ETV Bharat / entertainment

Hera Pheri franchise: কাৰ্তিকে হেৰা-ফেৰী ফেঞ্চাইজিত যোগদান কৰা সন্দৰ্ভত সুনীল শেট্টীৰ বিশেষ মন্তব্য

author img

By

Published : Nov 18, 2022, 12:39 PM IST

Suniel Shetty
কাৰ্তিকে হেৰা-ফেৰী ফেঞ্চাইজিত যোগদান কৰা সন্দৰ্ভত এই মন্তব্য সুনীল শেট্টীৰ

হেৰা-ফেৰী ফেঞ্চাইজিত কাৰ্তিক আৰ্য়ানে এণ্ট্ৰি কৰাৰ কথাত নিজৰ মন্তব্য প্ৰকাশ কৰিছে সুনীল শেট্টীয়ে ৷ তেওঁ কৈছে যে ছবিখনৰ নিৰ্মাতা আৰু অক্ষয়ে সোনকালে নিজৰ মাজৰ সমস্যা সমাধান কৰিব লাগে ৷ ষ্ট্ৰীটস্মাৰ্ট ৰাজুৰ চৰিত্ৰত অক্ষয় কুমাৰৰ স্থান কোনেও ল’ব নোৱাৰে ৷ তেওঁ লগতে কয় যে, কাৰ্তিকে সম্পূৰ্ণকৈ এটা নতুন চৰিত্ৰ ৰূপায়ন কৰিবলৈ ওলাইছে আৰু তেওঁ এই চৰিত্ৰটোৰ বাবে নিজৰ সৰ্বস্ব দিব ৷

চিটাৰা ডেস্ক, 18 নৱেম্বৰ : বলীউড তাৰকা সুনীল শেট্টীয়ে বৃহস্পতিবাৰে কাৰ্তিক আৰ্য়ানে হেৰা ফেৰী ফ্ৰেঞ্চাইজিত যোগদান কৰা কথাত ৰোমাঞ্চিত বুলি উল্লেখ কৰি স্পষ্ট কৰি দিয়ে যে আগন্তুক তৃতীয় খণ্ডত অভিনেতাগৰাকীয়ে তেওঁৰ সহ অভিনেতা অক্ষয় কুমাৰৰ স্থান লোৱা নাই । জনপ্ৰিয় কমেডী ছবিখন তিনিজন পুৰুষ ৰাজু (কুমাৰ), শ্যাম (শেট্টী) আৰু বাবু ভাইয়া (পৰেশ ৰাৱাল)ৰ জীৱনৰ ওপৰত আবদ্ধ যিয়ে দ্ৰুতভাৱে ধন ঘটাৰ সপোন দেখি অলীক পৰিকল্পনা কৰে ৷

যোৱা সপ্তাহত দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত কুমাৰে ক্ৰিয়েটিভ ডিফাৰেঞ্চেছৰ উদ্ধৃতি দি হেৰা ফেৰী 3 ৰ পৰা বাহিৰ হোৱা কথাটো নিশ্চিত কৰিছিল । ইয়াৰ পূৰ্বে ৰাৱালে কৈছিল যে আগন্তুক চিনেমাখনৰ কাম অতি সোনকালে আৰম্ভ হ’ব আৰু আৰ্য়ানে ৰাজুৰ চৰিত্ৰ ৰূপায়ণ কৰিব ।

