ETV Bharat / entertainment

Sri Raghupati: শ্ৰী ৰঘুপতি ছবিখনৰ মুক্তিৰ সন্দৰ্ভত কি ক’লে অভিনেতা ৰবি শৰ্মাই

author img

By

Published : Jun 5, 2023, 4:16 PM IST

Ravi Sarmas Sri Raghupati All Set to Hit Theatres today
শ্ৰী ৰঘুপতিৰ মুক্তিক লৈ ৰবি শৰ্মা মন্তব্য

আইনী মেৰপেচৰ পৰা মুক্ত হ’ল শ্ৰী ৰঘুপতি ৷ ৫ বজাৰ পৰা চিনেমা হলত মুকলি হ’ব শ্ব’ (Sri Raghupati Release timing) ৷

শ্ৰী ৰঘুপতিৰ মুক্তিক লৈ ৰবি শৰ্মা মন্তব্য

গুৱাহাটী, ৫ জুন : অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত ছবি ‘শ্ৰী ৰঘুপতি’ চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অসমবাসী ৷ কিন্তু ছবিখন মুক্তিৰ পূৰ্বেই সোমাই পৰিছিল আইনী মেৰপেচত ৷ অৱশ্যে ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি থকা সকলৰ বাবে সুখবৰ (Raghupati Assamese movie release date) ৷ কিয়নো আইনী মেৰপেচৰ পৰা মুকলি হৈছে ‘শ্ৰী ৰঘুপতি’ ছবিখন ৷

উল্লেখ্য যে, ৰবি শৰ্মাৰ নতুন ছবি ‘শ্ৰী ৰঘুপতি’ মুক্তিত স্থগিতাদেশ উঠাই লৈছে ন্যায়ালয়ে ৷ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেতা ৰবি শৰ্মাই ৷ শ্ৰী ৰঘুপতি মুক্তিৰ বিপত্তিৰ সময়ত সকলোৱে লগ দিয়াৰ বাবে অসমবাসী আৰু সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন অভিনেতা ৰবি শৰ্মাৰ (Ravi Sharma Sri Raghupati Release date) ৷

সাংবাদিকৰে মত বিনিময়ত ৰবি শৰ্মাই কয় যে— “আইনী মেৰপেচত পৰা ছবিখনৰ ওপৰত জাৰী স্থগিতাদেশ আজি উচ্চ ন্যায়ালয়ে বাতিল কৰিছে (Sri Raghupati Release timing)। গোচৰীয়া পক্ষয়ো এটা কথা অনুধাৱন কৰিছে যে প্ৰযোজনাৰ যি সংঘাত সেইটোৰ ক্ষেত্ৰত এতিয়া অসমবাসীৰ আগ্ৰহ আৰু ছবিখনৰ মাজত সোমাব খোজা নাই তেঁওলোকে ৷ তেওঁলোকেও গোচৰটো উঠাই লৈছে আৰু উচ্চ ন্যায়ালয়েও স্থগিতাদেশটো বাতিল কৰিছে ৷"

লগতে ৰবি শৰ্মাই মন্তব্য কৰে যে তেওঁ এতিয়া অত্যন্ত সুখী (Sri Raghupati Release timing) ৷ ন্যায়ালয়ৰ প্ৰত্যায়িত কপি হাতত পৰিলেই শ্ৰী ৰঘুপতি মুকলি কৰিব পৰা যাব ৷ ন্যায়ালয়ে চিনেমাখনৰ মুক্তিত দিয়া স্থগিতাদেশ বাতিলৰ ৰায়ৰ প্ৰত্যায়িত কপি চিনেমাখনৰ বিতৰণৰ দায়িত্বত থকা সংস্থাক দিয়াৰ পিচতেই হলত চিনেমাখন মুকলি হ’ব (Ravi Sharma new film) ৷ সন্ধিয়ালৈ দৰ্শককসকলে ছবিখন চিনেমা হলত চাবলৈ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ আজি সন্ধিয়াৰ ৫ বজাৰ পৰা দুটা শ্ব’ বুক কৰিব পাৰিব দৰ্শক সকলে ৷ এই কথাও সদৰি কৰিলে ৰবি শৰ্মাই ৷

লগতে পঢ়ক: Sri Raghupati: আজি মুক্তি লাভ কৰিব ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতি, উচ্চ ন্যায়ালয়ৰ ডাঙৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.