ছলমান খানক ইনষ্টাগ্ৰামত আনফ’ল’ কৰিলে শ্বেহনাজ গীলে

author img

By

Published : Aug 8, 2022, 2:06 PM IST

Etv BharaShehnaaz Gill t
Etv Bharatছলমান খানক ইনষ্টাগ্ৰামত আনফ’ল’ কৰিলে শ্বেহনাজ গীলে ()

ছলমান খানৰ বহু প্ৰত্যাশিত ছবি কভী ঈদ কভী দিৱালীৰ পৰা বাদ দিয়া হৈছে শ্বেহনাজ গীলক (Shehnaaz Gill kabhi eid kabhi diwali) । এই ছবিখনৰ জৰিয়তে শ্বেহনাজে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছিল ।

চিটাৰা ডেস্ক, 8 আগষ্ট : 'দাবাং খান' ছলমানৰ ছবি 'কভী ঈদ কভী দিৱালী'ৰ বাৰে বাৰে সলনি হৈছে নায়কি । ‘পঞ্জাৱ কি কেটৰিণা’ খ্যাত পাঞ্জাৱী কণ্ঠশিল্পী শ্বেহনাজ গীল শেহতীয়াকৈ বাহিৰ হৈছে ছবিখনৰ পৰা । শ্বেহনাজৰ অনুৰাগীসকল হতাশ হৈ পৰিছে এই খবৰ বিয়পি পৰাৰ পিছত । শ্বেহনাজে ইনষ্টাগ্ৰামত আনফ’ল’ কৰিছে ছলমান খানক ৷

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ছলমান খানৰ বহু প্ৰতীক্ষিত ছবি ‘কভী ঈদ কভী দিৱালী’ৰ পৰা বাদ দিয়া হৈছে শ্বেহনাজ গীলক (Shehnaaz Gill kabhi eid kabhi diwali) । এই ছবিখনৰ জৰিয়তে শ্বেহনাজ গীলে বলীউডত অভিষেক ঘটাবলৈ আগবাঢ়িছিল যদিও তাৰ আগতেই আহিল তাৰকাগৰাকীৰ অনুৰাগীলৈ এই হৃদয় বিদাৰক খবৰটো ।

শ্বেহনাজে এই ছবিখনৰ বহু দৃশ্যও শ্বুট কৰিছিল বুলি জানিব পৰা গৈছে ৷ শ্বুটৰ ফটো ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল । এতিয়া এই খবৰটোৰ সমান্তৰালকৈ শ্বেহনাজে ছলমান খানক ইনষ্টাগ্ৰামৰ পৰা আনফ’ল’ কৰা খবৰটোৱেহে এতিয়া উৎসুক কৰি তুলিছে নেটিজেনক । কিয়নো ঈদৰ সময়ছোৱাত ছলমান আৰু শ্বেহনাজৰ একেলগে থকা বহু ফটো আৰু ভিডিঅ’ অনুৰাগীয়ে বহুত পছন্দ কৰিছিল ৷ এতিয়া ছবিখনৰ পৰা শ্বেহনাজ বাহিৰ হোৱা বাতৰিটোৰ সন্দৰ্ভত এতিয়ালৈকে ছবিখনৰ সৈতে জড়িত ষ্টাৰকাষ্টৰ পৰা কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই ।

আপোনালোকক জনাওঁ এই ছবিখনৰ বাবে ইতিমধ্যে বহু নায়ক নায়িকাৰ নাম সন্মুখলৈ আহিছিল আৰু বিভিন্নজন ছবিখনৰ পৰা ইতিমধ্যে বাহিৰো হৈছে । ছবিখনৰ পৰা শ্বেহনাজ গীলৰ বাহিৰ হোৱাৰ খবৰটো যদি সঁচা হয়, তেন্তে অনুমান কৰাটো কঠিন ন’হব যে দুয়োৰে মাজত কিছু মতানৈক্য ঘটিছে ।

দক্ষিণৰ অভিনেত্ৰী পূজা হেগড়েই ছলমান খানৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব । টিভি জগতৰ অভিনেতা সিদ্ধাৰ্থ নিগমৰ নামো সাঙোৰ খাইছে । শ্বেহনাজৰ বিষয়ে ক’বলৈ গ’লে ছলমান খানৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান ‘বিগ বছ’ৰ পৰা শিৰোনাম দখল কৰিছিল তেওঁ ৷

লগতে পঢ়ক : ষ্ট্ৰেপলেছ ড্ৰেছত গায়িকা ও অভিনেত্ৰী শ্বেহনাজৰ কেইটামান আকৰ্ষণীয় লুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.