ETV Bharat / entertainment

The Kerala Story box office collection Day 1: বিতৰ্কত সোমাই পৰা দ্য কেৰালা ষ্ট’ৰীয়ে প্ৰথম দিনাই কিমান সংগ্ৰহ কৰিলে জানেনে ?

author img

By

Published : May 6, 2023, 4:50 PM IST

Updated : May 6, 2023, 5:07 PM IST

দেশজুৰি চৰ্চা লাভ কৰা ছবি দ্য কেৰালা ষ্ট’ৰীয়ে প্ৰথম দিনাই বক্স অফিচত নিজৰ সুন্দৰ প্ৰদৰ্শনেৰে সকলোকে আচৰিত কৰি তুলিছে ৷

The Kerala Story box office collection Day 1: Adah Sharma's film witnesses decent opening
বিতৰ্কত সোমাই পৰা দ্য কেৰালা ষ্ট’ৰীয়ে প্ৰথম দিনাই কিমান সংগ্ৰহ কৰিলে জানেনে ?

চিটাৰা ডেস্ক, 6 মে’: বিপুল বিতৰ্ক আৰু প্ৰতিবাদৰ মাজতে ৫ মে’ত চিনেমাগৃহত মুক্তি পোৱা সুদীপ্ত সেনৰ ছবি ‘দ্য কেৰালা ষ্ট’ৰীয়ে প্ৰথম দিনাই বক্স অফিচত কিমান উপাৰ্জন কৰিছিল সেই সন্দৰ্ভত বৰ্তমান খুবেই চৰ্চা লাভ কৰিছে । বিতৰ্কৰ মেৰপেচত সোমাই পৰা এই ছবিখনক লৈ ৰাজনৈতিক ক্ষেত্ৰত খুবেই হুলস্থুলৰ সৃষ্টি হৈছে । আনকি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ছবিখনক লৈ নিজৰ মতামত প্ৰকাশ কৰিছে । এই ছবিখনক লৈ দেশৰ ৰাজনীতি দুটা ভাগত বিভক্ত হৈ পৰা পৰিলক্ষিত হৈছে (The Kerala Story Collection Day 1 )।

একে সময়তে মুক্তিৰ দিনা ছবিখনক লৈ দৰ্শকৰ মাজত এক বৃহৎ উন্মাদনা দেখা গৈছে । আদা শৰ্মা অভিনীত ছবিখনে প্ৰথম দিনৰ উপাৰ্জনৰ পৰাই প্ৰমাণ কৰিছে যে এই ছবিখনে আৰু অধিক উপাৰ্জন কৰিবলৈ ওলাইছে ।

মুক্তিৰ দিনা কিমান কৰিলে সংগ্ৰহ ?

বিখ্যাত চলচ্চিত্ৰ এনালিষ্ট বিশ্লেষক তৰণ আদৰ্শৰ মতে, প্ৰচণ্ড প্ৰতিবাদৰ মাজতে মুক্তি পোৱাৰ পিছতো ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনে মুক্তিৰ দিনটোত ৮.০৩ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় । ৪০ কোটি টকাৰ বাজেটত নিৰ্মিত এই ছবিখনে মুক্তিৰ দিনা বাৰুকৈয়ে আচৰিত কৰি তোলা সংগ্ৰহ কৰিছে । সপ্তাহৰ শেষত ছবিখনৰ উপাৰ্জন ইয়াতকৈও অধিক বৃদ্ধিৰ হোৱাৰো চৰ্চা চলিছে ।

ছবিখনৰ কাহিনী কি ?

‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনৰ কাহিনী কেৰালাৰ সেইসকল হিন্দু মহিলাৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে যিসকল মহিলাক ব্ৰেইনৱাচ কৰি ইছলাম ধৰ্মলৈ ৰূপান্তৰ কৰিব পৰা যায় (The Kerala Story controversy) ৷

ইয়াৰ পিছত ছবিখনৰ ট্ৰেইলাৰত দেখুৱাৰ দৰে ৩২ গৰাকী মহিলাক সন্ত্ৰাসবাদী সংগঠন ISISলৈ প্ৰেৰণ কৰা হয় । কোৱা হৈছে যে এই ছবিখন সত্য ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে । একে সময়তে ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পিছৰে পৰা চৰ্চা চলি আহিছে আৰু ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে অহৰহ দাবী উত্থাপন হৈ আহিছে । তৎস্বত্বেও ৫ মে’ত চিনেমাগৃহত এই ছবিখন চাবলৈ দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয় ৷ ইফালে এই ছবিখনৰ সফলতাৰ প্ৰতি আগ্ৰহ দেখাই ছবিখনৰ কলা-কুশলীসকলেও নিজৰ উৎসাহ প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক: BMCM : অহা ঈদত ছলমান খানে নহয় অক্ষয় কুমাৰ-টাইগাৰ শ্ৰফে দিব ঈদি; একচনৰ সৈতে ঈদি পাব দৰ্শকে

Last Updated : May 6, 2023, 5:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.