীৰক দেখা যাব । আনহাতে, শ্ৰদ্ধাৰ প্ৰজেক্টৰ কথা ক’বলৈ গ’লে চলবাজ ইন লণ্ডন আৰু নাগিন ট্ৰাইলজীত দেখা যাব অভিনেত্ৰী গৰাকীক ।

লগতে পঢ়ক : Ae Watan Mere Watan teaser:অখ্যাত নায়িকা উষা মেহতাৰ ৰূপত ছাৰা আলী খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.