Ragneeti : আঙুঠি পিন্ধোৱা পৰ্বত চকুলো বৈ আহিছিল পৰিণীতিৰ, শ্বেয়াৰ কৰিলে ৰাঘৱৰ সৈতে আৱেগিক মুহূৰ্তৰ ছবি
Published: May 22, 2023, 7:36 PM


Ragneeti : আঙুঠি পিন্ধোৱা পৰ্বত চকুলো বৈ আহিছিল পৰিণীতিৰ, শ্বেয়াৰ কৰিলে ৰাঘৱৰ সৈতে আৱেগিক মুহূৰ্তৰ ছবি
Published: May 22, 2023, 7:36 PM
আকৌ এবাৰ পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ আঙুঠি পিন্ধোৱা পৰ্বৰ ছবি পোহৰলৈ আহিছে । পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই নিজৰ নিজৰ ছ’চিয়েল মিডিয়া একাউন্টত এই ছবিবোৰ পোষ্ট কৰি এটা আৱেগিক টোকাও লিখিছে ৷
চিটাৰা ডেস্ক, 22 মে’: শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ আম আদমী পাৰ্টিৰ নেতা তথা পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ সৈতে আঙুঠি পিন্ধোৱা অনুষ্ঠিত হয় । ৰাজনীতি আৰু চলচ্চিত্ৰ জগতৰ বহু তাৰকাই এই মাংগলিক পৰ্বত অংশগ্ৰহণ কৰিছিল ৷ দিল্লীৰ কাপুৰথালা হাউচত আত্মীয়-স্বজন, ৰাজনীতি আৰু চলচ্চিত্ৰ জগতৰ বহু তাৰকাৰ উপস্থিতিৰ মাজত আঙুঠি পিন্ধোৱা সম্পন্ন হয় (Parineeti Chopra Raghav Chadha engagement pictures)।
পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই ছ’চিয়েল মিডিয়াত আঙুঠি পিন্ধোৱাৰ বহুকেইখন ছবি শ্বেয়াৰ কৰি অনুৰাগীক দিছিল এই খবৰ ৷ পুনৰ পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই তেওঁলোকৰ এই মধুৰ ক্ষণৰ বহু স্মৰণীয় ছবি শ্বেয়াৰ কৰিছে (Parineeti Chopra on Raghav Chadha as partner) । এই ছবিবোৰত আঙুঠি পিন্ধোৱা দুয়ো কি কি মুহূৰ্তৰ মাজেৰে পাৰ হৈছিল, সকলো বৰ্ণনা কৰিছে ৷ এই দুয়োগৰাকীয়ে ইগৰাকীৰ বাবে সিগৰাকী কিমান গুৰুত্বপূৰ্ণ সেই কথাও উল্লেখ কৰিছে (Parineeti Chopra Raghav Chadha love story) ৷
আশাত কৰাতকৈ অধিক পালে পৰিণীতিয়ে
পৰিণীতি চোপ্ৰাই শেহতীয়াকৈ এই ছবিসমূহ শ্বেয়াৰ কৰি লিখিছে, ‘‘আপোনালোকে জানে যে মই একেলগে ব্ৰেকফাষ্ট কৰিছিলো ৷ তেতিয়া মই তেওঁক লগ পাইছিলোঁ ৷ তেওঁ এজন আচৰিত ব্যক্তি ৷ যাৰ অমায়িক স্বভাৱ শান্তিপূৰ্ণ আৰু প্ৰেৰণাদায়ক হ’ব, তেওঁৰ সমৰ্থন, হাস্যৰস, বুদ্ধিমত্তা আৰু বন্ধুত্ব নিৰ্ভেজাল ৷ তেওঁ মোৰ ঘৰ ৷ আমাৰ আঙুঠি পিন্ধোৱাৰ পাৰ্টিটো আছিল প্ৰেম, হাঁহি, আৱেগ আৰু নৃত্যৰ মাজত এটা সপোন, এটা সপোন সুন্দৰকৈ জীয়াই থকাৰ দৰে !’’
পৰিণীতিয়ে লগতে লিখিছে, "আমি আমাৰ মানুহক সাৱটি ধৰি তেওঁলোকৰ সৈতে উদযাপন কৰাৰ সময়ত আৱেগবোৰ ফুটি উঠিছিল, ৰাজকুমাৰীৰ কাহিনীৰ প্ৰতি আকৃষ্ট এজনী সৰু ছোৱালী হিচাপে মই কল্পনা কৰিছিলো যে, মোৰ সাধুকথাটো কেনেকৈ আৰম্ভ হ’ব, অৱশেষত বাস্তৱত পৰিণত হ’ল মোৰ সপোন ৷ কিন্তু ই মোৰ কল্পনাতকৈ ভাল ।"
আপ নেতা ৰাঘৱৰ ছ’চিয়েল মিডিয়াত পোষ্ট
একে সময়তে পৰিণীতিৰ পোষ্টটো শ্বেয়াৰ কৰাৰ পিচত ৰাঘৱেও নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এটা মৰমলগা পোষ্ট শ্বেয়াৰ কৰিছে (Parineeti Chopra Raghav Chadha romantic pictures) ৷ আঙুঠি পিন্ধোৱাৰ বহুকেইখন ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে, "এদিন, এই ধুনীয়া ছোৱালীজনী মোৰ জীৱনত প্ৰৱেশ কৰিছিল, হাঁহি আৰু জিলিকনিৰ এক ৰঙীণ পানী আৰু যাৰ কোমল, আশ্বস্ত কৰা আলিংগনে অন্তহীন মৰম আৰু সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছিল ৷ আচৰিত নহয় আমাৰ এংগেজমেণ্ট ইমান আনন্দময় অনুষ্ঠান আছিল, য’ত আনন্দ আৰু হাঁহি চকুলোৱে আমাৰ আপোনজনক আৰু ওচৰলৈ লৈ আহিছিল, বিশেষকৈ পাঞ্জাবী ধৰণেৰে ৷"
লগতে পঢ়ক: Zara Hatke Zara Bachke: ‘জাৰা হাটকে জাৰা বাচকে’ৰ মুক্তিৰ পূৰ্বে আজমেৰ দৰগাহ ভ্ৰমণ ছাৰা আলী খানৰ
