ETV Bharat / entertainment

Raju Srivastav health update : কন্যা অন্তৰাই আইচিউত লগ কৰিলে ৰাজু শ্ৰীবাস্তৱক

author img

By

Published : Sep 5, 2022, 9:30 PM IST

Raju Srivastav
আইচিউত ৰাজু শ্ৰীবাস্তৱ

ৰাজু শ্ৰীবাস্তৱ হৃদ ৰোগত আক্ৰান্ত হোৱাৰে পৰা চেলেব্ৰিটী আৰু অনুৰাগীসকলে ৰাজুৰ আশু আৰোগ্য কামনা কৰি আছে । সংবাদ মাধ্যমৰ মতে, শেহতীয়াকৈ ৰাজুৰ জীয়ৰী অন্তৰা তেওঁক লগ কৰিবলৈ চিকিৎসালয়লৈ গৈছিল (Raju Srivastav health update) ।

চিটাৰা ডেস্ক, 5 ছেপ্টম্বৰ : কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ যোৱা 25 দিন ধৰি দিল্লীৰ এইমছ চিকিৎসালয়ৰ আইচিইউ ৱাৰ্ডত ভৰ্তি হৈ আছে (Raju Srivastav ICU)। বৰ্তমানেও ৰাজুৰ স্বাস্থ্যৰ বিশেষ উন্নতি হোৱা নাই । চেলেব্ৰিটী আৰু অনুৰাগীসকলে ৰাজুৰ আশু আৰোগ্য কামনা কৰি আছে । সংবাদ মাধ্যমৰ মতে, ৰাজুৰ জীয়াৰী অন্তৰা তেওঁক লগ কৰিবলৈ চিকিৎসালয়লৈ গৈছিল । যেতিয়া অন্তৰাক আইচিইউ ৱাৰ্ডলৈ যাবলৈ অনুমতি দিয়া হৈছিল, তেতিয়া তেওঁ দেউতাকক কেইটামান শব্দ কৈছিল, যাক শুনি ৰাজুৱে লৰচৰ কৰিছিল ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অন্তৰাই দেউতাকক কয় যে, 'পাপা আপোনাৰ চকু খোলক, আপুনি ইয়াত এনেদৰে কিমান দিন শুই থাকিব' । জানিব পৰা মতে জীয়েকৰ মাত শুনি ৰাজুৱে চকু লৰচৰ কৰিছিল । অৱশ্যে চিকিৎসকসকলে এই সম্পৰ্কত একো মন্তব্য দিয়া নাই ।

একে সময়তে ৰাজুৰ ভাতৃয়ে কৌতুক অভিনেতাজনৰ স্বাস্থ্যৰ বিষয়ে কৈছে যে ৰাজুৰ স্বাস্থ্য আগৰ তুলনাত অলপ ভাল (Raju Srivastav health update) ।

তেওঁৰ শৰীৰৰ অংশবোৰেও লাহে লাহে কাম কৰিবলৈ আৰম্ভ কৰিছে । তেওঁ ৰাজুৰ ৰক্তচাপ আৰু হৃদস্পন্দনৰ হাৰ স্বাভাৱিক বুলি বৰ্ণনা কৰিছে । ৰাজু বৰ্তমান ভেণ্টিলেটৰতে আছে । আগতে ৰাজুক ভেণ্টিলেটৰৰ পৰা আঁতৰ কৰোৱাৰ কথা আছিল কিন্তু জ্বৰ উঠাৰ বাবে চিকিৎসকে ভেণ্টিলেটৰতে ৰখাৰ সিদ্ধান্ত লয় । চিকিৎসকে স্পষ্টকৈ কৈছে যে জ্বৰ আৰোগ্য নোহোৱা পৰ্যন্ত ৰাজু ভেণ্টিলেটৰত থাকিব ।

10 আগষ্টত ৰাজু শ্ৰীবাস্তৱে জিমত ট্ৰেডমিলত দৌৰি থাকোতে হঠাতে পৰি গৈছিল । তেওঁক ততাতৈয়াকৈ দিল্লীৰ এইমছ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । পিছত ৰাজু শ্ৰীবাস্তৱৰ হৃদযন্ত্ৰৰ এক বৃহৎ অংশত 100 শতাংশ ব্লক পোৱা গৈছিল, যাৰ পিছত তেওঁৰ এঞ্জিওপ্লাষ্টি কৰোৱা হৈছিল । কিন্তু ইমান সময় দিন চিকিৎসা কৰি থকাৰ পাছতো ৰাজুৱে এতিয়ালৈকে জ্ঞান ঘূৰাই পোৱা নাই ।

লগতে পঢ়ক : 5 ঘণ্টাৰ জেৰাত 50ৰো অধিক প্ৰশ্নত ব্যতিব্যস্ত হৈ পৰিল নোৰা ফাতেহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.