Shehzada Teaser: কাৰ্তিকৰ জন্মদিন উপলক্ষে মুকলি কৰা হ’ল শ্বেহজাদাৰ টিজাৰ

author img

By

Published : Nov 22, 2022, 6:44 PM IST

Shehzada Teaser

Shehzada Teaser: তেওঁৰ 32 তম জন্মদিনত কাৰ্তিক আৰ্য়ানে তেওঁৰ বহু প্ৰতীক্ষিত ছবি 'শ্বেহজাদা'ৰ টিজাৰ মুকলি কৰি অনুৰাগীসকলক এক ডাঙৰ উপহাৰ দিয়ে ।

চিটাৰা ডেস্ক, 22 নৱেম্বৰ : বলীউডৰ সুদৰ্শন তথা উদীয়মান অভিনেতা কাৰ্তিক আৰ্য়ানে তেওঁৰ 32 সংখ্যক জন্মদিনত তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘শ্বেহজাদা’ৰ টিজাৰ মুকলি কৰি অনুৰাগীক দিছে এক বহুমূলীয়া উপহাৰ । অনুৰাগীসকলে এই ছবিখনৰ বাবে বহুদিন ধৰি আগ্ৰহেৰে অপেক্ষা কৰি আছে আৰু এতিয়া টিজাৰ দেখাৰ পিছত এই অপেক্ষা আৰু অধিক তীব্ৰতৰ হৈ পৰিছে । কাৰ্তিক আৰ্য়ানৰ ক্যুল ষ্টাইল আৰু এক্সন টিজাৰটোত দেখিবলৈ পোৱা গৈছে ।

Shehzada Teaser
মুকলি কৰা হ’ল শ্বেহজাদাৰ টিজাৰ

‘শ্বেহজাদা’ পৰিচালনা কৰিছে অভিনেতা বৰুণ ধাৱনৰ ভাতৃ ৰোহিত ধাৱনে । ‘শ্বেহজাদা’ ছবিখন হৈছে দক্ষিণ চুপাৰষ্টাৰ আল্লু অৰ্জুনৰ চুপাৰহিট ছবি ‘আলা বৈকুণ্ঠপুৰমলো’ৰ অফিচিয়েল হিন্দী ৰিমেক ।

এক মিনিটতকৈয়ো কম সময়ৰ ‘শ্বেহজাদা’ৰ টিজাৰটোত কাৰ্তিকক এক বেলেগ ৰূপত দেখা গৈছে । ইয়াৰ লগতে বলীউডৰ ‘আলটিমেট বিউটি’ কৃতি সেননে নিজৰ গ্লেমাৰাছ অৱতাৰেৰে আৰু অধিক মছলা যোগ দিছে টিজাৰটোত । টিজাৰটোত দেখা গৈছে যে কাৰ্তিক আৰ্য়ানে আল্লু অৰ্জুনৰ দৰেই গুণ্ডাক প্ৰহাৰ কৰিছে । টিজাৰৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হৈছে । 2023 চনৰ 10 ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ৰ সময়ত ছবিখন ছবিগৃহত মুক্তি পাব ।

  • " class="align-text-top noRightClick twitterSection" data="">

কৰ্মক্ষেত্ৰত কাৰ্তিক বৰ্তমান কিয়াৰা আদৱানীৰ সৈতে মিউজিকেল ৰোমান্টিক ছবি ‘সত্যপ্ৰেম কি কথা’ৰ শ্বুটিঙত ব্যস্ত । ছবিখনৰ পৰিচালক সমীৰ বিধ্ৱাছ । আগন্তুক বৰ্ষৰ 29 জুনত মুক্তি পাব ছবিখন । ইয়াৰ উপৰিও কাৰ্তিকক অভিনেত্ৰী আলয়া এফৰ সৈতে ৰোমান্টিক থ্ৰিলাৰ ছবি ‘ফ্ৰেডী’ত দেখা যাব । 2022 চনৰ 2 ডিচেম্বৰৰ পৰা অ’টিটি প্লেটফৰ্ম ডিজনী + হটষ্টাৰত একচেটিয়াভাৱে প্ৰচাৰিত হ’ব ছবিখন । ইয়াৰ উপৰিও কাৰ্তিকৰ হাততত হেৰা-ফেৰী-3 আৰু আশিকী-3ও আছে ।

লগতে পঢ়ক : IFFI in Goa : গোৱাত অনুষ্ঠিত হৈছে ভাৰতৰ 53 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.