Zara Hatke Zara Bachke: ‘জাৰা হাটকে জাৰা বাচকে’ৰ মুক্তিৰ পূৰ্বে আজমেৰ দৰগাহ ভ্ৰমণ ছাৰা আলী খানৰ

author img

By

Published : May 22, 2023, 10:39 AM IST

Watch: Sara Ali Khan and Vicky Kaushal relish desi food with family of 170 members in Rajasthan

বৰ্তমান অভিনেত্ৰী ছাৰা আলী খান আৰু বিকি কৌশল ব্যস্ত তেওঁলোকৰ আগন্তুক ছবি ‘জাৰা হাটকে জাৰা বাচকে’ৰ প্ৰচাৰত ৷ ছবিখনৰ মুক্তিৰ পূৰ্বে ছাৰা আলী খানক দেখা গ’ল খোৱাজা মইনুদ্দিন চিষ্টিৰ দৰগাহত। ইয়াৰ পিচত ছাৰা আলী খান আৰু বিকি কৌশলে সাক্ষাৎ কৰে ১৭০ গৰাকী সদস্য থকা এটা পৰিয়ালক ৷

চিটাৰা ডেস্ক, 22 মে’: দেওবাৰে আজমেৰৰ চুফী সন্ত খোৱাজা মইনুদ্দিন চিষ্টিৰ দৰগাহ পৰিদৰ্শন কৰে অভিনেত্ৰী ছাৰা আলী খানে (Sara Ali Khan) । দৰগাহত অভিনেত্ৰীগৰাকীয়ে আগন্তুক ছবি ‘জাৰা হাটকে জাৰা বাচকে’ৰ সফলতাৰ বাবেও প্ৰাৰ্থনা কৰে । ইফালে আজমেৰত অভিনেত্ৰীগৰাকীৰ আগমনৰ খবৰ পোৱাৰ পাচতে ভিৰ কৰে অনুৰাগীয়ে (Sara Ali Khan visits Ajmer Dargah) । দৰগাহত দোৱা প্ৰাৰ্থনা কৰাৰ পিচত অভিনেত্ৰীগৰাকীয়ে ‘জাৰা হাটকে জাৰা বাচকে’ৰ ছবিখনৰ সহ-অভিনেতা বিকি কৌশলৰ সৈতে আজমেৰৰ ৰামছাৰ গাঁৱলৈ ৰাওনা হয় ।

১৭০ গৰাকী সদস্য থকা পৰিয়ালক সাক্ষাৎ ছাৰা আৰু বিকিৰ

আজমেৰ জিলাৰ নাছিৰাবাদ মহকুমাৰ ৰামছাৰ গাঁৱত উপস্থিত হোৱাৰ লগে লগে গাঁৱৰ ৰাইজে ছাৰা আৰু বিকি কৌশলক আদৰণি জনায় । গাঁৱৰ ৰাইজে বিকি কৌশলক মালা আৰু ৰাজস্থানী চফা পিন্ধাই আদৰণি জনায় ৷ বিকি আৰু ছাৰা ৰামছাৰ গাঁৱত লগ কৰিবলৈ যোৱা পৰিয়ালটোত ১৭০ গৰাকী সদস্য আছে (Sara Ali Khan Vicky Kaushal in Rajasthan) ৷

এই পৰিয়ালটোৰ সকলো সদস্য একেলগেই বসবাস কৰে, পৰিয়ালৰ মুৰব্বী ভনৱাৰলাল মালি, যিয়ে পৰিয়ালৰ সকলো সিদ্ধান্ত লয় ৷ ককাদেউতাই ভনৱাৰলালক যৌথ পৰিয়ালত থাকিবলৈ শিকাইছিল । কিন্তু আপুনি হয়তো ভাবিছে এই পৰিয়ালটোৰ সৈতে ছাৰা আলী খান আৰু বিকি কৌশলৰ কি সম্বন্ধ আছে ৷ নহয় জানো ? কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে ছাৰা আলী খান আৰু বিকি কৌশলৰ আগন্তুক ছবি ‘জাৰা হাটকে জাৰা বাচকে’ যৌথ পৰিয়ালৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে (Zara Hatke Zara Bachke) । সেইবাবেই দুয়ো এই পৰিয়ালটোক সাক্ষাৎ কৰে ৷

শেহতীয়াকৈ বিকি কৌশলে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে (Sara Ali Khan Vicky Kaushal meet rajasthani family) ৷ ইনষ্টাগ্ৰামত পোষ্টটো শ্বেয়াৰ কৰি বিকিয়ে লিখিছে, "গছিপ চেচন- সহপৰিয়াল ! ১৭০ গৰাকী সদস্যৰে এটা যৌথ পৰিয়াল... যিমান ডাঙৰ পৰিয়াল সিমান ডাঙৰ হৃদয় ৷ "

ছবিগৃহত কেতিয়া মুক্তি পাব ‘জাৰা হাটকে জাৰা বাচকে’ ?

লক্ষ্মণ উটেকাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখন অহা ২ জুনত ছবিগৃহত মুক্তি পাব (Zara Hatke Zara Bachke release date) । ৰোমাঞ্চ, নাটক আৰু কমেডীৰে ভৰা এই ছবিখনত কপিলৰ চৰিত্ৰত অভিনয় কৰিছে বিকি কৌশলে আৰু সৌম্যৰ চৰিত্ৰত অভিনয় কৰিছে ছাৰা আলী খানে ।

ট্ৰেইলাৰত দেখা পোৱা অনুসৰি কপিল আৰু সৌম্যৰ মাজত মতানৈক্য হয়, তেতিয়াই এই বিষয়টো বিবাহ বিচ্ছেদলৈ যোৱা দেখা যায়। ছবিখনত সহ-পৰিয়ালৰ বিবাহ বিচ্ছেদৰ কথা উল্লেখ আছে । ৰাকেশ বেদী, শ্বাৰিব হাছমী, নীৰজ চুদকো ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যাব ।

লগতে পঢ়ক: Sushmita Sen: ৭৭খন দেশৰ প্ৰতিযোগীক পৰাস্ত কৰি মিছ ইউনিভাৰ্ছৰ হোৱা সুস্মিতাই শ্বেয়াৰ কৰিলে এখন ২৯ বছৰ পুৰণি ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.