Assassination Squad: ৰাম গোপাল বাৰ্মাই কাৰ সৈতে মিলি কৰিছে ৰাজামৌলীক হত্যাৰ পৰিকল্পনা ?

author img

By

Published : Jan 24, 2023, 6:53 PM IST

RGV SS Rajamouli

ৰাম গোপাল বাৰ্মাই ছ’চিয়েল মিডিয়াত উদঙাই দিলে এক গোপন ৰহস্য ৷ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলীক হত্যা কৰিব বিচৰা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ 'হত্যাকাৰী দলৰ তেৱো এটা অংশ বুলি মুকলিকৈ প্ৰকাশ কৰিলে RGV য়ে ৷ প্ৰায়ে নিশাৰ ভাগত কৰা উত্তেজনাময় টুইটৰ বাবে জনাজাত চিত্ৰ নিৰ্মাতাজনে তেওঁৰ শেহতীয়া টুইটেৰে সামাজিক মাধ্যমত খলকনি তুলিছে ৷

চিটাৰা ডেস্ক, 24 জানুৱাৰী : অকস্মাতে বিখ্যাত চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলীক নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ ক’লে বিতৰ্কিত চিত্ৰ নিৰ্মাতা ৰাম গোপাল বাৰ্মাই ৷ বাৰ্মাৰ এই টুইটে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া ৷ ৰাম গোপাল বাৰ্মাই মুকলিকৈ প্ৰকাশ কৰিছে যে ৰাজামৌলীক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু তেওঁ নিজে সেই দলত অন্তৰ্ভূক্ত হৈ আছে ৷

  • From Dada Sahab Phalke onwards till now , no one in the history of Indian cinema including @ssrajamouli could have imagined that an Indian director someday will go through this moment https://t.co/85gosw66qJ

    — Ram Gopal Varma (@RGVzoomin) January 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দৰাচলতে ৰাম গোপাল বাৰ্মাই ধাৰাবাহিকভাৱে টুইট কৰি চিত্ৰ নিৰ্মাতা ৰাজামৌলীৰ প্ৰশংসা কৰে (Ram Gopal Varma twitter) ৷ পেছাগতভাৱে এছ এছ ৰাজামৌলীক হিংসা কৰাৰ বাবে একত্ৰিত হোৱা আন আন চিত্ৰ নিৰ্মাতা সকলৰ দলত তেৱো সংযোগ হৈছে বুলি বাৰ্মাই কৌতুকপূৰ্ণ টুইট কৰে ৷ সকলোৱে মিলি ৰাজামৌলীক হত্যা কৰাৰ পৰিকল্পনা কৰিছে বুলি তেওঁ উল্লেখ কৰে ৷ সেয়েহে ৰাজামৌলীক নিজৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ কয় তেওঁ ৷

বাৰ্মাই টুইটাৰত 28 তম ক্ৰিটিকচ চইচ এৱাৰ্ডৰ মঞ্চত জেমছ কেমেৰুনৰ সৈতে হোৱা ৰাজামৌলীৰ বাৰ্তালাপৰ এটা ভিডিঅ' পুনৰ শ্বেয়াৰ কৰে য'ত আৰ আৰ আৰে শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ বঁটা লাভ কৰিছিল । ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ কেপছনত লিখিছে, "দাদা চাহেব ফাল্কেৰ পৰা এতিয়ালৈকে, @ssrajamouli কে ধৰি ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসত কোনোৱে কল্পনা কৰিব পৰা নাছিল যে কোনোবা দিনা এজন ভাৰতীয় পৰিচালক এই মুহূৰ্তৰ মাজেৰে যাব" ৷

সত্যৰ নিৰ্মাতাগৰাকীয়ে ৰাজামৌলীৰ প্ৰশংসা অব্যাহত ৰাখি লিখিলে, "হে @ssrajamouli আপুনি আচলতে প্ৰতিজন চলচ্চিত্ৰ নিৰ্মাতাকে অতিক্ৰম কৰি কাম কৰিছে #MughaleAzam নিৰ্মাণ কৰা #KaAsif ৰ পৰা আৰম্ভ কৰি #Sholay নিৰ্মাণ কৰা #RmeshSippy লৈকে আৰু লগতে আদিত্য চোপ্ৰাছ, কৰণ জোহৰছ আৰু ভাৰতৰ ভাঞ্চালীছ আৰু... মই তাৰ বাবে আপোনাৰ ভৰিৰ সৰু আঙুলি চুহিব বিচাৰো" ৷

  • And sir @ssrajamouli , please increase ur security because there is a bunch of film makers in india who out of pure jealousy formed an assassination squad to kill you , of which I am also a part ..Am just spilling out the secret because I am 4 drinks down

    — Ram Gopal Varma (@RGVzoomin) January 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

"আৰু ছাৰ @ssrajamouli, অনুগ্ৰহ কৰি আপোনাৰ নিৰাপত্তা বৃদ্ধি কৰক কিয়নো ভাৰতত কিছুমান চলচ্চিত্ৰ নিৰ্মাতা আছে যিয়ে ঈৰ্ষাৰ বাবে আপোনাক হত্যা কৰিবলৈ এটা হত্যাকাৰী দল গঠন কৰিছিল, যাৰ মইও এটা অংশ...মই কেৱল ৰহস্যটো উদঙাই দিছোঁ কিয়নো মই 4 পেগ পানীয়ৰ তলত আছোঁ" ৷ উত্তেজনাপূৰ্ণ প্ৰকৃতিৰ বাৰ্মাৰ টুইটবোৰ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে ।

ৰাজামৌলীৰ আৰ আৰ আৰে ভাৰতৰ শ্ৰেষ্ঠ মৌলিক গীতৰ প্ৰথমটো গ’ল্ডেন গ্ল’ব বঁটাও লাভ কৰে । ছবিখনত ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে আলিয়া ভাট আৰু অজয় দেৱগণেও বিশেষ চৰিত্ৰত অভিনয় কৰিছিল ।

লগতে পঢ়ক : Oscars 2023: আজি ঘোষণা কৰা হ'ব মনোনীত ছবিৰ সম্পূৰ্ণ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.