ETV Bharat / entertainment

নগ্ন ফটোশ্বুটক লৈ ৰণভীৰ সিঙলৈ জাননী মুম্বাই আৰক্ষীৰ

author img

By

Published : Aug 13, 2022, 1:16 PM IST

মুম্বাই আৰক্ষীয়ে নগ্ন ফটোশ্বুট সন্দৰ্ভত জাননী জাৰি কৰি ৰণভীৰ সিঙক সোধা-পোছাৰ বাবে মাতিছে । সবিশষ জানিবলৈ আগলৈ পঢ়ক-

Ranveer Singh
নগ্ন ফটোশ্বুটক লৈ ৰণভীৰ সিঙলৈ জাননী মুম্বাই আৰক্ষীৰ

চিটাৰা ডেস্ক, 13 আগষ্ট : বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণভীৰ সিঙৰ অনুৰাগীসকলৰ বাবে দুঃখবৰ । মুম্বাই আৰক্ষীয়ে জাননী জাৰি কৰিছে তেওঁলৈ ৷ দৰাচলতে নগ্ন ফটোশ্বুটৰ বিতৰ্কই এতিয়াও লগ এৰা নাই ৰণভীৰ সিঙক ৷

শেহতীয়াকৈ ৰণভীৰ সিঙে এটা নগ্ন ফটোশ্বুট কৰিছিল ৷ দেশত সাংঘাতিক ধৰণে বিতৰ্ক হ’ল ইয়াকে লৈ ! দুটা ভাগত বিভক্ত হৈ পৰিল জনসাধাৰণ ৷ কিছু সংখ্যকৰ কাৰণে যদি ই হৈ পৰিল এটা ৰাষ্ট্ৰীয় সমস্যা আন কিছু সংখ্যকৰ কাৰণে আকৌ ই একেবাৰে ভাতৰ লগত পানী খোৱাৰ দৰে আছিল ৷

ৰণভীৰৰ নগ্ন ফটোশ্বুটৰ পিছতে তেওঁৰ বিৰুদ্ধে বহু ঠাইত এজাহাৰো দাখিল কৰা হৈছিল ৷ এন জি অ‘ ৰ পৰা আৰম্ভ কৰি বিভিন্ন মহিলা সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল ৷ এতিয়া মুম্বাই আৰক্ষীয়ে নগ্ন ফটোশ্বুট সন্দৰ্ভত ৰণভীৰ সিঙক জাননী জাৰি কৰি ২২ আগষ্টত তেওঁক সোধা-পোছাৰ বাবে মাতিছে ।

খবৰ অনুসৰি ৰণভীৰ সিঙক জাননী দিবলৈ আৰক্ষী নিজেই গৈছিল তাৰকাজনৰ ঘৰলৈ কিন্তু সেই সময়ত তেওঁ ঘৰত উপস্থিত নাছিল ৷

অলপতে ৰণভীৰ সিঙে এখন আলোচনীৰ বাবে নগ্ন ফটোশ্বুট কৰি বি-টাউন আৰু ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছিল । ইয়াৰ পিছৰে পৰাই অভিনেতাজন সমালোচনাৰ সন্মুখীন হৈ আহিছে ।

লগতে পঢ়ক : Ranveer singh news:নগ্ন ফটোশ্বুটৰ বিতৰ্কই স্পৰ্শও কৰিব পৰা নাই ৰণভীৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.