Kangana Ranaut : ছলমানখানলৈ একাধিকবাৰ মৃত্যুৰ ভাবুকি; কি ক’লে কংগনাই ?

author img

By

Published : May 1, 2023, 12:04 PM IST

Watch: 'Country is in safe hands' says Kangana Ranaut after Salman Khan said 'India ke andar problem hai'

একাধিক মৃত্যুৰ ভাবুকিৰ সৈতে কেনেদৰে মোকাবিলা কৰি আছে সেই বিষয়ে ছলমান খানে মুকলিকৈ কোৱাৰ পিচতে এই সন্দৰ্ভত কংগনা ৰানাৱটে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া (Salman Khan) ৷

ছলমানখানলৈ একাধিকবাৰ মৃত্যুৰ ভাবুকি; কি ক’লে কংগনাই ?

চিটাৰা ডেস্ক, 1 মে’: শেহতীয়াকৈ বলীউডৰ ভাইজান ছলমান খানে লাভ কৰিছিল কেইবাটাও মৃত্যুৰ ভাবুকি ৷ কেতিয়াবা যদি ইমেইলযোগে আন কেতিয়াবা আকৌ আৰক্ষী চকীত ফোনযোগে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল গেংষ্টাৰ লৰেন্স বিষ্ণৈ গেঙে (Salman Khan latest news) ৷ এই সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে বলীউডৰ কুইন কংগনা ৰানাৱটে (Kangana Ranaut on salman khan death threat) ৷

দেওবাৰে উত্তৰাখণ্ডৰ হৰিদ্বাৰত থকা অভিনেত্ৰীগৰাকীয়ে ছলমান খানে লাভ কৰা মৃত্যুৰ ভাবুকিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দেশখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰাপদ হাতত আছে আৰু সেয়েহে নিৰাপত্তাৰ ক্ষেত্ৰত ভয় কৰিবলগীয়া একো নাই (Kangana Ranaut in haridwar) ।

অভিনেত্ৰীগৰাকীয়ে কয়, "আমি অভিনেতা । ছলমান খানক কেন্দ্ৰই নিৰাপত্তা প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা তেওঁ সুৰক্ষা লাভ কৰিছে, সেয়েহে ভয় কৰিবলগীয়া একো নাই । " অভিনেতাগৰাকীয়ে লগতে কয় যে, "যেতিয়া মোক ভাবুকি দিয়া হৈছিল, তেতিয়া মোকো চৰকাৰে নিৰাপত্তা দিছিল, আজি দেশ নিৰাপদ হাতত আছে । সেয়াহে চিন্তাৰ কোনো কাৰণ নাই।"

উল্লেখ্য যে ছলমান খানে শেহতীয়াকৈ টিভি শ্ব’ত তেওঁ মৃত্যুৰ ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ কথা কৈছিল । মৃত্যুৰ ভাবুকিৰ মাজতে ভাইজানক মুম্বাই আৰক্ষীয়ে Y+ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছে । শনিবাৰে ছলমানে নিজৰ অভিজ্ঞতা আৰু ইয়াৰ সৈতে কেনেদৰে মোকাবিলা কৰি আছে সেই বিষয়ে শ্বেয়াৰ কৰি ঠাট্টা কৰি কয় যে, “ডুবাই সম্পূৰ্ণ নিৰাপদ স্থান, সমস্যা ভাৰতত হে আছে ।”

৫৭ বছৰীয়া অভিনেতাগৰাকীয়ে কয় যে নিৰাপত্তাহীনত ভুগাতকৈ নিৰাপত্তা ভাল । তেওঁ আৰু কয়, “এয়া গুৰুতৰ ভাবুকি, সেইবাবেই নিৰাপত্তা প্ৰদান কৰা হৈছে ।” ছলমান খানৰ এই মন্তব্যৰ পিচতে অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে এই প্ৰতিক্ৰিয়া (Kangana Ranaut on actors receiving death threats) ৷

ভাবুকি লাভ কৰাৰ বাবেই ছুপাৰষ্টাৰগৰাকীক মুম্বাই আৰক্ষীয়ে ৱাই+ কেটেগৰীৰ নিৰাপত্তাৰ প্ৰদান কৰিছে । লৰেন্স বিষ্ণৈ গেঙৰ পৰা অভিনেতাগৰাকীয়ে ভাবুকি পত্ৰ পোৱাৰ পিচতে মহাৰাষ্ট্ৰ চৰকাৰে ছুপাৰষ্টাৰগৰাকীক নিৰাপত্তাৰক্ষীৰ এস্কৰ্ট নিযুক্তি দিয়ে (Kangana Ranaut latest news) ।

লগতে পঢ়ক: Salman Khan : পৰিয়াল পৰিকল্পনা সন্দৰ্ভত কি ক’লে ছুপাৰষ্টাৰ ছলমান খানে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.