চিনেমাখনৰ তৃতীয় খণ্ডত আৰ্য়ানৰ প্ৰৱেশৰ মাজতে শেট্টীয়ে কয় যে কুমাৰৰ ঠাইত কোনেও ষ্ট্ৰীটস্মাৰ্ট ৰাজুৰ চৰিত্ৰ ৰূপায়ণ কৰিব নোৱাৰে । "কাৰ্তিক এক উজ্জ্বল পছন্দ, কিন্তু তেওঁ ৰাজুৰ চৰিত্ৰত অভিনয় কৰা নাই । কাৰ্তিকৰ চৰিত্ৰটো একেবাৰে নতুন চৰিত্ৰ আৰু তেওঁ যি চৰিত্ৰত অভিনয় কৰিব, সেই ভূমিকালৈ তেওঁ আচৰিত শক্তি কঢ়িয়াই আনিব । ৰাজুৰ ঠাই কোনেও ল'ব নোৱাৰে । এতিয়া হেৰা-ফেৰী ইছ্যুটো সমাধান কৰাটো ৰাজু আৰু ফিৰোজ (প্ৰযোজক নাদিয়াডৱালা) ভাইৰ ওপৰত", শেট্টীয়ে কয় ।

2000 চনত মুক্তি পোৱা প্ৰথমখন ছবিৰ পৰিচালনা কৰিছিল প্ৰিয়দৰ্শনে । ইয়াৰ ছিকুৱেল ফিৰ হেৰা-ফেৰী (2006)ত একে কেইজন অভিনেতাই তেওঁলোকৰ আইকনিক চৰিত্ৰসমূহৰ পুনৰাবৃত্তি কৰা দেখা গৈছিল । প্ৰয়াত অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা নীৰজ ভোৰাই দ্বিতীয় খণ্ডটোত নেতৃত্ব দিছিল । তৃতীয় খণ্ডটোৰ কাম চলি থকা যথেষ্ট দিন হ’ল । ফিৰোজ নাডিয়াডৱালাৰ সমৰ্থনত হেৰা-ফেৰী 3 ৰ নেতৃত্বত আনীছ বাজমী থাকিব বুলি বাতৰি প্ৰকাশ পাইছে ।

শেট্টীৰ মতে, হিট ছবি এখনৰ সংজ্ঞা নিৰূপণ হয় ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰসমূহৰ জনপ্ৰিয়তাৰ দ্বাৰা, যিটো হেৰা-ফেৰীৰ ক্ষেত্ৰত ঘটিছিল বুলি তেওঁ ভাৱে । "মই অনুভৱ কৰোঁ এখন হিট ছবি এনেকুৱা এটা বস্তু যাৰ চৰিত্ৰবোৰ মনত ৰখা হয়, যেনে ৰাজু, শ্যাম, বাবু ভাইয়া । হেৰা-ফেৰীৰ সৰলতাই দৰ্শকৰ হৃদয় চুই গৈছে" ৷

হেৰা-ফেৰীত শ্যামৰ চৰিত্ৰত অভিনয় কৰা 61 বছৰীয়া অভিনেতাগৰাকীয়ে আৰু কয় যে, "মই নাজানিছিলো যে ছবিখন এনেদৰে ক্লাছিক হৈ পৰিব । কিন্তু মই জানিছিলোঁ যে এই ছবিখনে প্ৰশংসা লাভ কৰিব ।

"বাবু ভাইয়া ছবিখনৰ আত্মা আৰু তেওঁ এক্সন হিৰ’ ৰাজু আৰু শ্যাম দুজনক নিয়ন্ত্ৰণ কৰে । মই ভাবো দৰ্শকে এইটো ভাল পাইছিল । আমি ছবিখনত অভিনয় কৰা নাছিলো, আমি কেৱল নিজৰ ধৰণেই আছিলো আৰু সেইবাবেই হেৰা-ফেৰীয়ে সদায় কাম কৰি আহিছে", তেওঁ লগতে কয় ৷ 19 নৱেম্বৰত এমএক্স প্লেয়াৰত মুক্তি পাবলগীয়া তেওঁৰ প্ৰথম ৱেব চিৰিজ ধৰৱী বেংক মুক্তিৰ বাবে অপেক্ষা কৰি আছে সুনীল শেট্টীয়ে । পৰিচালনা কৰিছে সমিত কক্কাদে ।

লগতে পঢ়ক : India Lockdown Trailer out: মৃত্যুৰ মাজেৰে পাৰ কৰি অহা সেই ভয়াৱহ দিন সুৱঁৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.