ETV Bharat / entertainment

এনিমেলত তৃপ্তি ডিমৰীৰ অন্তৰংগ দৃশ্যক লৈ পিতৃ-মাতৃৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 6:45 PM IST

Tripti Dimri Parents Reaction On Intimate Scene: এনিমেল ছবিখনত ৰণবীৰ কাপুৰ আৰু তৃপ্তি ডিমৰীৰ অন্তৰংগ দৃশ্যই বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে । শেহতীয়াকৈ তৃপ্তিয়ে প্ৰকাশ কৰিছে যে ৰণবীৰৰ সৈতে তেওঁৰ অন্তৰংগ দৃশ্যত পিতৃ-মাতৃৰ কি প্ৰতিক্ৰিয়া আছিল ।

Dimri Shouldn't have done that: Triptii Dimri reveals her parent's reaction on intimate scenes with Ranbir Kapoor in Animal
তৃপ্তি ডিমৰীৰ অন্তৰংগ দৃশ্যক লৈ পিতৃ-মাতৃৰ প্ৰতিক্ৰিয়া

চিটাৰা ডেস্ক, ১০ ডিচেম্বৰ: ‘এনিমেল’ ছবিখনত তৃপ্তি ডিমৰীৰ অভিনয় আছিল মাত্ৰ কেইমিনিটমানৰ, কিন্তু এই কেইমিনিটমানৰ অভিনয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । ছবিখনত ৰণবীৰ কাপুৰৰ সৈতে তেওঁৰ অন্তৰংগ দৃশ্যই সৰ্বাধিক শিৰোনাম দখল কৰিছে । কিন্তু সকলোৰে মনত হয়তো প্ৰশ্ন উদয় হয় যে এই অন্তৰংগ দৃশ্যটোৰ প্ৰতি তৃপ্তিৰ পিতৃ-মাতৃয়ে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । নহয় নে ? এতিয়া এই সন্দৰ্ভত তৃপ্তিয়ে প্ৰকাশ কৰিছে এই ছবিখনক লৈ তেওঁৰ পিতৃ-মাতৃয়ে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

‘বুলবুল’ আৰু ‘কালা’ৰ দৰে ছবিত অভিনয়ৰ দক্ষতা প্ৰদৰ্শন কৰা তৃপ্তি ডিমৰীৰ বাবে ‘এনিমেল’ ছবিখন আছি এক টাৰ্নিং পইণ্ট । এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰশ্মিকা মন্দন্নাই, কিন্তু মাত্ৰ কেইমিনিটমানৰ অভিনয়ৰে সকলোৰে প্ৰশংসা লাভ কৰে তৃপ্তিয়ে ৷ ৰণবীৰ কাপুৰৰ সৈতে তৃপ্তিৰ অন্তৰংগ দৃশ্যই সকলোকে আচৰিত কৰি তুলিছিল । আনকি তেওঁৰ মাতৃ-পিতৃয়েও কন্যাক এনে চৰিত্ৰত দেখি আচৰিত হৈ পৰিছিল ।

কন্যাৰ অন্তৰংগ দৃশ্যত তৃপ্তি ডিমৰীৰ পিতৃ-মাতৃৰ প্ৰতিক্ৰিয়া

এক সাক্ষাৎকাৰত তৃপ্তি ডিমৰীয়ে প্ৰকাশ কৰিছে যে ৰণবীৰ কাপুৰৰ সৈতে অন্তৰংগ দৃশ্যটো চাই তেওঁৰ পিতৃ-মাতৃ স্তম্ভিত হৈ পৰিছিল । তৃপ্তিয়ে কয়- মোৰ মা-দেউতাকে এই ছবিখন চাই অলপ থতমত খাইছিল ৷ তেওঁলোকে মোক কৈছিল ‘‘আমি কেতিয়াও ছবিত এনেকুৱা একো দেখা নাই আৰু আপুনি কৰি দেখুৱালে ।’’ অৱশ্যে সেই অন্তৰংগ দৃশ্যটোৰ পৰা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ মোৰ মা-দেউতাৰ অলপ সময় লাগিছিল । তেওঁলোকে মোক যথেষ্ট মৰম কৰে । মা-দেউতাই মোক কৈছিল, ‘‘আপুনি এই কামটো কৰিব নালাগিছিল, কিন্তু একো নহয় । পিতৃ-মাতৃ হিচাপে আমি এনেকুৱা অনুভৱ কৰাটো স্বাভাৱিক ।’’

তৃপ্তি ডিমৰীৰ চিনেমা

২৯ বছৰীয়া তৃপ্তি ডিমৰীয়ে ‘লাইলা মাজনু’ ছবিৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ‘বুলবুল’ আৰু ‘কালা’ ছবি দুখনতো তেওঁ নিজৰ অভিনয়ৰে সকলোৰে হৃদয় জিকিবলৈ সক্ষম হৈছিল । এই তিনিখন ছবিয়ে অ’টিটি প্লেটফৰ্মত যথেষ্ট সমাদৰ লাভ কৰিছিল । কিন্তু ৰূপালী পৰ্দাত ‘এনিমেল’ৰ জৰিয়তে প্ৰথম সুযোগ লাভ কৰিছিল তৃপ্তিয়ে, য’ত তেওঁ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: প্ৰাকৃতিক পৰিৱেশত নগ্ন ৰূপত জন্মদিন উদযাপন বিদ্যুৎ জামৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.