Priyanka Chopra baby:প্ৰিয়ংকাই কন্যাৰ মুখ দেখুওৱাৰ পিছতেই হুলস্থুল লাগি গ’ল ইণ্টাৰনেটত!

author img

By

Published : Nov 23, 2022, 1:45 PM IST

Priyanka Chopra

জন্মৰ পিছৰে পৰা প্ৰিয়ংকা-নিকৰ কন্যাৰ মুখ চাবলৈ উদ্বাউল হৈ পৰিছিল অনুৰাগী ৷ সময়ে সময়ে প্ৰিয়ংকায়ো অৱশ্য়ে অনুৰাগীৰ কথা ভাবি শ্বেয়াৰ কৰি আহিছে কন্যাৰ হাত, ভৰি, দেহৰ পিছফাল নতুবা আধা মুখ ইত্যাদি ৷ কিন্তু এইবাৰ শ্বেয়াৰ কৰা ফটো দেখি অনুৰাগীৰ উৎকণ্ঠা আৰু দুগুণে বৃদ্ধি পালে (Priyanka Chopra instagram) ৷ চাওক ফটোখন-

চিটাৰা ডেস্ক, 23 নৱেম্বৰ : বলীউডৰ ‘দেশী গাৰ্ল’ প্ৰিয়ংকা চোপ্ৰা চলিত বৰ্ষৰ জানুৱাৰী মাহত চাৰ’গেছিৰ জৰিয়তে প্ৰথমটি সন্তানৰ মাতৃ হৈছিল । জন্মৰ পিছৰে পৰা প্ৰিয়ংকাই বহুবাৰ জীয়েকৰ ছবি শ্বেয়াৰ কৰিছিল যদিও এতিয়ালৈকে মুখখন সঠিককৈ দেখুওৱা নাছিল । অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে বহুদিনৰ পৰা প্ৰিয়ংকাৰ কন্যা মালতী মেৰী চোপ্ৰা জোনাছৰ মুখখন চাবলৈ আগ্ৰহী হৈ আছিল আৰু এতিয়া অপেক্ষাৰ অন্ত পেলাইছে অভিনেত্ৰী গৰাকীয়ে । শেহতীয়াকৈ প্ৰিয়ংকাই শ্বেয়াৰ কৰিছে কন্যাৰ এখনি মৰমলগা ফটো ৷

যোৱা নিশা প্ৰিয়ংকা চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত কন্যা মালতী মেৰী চোপ্ৰা জোনাছৰ এখন মৰমলগা ফটো শ্বেয়াৰ কৰে (Priyanka Chopra instagram) । এই ছবিখনত মালতীক শুই থকা দেখিবলৈ পোৱা গৈছে । ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ গোলাপী ৰঙৰ উলৰ টুপী পিন্ধাইছে মালতীক মাকে । কিন্তু এই ছবিখনতো মালতীৰ মুখৰ আধা অংশহে দেখা গৈছে ।

Priyanka Chopra
প্ৰিয়ংকাই কন্যাৰ মুখ দেখুওৱাৰ পিছতেই হুলস্থুল লাগি গ’ল ইণ্টাৰনেটত!

প্ৰিয়ংকা চোপ্ৰা 3 বছৰৰ পিছত ভাৰতলৈ আহিছিল

শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰা তিনি বছৰৰ মূৰত ভাৰতলৈ আহিছিল । অহাৰ পূৰ্বে প্ৰিয়ংকা চোপ্ৰাই ছ’চিয়েল মিডিয়াত নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল যে তিনি বছৰৰ পাছত তেওঁ নিজ দেশলৈ আহিছে । ভাৰতলৈ অহাৰ পিছত প্ৰিয়ংকাই মুম্বাইৰ নিজৰ প্ৰিয় ঠাইবোৰ পৰিদৰ্শন কৰি তেওঁৰ কিছুমান নতুন প্ৰজেক্টৰ কাম সম্পূৰ্ণ কৰে । প্ৰায় 10 দিন দেশত থাকি প্ৰিয়ংকা উভতি যায় আমেৰিকালৈ ।

লগতে পঢ়ক : Shehzada Teaser: কাৰ্তিকৰ জন্মদিন উপলক্ষে মুকলি কৰা হ’ল শ্বেহজাদাৰ টিজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.