ETV Bharat / entertainment

Priyanka Chopra: মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন প্ৰিয়ংকা চোপ্ৰাৰ, চাওক কি ক’লে অভিনেত্ৰীগৰাকীয়ে

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 1:56 PM IST

দেশত প্ৰচলিত সামাজিক বিষয়ত প্ৰিয়ংকা চোপ্ৰাই সদায় মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে । বিশেষকৈ অভিনেত্ৰীগৰাকীয়ে নাৰী সম্পৰ্কীয় বিষয়ৰ কথা ক’বলৈ কুণ্ঠাবোধ নকৰে ৷ শেহতীয়াকৈ মহিলা সংৰক্ষণ বিধেয়কৰ সমৰ্থনত নিজৰ মতামত প্ৰকাশ কৰিছে প্ৰিয়ংকা চোপ্ৰাই ৷

Priyanka Chpra Appreciates women's reservation bill The actress expressed concern
মহিলা সংৰক্ষণ বিধেয়কৰ সমৰ্থনত নিজৰ মতামত প্ৰকাশ কৰিছে প্ৰিয়ংকা চোপ্ৰাই

চিটাৰা ডেস্ক, ২৪ ছেপ্টেম্বৰ: আন্তঃৰাষ্ট্ৰীয় তাৰকা প্ৰিয়ংকা চোপ্ৰা দৈনিক কিবা নহয়, কিবা কাৰণত বাতৰিৰ শিৰোনামত থাকে । ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ বিপুল ফেন ফ’ল’য়িং আছে । প্ৰিয়ংকা এতিয়া বিদেশত থিতাপি লৈছে যদিও ভাৰতত ঘটি থকা প্ৰত্যেকটা ঘটনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখে । প্ৰায়ে ভাৰতত ঘটি থকা ঘটনাবোৰৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা দেখা যায় ৷ শেহতীয়াকৈ ভাৰতীয় সংসদত গৃহীত হোৱা মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন জনাইছে অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰীগৰাকীয়ে ইয়াক জাতিটোৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে ।

Priyanka Chpra Appreciates women's reservation bill The actress expressed concern
মহিলা সংৰক্ষণ বিধেয়কৰ সমৰ্থনত প্ৰিয়ংকা চোপ্ৰাৰ পোষ্ট

প্ৰিয়ংকা চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই খবৰটোৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি বিধেয়কখন গৃহীত হোৱাত সুখ প্ৰকাশ কৰে । দেশী গাৰ্লে ৰাষ্ট্ৰীয় পতাকাৰ ইমোজি পোষ্ট কৰি এই পদক্ষেপক এক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে ।

ইনষ্টাগ্ৰাম পোষ্টত প্ৰিয়ংকাই কয় যে ‘নাৰী শক্তি বন্দন আইন’ নামেৰেও পৰিচিত মহিলা সংৰক্ষণ বিধেয়খন গৃহীত হোৱাটো এক গুৰুত্বপূৰ্ণ সাফল্য । পৰৱৰ্তী পদক্ষেপ হ’ব লাগে ইয়াৰ তাৎক্ষণিক ৰূপায়ণ । অভিনেত্ৰীগৰাকীয়ে এনে এখন ভাৰতৰ বাবে আশা প্ৰকাশ কৰে যিয়ে মহিলাসকলক সম্পূৰ্ণ হৃদয়েৰে সমৰ্থন আৰু সবলীকৰণ কৰিব ।

দেশত প্ৰচলিত সামাজিক বিষয়ত প্ৰিয়ংকা চোপ্ৰাই সদায় মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে । বিশেষকৈ অভিনেত্ৰীগৰাকীয়ে নাৰী সম্পৰ্কীয় বিষয়ৰ কথা ক’বলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে । এনে পৰিস্থিতিত প্ৰিয়ংকাৰ বিধেয়কখনক সমৰ্থন কৰাটো নিশ্চিত আছিল । প্ৰিয়ংকাৰ পূৰ্বে বলীউডৰ বহু চেলিব্ৰিটিয়ে মহিলা সংৰক্ষণ বিধেয়ক আইনক সমৰ্থন কৰিছিল । অভিনেত্ৰী কীৰ্তি কুলহাৰীয়েও এই বিধেয়কখনৰ প্ৰশংসা কৰিছে । তেওঁ লিখিছে যে ইয়াৰ লগে লগে যুৱ প্ৰজন্ম এতিয়া লিংগ সমতাৰ পৰিৱেশত ডাঙৰ হ’ব ।

মহিলা সংৰক্ষণ বিধেয়কৰ সমৰ্থনত তামান্না ভাটিয়া, কংগনা ৰানাৱট, ঈশা গুপ্তা, স্বপ্না চৌধাৰী, দিব্যা দত্তকে ধৰি বহু অভিনেত্ৰী নতুন সংসদলৈ আহিছিল । ভূমি পান্নেকাৰৰ লগতে শ্বেহনাজ গিল, মনোজ তিৱাৰীকো বিধেয়কখনৰ সমৰ্থনত দেখা পোৱা গৈছিল । মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাটো বহুদিনৰে পৰা আবদ্ধ হৈ আছিল । অৱশ্যে এই আইন এতিয়াও কাৰ্যকৰী হোৱা নাই, কেৱল গৃহীত হৈছে ।

লগতে পঢ়ক: Kerala Boycott Leo: মুক্তিৰ পূৰ্বে থালাপাথী বিজয়ৰ ছবি লিঅ’ৰ বাবে আহিল প্ৰত্যাহ্বান; কেৰালাত চলিছে হেচটেগ বয়কট লিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.