ETV Bharat / entertainment

ফিৰোজা ৰঙৰ ব্ৰেচলেটৰ সৈতে সম্পৰ্ক কি ছলমান খানৰ ? বহুবাৰ ভাঙি যোৱাৰ পাচতো পেলোৱা নাই ব্ৰেচলেটডাল !

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 12:32 PM IST

Salman Khan 58th birthday special: Know the behind story of lucky Firoza bracelet
ছলমান খানৰ জন্মদিন

Salman Khan Birthday Special: বুধবাৰে ৫৮ সংখ্যক জন্মদিন উদযাপন কৰিছে ছলমান খানে । এই বিশেষ দিনটোত সমগ্ৰ বিশ্বৰ অনুৰাগীৰ পৰা লাভ কৰিছে শুভেচ্ছা বাৰ্তা । আজি অভিনেতাগৰাকীৰ জন্মদিন উপলক্ষে তেওঁ পৰিধান কৰা ব্ৰেচলেটডালৰ বিষয়ে কিছু কথা জানো আহক ।

চিটাৰা ডেস্ক, ২৭ ডিচেম্বৰ: বলিউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ আজি ৫৮ সংখ্যক জন্মদিন । ‘ভাইজানৰ জন্মদিন’ তেওঁৰ অনুৰাগীৰ বাবে কোনো উৎসৱতকৈ কম নহয় । প্ৰতি বছৰে এই বিশেষ দিনটোত এফালে যদি ছ’চিয়েল মিডিয়াত সমগ্ৰ বিশ্বৰ অনুৰাগীৰ পৰা শুভেচ্ছা লাভ কৰে, আনফালে তেওঁৰ ঘৰৰ বাহিৰতো হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ দেখা যায় । লাখ লাখ যুৱতীৰ হৃদয়ত শাসন কৰি আহিছে ছলমান খানে ।

ট্ৰেণ্ড হৈ পৰে ছলমান খানৰ প্ৰতিটো ষ্টাইল

ছলমানে যিয়েই নকৰক কিয়, সেয়াই ট্ৰেণ্ড হৈ পৰে ৷ সেয়া লাগিলে চুলিৰ ষ্টাইল হওক, ফটা জিন্সৰ ফেশ্বন হওক বা কথা কোৱাৰ ষ্টাইল হওক বা হাতত পিন্ধা ফিৰোজা ব্ৰেচলেটৰ ট্ৰেণ্ড হওক । ছলমানৰ ব্ৰেচলেট ট্ৰেণ্ডত অহাৰ পূৰ্বে হয়তো বহুলোকে ফিৰোজা ষ্টোনৰ নামো শুনা নাছিল । একে সময়তে আজিও ছলমানে প্ৰত্যেক সময়ত এই ব্ৰেচলেটডাল হাতত পৰিধান কৰি থকা দেখা যায় ৷ কিন্তু আপুনি জানেনে কিয় এই ব্ৰেচলেটডাল সদায় পৰিধান কৰে ছলমানে ? কোনে ছলমানক উপহাৰ দিছে ফিৰোজা ব্ৰেচলেটডাল ? এইকেইটা প্ৰশ্নৰ উত্তৰ হয়তো খুব কম লোকে হে জানে ৷ গতিকে আজি ভাইজানৰ জন্মদিন উপলক্ষে এই ফিৰোজা ব্ৰেচলেটৰ বিষয়ে জানো আহক ।

ছলমানক কোনে উপহাৰ দিছিল ফিৰোজা ব্ৰেচলেট ?

এই ফিৰোজা ৰঙৰ ব্ৰেচলেটডাল ছলমানক তেওঁৰ পিতৃ চেলিম খানে উপহাৰ দিছিল ৷ কিন্তু এই কথা হয়তো খুব কম লোকেহে জানে ৷ ছুপাৰষ্টাৰগৰাকীয়ে এই ব্ৰেচলেটডাল তেওঁৰ বাবে অতি ভাগ্যৱান বুলি গণ্য কৰে । সেয়েহে, ব্ৰেচলেটডাল তেওঁ কেতিয়াও নিজৰ পৰা আঁতৰ নকৰে । এবাৰ ছলমানে খোদ এই ব্ৰেচলেটডালৰ আঁৰৰ কাহিনী কৈছিল ৷ ছলমান খানে কৈছিল যে,‘‘ সৰুতে দেউতাকক এই ব্ৰেচলেটডাল পিন্ধা দেখিছিলো । সেই সময়তো মোৰ এই ব্ৰেচলেটডাল খুব ভাল লাগিছিল ।’’ পিচলৈ যেতিয়া ছলমানে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, তেতিয়া কিছুদিনৰ পিচত পিতৃ চেলিম খানে তেওঁক আশীৰ্বাদ হিচাপে এই ব্ৰেচলেটডাল উপহাৰ দিছিল ।

ফিৰোজাৰ বিশেষত্ব জানি লওক

এই ফিৰোজা ৰঙৰ বিশেষত্ব বৰ্ণনা কৰি ছলমানে কৈছিল যে এই শিলে আপোনাৰ ফালে অহা সকলো ধৰণৰ নেতিবাচকতা নিজৰ ওপৰত লয় । সম্পূৰ্ণ নেগিটিবিটি লোৱাৰ পিচত এই শিলটো নিজে নিজে ভাঙি যায় । জানিব পৰা মতে ছলমানৰ এই ব্ৰেচলেটডালৰ ফিৰোজা ৰঙৰ শিলটো এতিয়ালৈকে ৭ বাৰ ভাঙিছে । ফিৰোজাক ২টা জীৱন্ত শিলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় । ই কেৱল ইৰাণ, তিব্বত, মেক্সিকো আৰু চীনতহে পোৱা যায় । এই শিলে ইয়াক পিন্ধা ব্যক্তিজনৰ মন শান্ত আৰু সুস্থিৰ কৰি ৰখাত সহায় কৰে ।

লগতে পঢ়ক: ভাইজানক জন্মদিনত এবাৰ চাবলৈ মুম্বাইৰ ঘৰৰ বাহিৰত অনুৰাগীৰ সমাৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.