Salman Khan: বিমানবন্দৰত ভাইজানক দেখি দৌৰি আহিল এটি কণমানি অনুৰাগী, তাৰ পিচত কি হ’ল চাওক

author img

By

Published : May 25, 2023, 1:23 PM IST

SALMAN KHAN GETS A LOVELY HUG FROM HIS CHILD FAN AT AIRPORT WATCH

কণমানি অনুৰাগীৰ সৈতে ছলমান খানৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । অনুৰাগীৰ সৈতে ছলমান খানৰ এই ভিডিঅ’টোৱে হৃদয় চুই যাব আপোনাৰ (Salman Khan hugs little fan at airport) ৷

চিটাৰা ডেস্ক, 25 মে’: বিগত সময়ত মৃত্যুৰ ভাবুকি লাভ কৰিছিল বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে । ভাবুকি লাভ কৰাৰ পিচৰ পৰাই ছুপাৰষ্টাৰগৰাকীক মুম্বাই আৰক্ষীয়ে ৱাই+ কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰিছে ৷ এনে পৰিস্থিতিত ছলমান য’তেই যায় তাতেই তেওঁৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা দেখা পোৱা যায় (Salman khan with fan in airport)।

কিন্তু জীৱনৰ প্ৰতি থকা ভাবুকিৰ মাজতো নিজৰ অনুৰাগীক কেতিয়াও নিৰাশ নকৰে ভাইজানে ৷ যথাসম্ভৱ সদায় নিজৰ অনুৰাগীক মুকলিকৈ লগ কৰে (Salman Khan Video)। শেহতীয়াকৈ তেনে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, ভিডিঅ’টোত ছলমানক নিজৰ অনুৰাগীৰ সৈতে দেখা পোৱা গৈছে বিমানবন্দৰত ৷ যিটো সম্প্ৰতি ছ’চিয়ল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ এই ভিডিঅ’টোক লৈ অভিনেতাগৰাকীৰ অনুৰাগীসকলে ভাইজানৰ প্ৰশংসাত পঞ্চমুখৰ হোৱা দেখা পোৱা গৈছে ।

নিশা বিমানবন্দৰত দেখা গ’ল ছলমান খানক

যোৱা নিশা বিমানবন্দৰত দেখা পোৱা গৈছিল ছলমান খানক । বিমানবন্দৰত অভিনেতাগৰাকীৰ চাৰিওফালে নিৰাপত্তা থকা দেখা যায় । ইফালে ছলমান খানক দেখি পাপাৰাজীয়ে তেওঁক কেমেৰাত বন্দী কৰাৰ চেষ্টা কৰে ৷ কিন্তু ইয়াৰ মাজতে এটি কণমানি অনুৰাগী দৌৰি আহে ছলমান খানৰ ওচৰলৈ । এনে পৰিস্থিতিত নিৰাপত্তাৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰে, কিন্তু ছলমানে নিজৰ ঠাইত ৰৈ শিশুটিক সাৱটি ধৰে । ছলমানক সাৱটি ধৰি যেন সুখ অনুভৱ কৰিছিল শিশুটিয়ে (Salman Khan hugs his little fan at Airport)। ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰে অভিনেতাগৰাকীৰ এই ভিডিঅ’টো ।

ভিডিঅ’টোক লৈ অনুৰাগীৰ মন্তব্য

ভাইজানৰ এই ভিডিঅ’টোয়ে ছ’চিয়েল মিডিয়াত বহু লাইক আৰু কমেন্ট লাভ কৰিছে (Salman Khan shares a hug with a little fan) । এই সন্দৰ্ভত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "ভাৰতীয় ছবিৰ এতিয়ালৈকে আটাইতকৈ সুদৰ্শন আৰু আটাইতকৈ ভাল দেখা অভিনেতা ।" আনহাতে, আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "ভাই কে ক্যা মোচন হে স্লো মোচন ভিডিঅ' মে।" আন এজনে ক'লে, "জলৱা হে আছে ভাইৰ । তেওঁৰ দৰে অন্য কোনো হ’ব নোৱাৰিব ৷ "

লগতে পঢ়ক: Kangana Ranaut : ছলমানখানলৈ একাধিকবাৰ মৃত্যুৰ ভাবুকি; কি ক’লে কংগনাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.