Ashish Vidyarthi wedding: অগ্নিক সাক্ষী কৰি চিৰদিনৰ বাবে অসমৰ ৰূপালীক নিজৰ কৰি ল’লে অভিনেতা আশীষ বিদ্যাৰ্থীয়ে
Published: May 25, 2023, 5:31 PM


Ashish Vidyarthi wedding: অগ্নিক সাক্ষী কৰি চিৰদিনৰ বাবে অসমৰ ৰূপালীক নিজৰ কৰি ল’লে অভিনেতা আশীষ বিদ্যাৰ্থীয়ে
Published: May 25, 2023, 5:31 PM
৬০ বছৰ বয়সত অসমৰ ৰূপালী বৰুৱাক বিয়া কৰালে হিন্দী ছবিৰ জনপ্ৰিয় অভিনেতা আশীষ বিদ্যাৰ্থীয়ে (Ashish Vidyarthi wedding)। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিবাহৰ ফটো ৷
চিটাৰা ডেস্ক, 25 মে’: হিন্দী ছবিজগতৰ জনপ্ৰিয় অভিনেতা তথা খলনায়ক আশীষ বিদ্যাৰ্থী ৬০ বছৰ বয়সত পুনৰ বিবাহপাশত আৱদ্ধ হয় (Ashish Vidyarthi wedding) ৷ হয়, অসমৰ ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাক বিয়া কৰাই অভিনেতাগৰাকীয়ে (Ashish Vidyarthi)। অৱশ্যে এয়া অভিনেতা গৰাকীৰ দ্বিতীয় বিবাহ হে ৷ ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকী ইয়াৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল কালিৰ অভিনেত্ৰী শকুন্তলা বৰুৱাৰ কন্যা ৰাজোশী বৰুৱাৰ সৈতে । ৰাজোশী এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, গায়িকা আৰু নাট্যশিল্পী (Ashish vidyarthi first wife) ।
উল্লেখ্য যে ৰূপালী জন্মস্থান অসমৰ গুৱাহাটীত যদিও ৰূপালী কলকাতাৰ এখন উন্নতমানৰ ফেশ্বন ষ্ট’ৰৰ সৈতে জড়িত (Rupali Barua)। বৃহস্পতিবাৰে কলকাতাৰ এটা ক্লাবত এক অন্তৰংগ অনুষ্ঠানত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত আশীষ-ৰূপালীৰ বিবাহ সম্পন্ন হয় (Ashish vidyarthi second wife) ৷ আশীষ আৰু ৰূপালীৰ বিয়াৰ ছবি ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Ashish Vidyarthi wedding pics ) ।
সংবাদ মাধ্যমত আশীষে এই সন্দৰ্ভত কয়, ‘জীৱনৰ এই পৰ্যায়ত ৰূপালীৰ সৈতে বিয়া হোৱাটো এক অসাধাৰণ অনুভৱ । পুৱা আমাৰ ক’ৰ্ট মেৰেজ হৈছিল, তাৰ পিচত সন্ধিয়া গেট টুগেদাৰ হৈছিল।’
ৰূপালীৰ সৈতে কেনেকৈ চিনাকি হৈছিল আশীষৰ ?
এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, “অ’, সেইটো এটা দীঘলীয়া কাহিনী ৷ আন কোনোবা এটা সময়ত শ্বেয়াৰ কৰিম ।” এই সন্দৰ্ভত ৰূপালীয়ে লগতে কয়, ‘আমি কিছুদিনৰ আগতে লগ হৈ ইয়াক আগুৱাই নিয়াৰ সিদ্ধান্ত লৈছিলো । কিন্তু আমাৰ দুয়োৰে বিয়াখন এটা সৰু পাৰিবাৰিক বিষয় হোৱাটো বিচাৰিছিলোঁ । তেওঁ এজন ধুনীয়া মানুহ আৰু এজন মহান আত্মা।” ”
উল্লেখ্য যে আশীষ হিন্দী ছবিকে ধৰি ১১টা ভাষাৰ ২০০ ৰো অধিক ছবিত অভিনয় কৰিছে (Ashish vidyarthi wife name)। তামিল, কানাড়া, মালয়ালম, ইংৰাজী ভাষাৰ ছবিতো অভিনয় কৰিছে অভিনেতাগৰাকীয়ে (Ashish Vidyarthi Ties Knot With Rupali Barua) ৷ আনহাতে ৰূপালী অসমৰ ফেশ্বন উদ্যোগৰ লগত জড়িত । তথ্য অনুসৰি তেওঁ এখন ফেশ্বন ষ্ট’ৰৰ মালিক (Ashish Vidyarthi weds Assams Rupali Barua)।
