ETV Bharat / entertainment

Watch: যোগী জীয়ে মোক ২০২৪ ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ দিয়ক, আমি ঘৰে ঘৰে বিলাহী বিতৰণ কৰিম- যোগীক ৰাখী সাৱন্তৰ আহ্বান

author img

By

Published : Jul 19, 2023, 8:29 PM IST

প্ৰায়ে লাইমলাইটত থকা বলীউডৰ ড্ৰামা কুইন ৰাখী সাৱন্তৰ এটা নতুন ভিডিঅ’ পোহৰলৈ আহিছে ৷ য’ত তেওঁক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কথা উল্লেখ কৰা দেখা গৈছে। গতিকে চাওঁ আহক ৰাখীৰ এই নতুন ভিডিঅ’টো...

Rakhi Sawant will seek votes for 2024 elections with UP CM Yogi Adityanath, watch video
যোগীক ৰাখী সাৱন্তৰ আহ্বান

চিটাৰা ডেস্ক, 19 জুলাই: বলীউডৰ ড্ৰামা কুইন নামেৰে জনাজাত ৰাখী সাৱন্তে প্ৰায়ে নিজৰ ব্যতিক্ৰমী শৈলীৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে ৷ সেয়া লাগিলে নিজৰ ব্যক্তিগত জীৱনৰ বাবেই হওক অথবা অন্য কোনো কাৰণতেই হওক মুঠৰ ওপৰত ৰাখীৰ ড্ৰামাৰ কোনো অন্ত নাই ৷

শেহতীয়াকৈ এটা নতুন ভিডিঅ’ক লৈ ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে ৰাখী সাৱন্তৰ । ভিডিঅ’টোত ৰাখী সাৱন্তে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ভোট বিচৰা দেখা গৈছে। বুধবাৰে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত ৰাখী সাৱন্তে নিজৰ ভিডিঅ’ শ্বেয়াৰ কৰে ।

ভিডিঅ’টোত ৰাখীয়ে পাপাৰাজীক কয় যে তেওঁ মুখ্যমন্ত্ৰী যোগীৰ এগৰাকী ডাঙৰ অনুৰাগী । লগতে কয়, যোগী জী, ২০২৪ চনত আহি থকা নিৰ্বাচনত এই বিলাহী প্ৰতীকটো নিৰ্বাচনত থিয় কৰাই দিয়ক, মানে ৰাখী সাৱন্ত । আমি ঘৰে ঘৰে বিলাহী বিতৰণ কৰিম, ইমান ভোট পাম যে কাকো নোট বিতৰণ কৰাৰ প্ৰয়োজন নাই। বিলাহী বিতৰণ কৰা হ’ব।

ভিডিঅ’টোত ৰঙা এথলেইজাৰত দেখা পোৱা গৈছে ৰাখীক । আনহাতে চুলিকোচা খোলা ৰাখিছিল অভিনেত্ৰীগৰাকীয়ে । লাইট মেকআপেৰে লুকটো সম্পূৰ্ণ কৰিছিল অভিনেত্ৰীগৰকীয়ে । ৰাখীয়ে এই ৰঙা লুকটোক বিলাহীৰ সৈতে তুলনা কৰিছে ।

ৰাখীৰ আন এটা ভিডিঅ’ত তেওঁক গাড়ীৰ পৰা নামি অহা দেখা গৈছে। গাড়ীৰ পৰা নামি অহাৰ সময়ক পাপাৰাজীক ৰাখীয়ে কয়, ‘চোৱা, আজি মই নিজেই টমেটো হৈ আহিছো । মোক কোনে খাব।' বিলাহীৰ বৰ্ধিত দাম সন্দৰ্ভত ৰাখীয়ে কয়, ‘আজিৰ শেহতীয়া খবৰটো হ’ল মই নিজেই টমেটো হৈ আহিছো, মোৰ চাটনি বনাওক, শাকত ঢালি দিয়ক, মোৰ চালাড বনাওক।’

লগতে পঢ়ক: Jawan: এ আৰ ৰহমানতকৈও অধিক মাচুল, কোন হয় জৱানৰ সংগীত পৰিচালক যিয়ে লৈছে যিয়ে ১০ কোটি টকা

লগতে পঢ়ক: Anurag Thakur OTT: অ’টিটি প্লেটফৰ্মসমূহক সকীয়নী অনুৰাগ ঠাকুৰৰ, ক’লে- ভাৰতীয় সমাজ-সংস্কৃতিক অপমান নকৰিব

লগতে পঢ়ক: Nick-Priyanka: পত্নী প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিনত বিশেষভাৱে শুভেচ্ছা জনালে নিক জ’নাছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.