ETV Bharat / entertainment

Pathaan trailer : তিনিটা ভাষাত মুকলি 'পাঠান'ৰ ট্ৰেইলাৰ

author img

By

Published : Jan 10, 2023, 7:41 PM IST

দেশজুৰি মঙলবাৰে মুকলি পাঠানৰ ট্ৰেইলাৰ (Pathaan trailer released)। হিন্দী, তামিল আৰু তেলুগু ভাষাত মুকলি ট্ৰেইলাৰ । দাক্ষিণাত্যৰ চুপাৰষ্টাৰ থালাপতি বিজয় আৰু ৰাম চৰণে মুকলি কৰে ট্ৰেইলাৰ ।

Pathaan trailer
তিনিটা ভাষাত মুকলি 'পাঠান'ৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক,১০ জানুৱাৰী : বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত পাঠান ছবিক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে (Pathaan film controversy)। বিভিন্ন মহলত ছবিখনক লৈ বিতৰ্কও অব্যাহত আছে । শেহতীয়াকৈ দেশৰ ভিন্ন প্ৰান্তত ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাও দেখা গৈছে । তাৰ মাজতে মুকলি ছবিখনৰ ট্ৰেইলাৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি 'পাঠান' হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি পাব (Pathaan will release in 3 language)। মুক্তিৰ পূৰ্বে, ছবি নিৰ্মাতাই মঙলবাৰে তিনিওটা ভাষাতে পাঠানৰ ট্ৰেইলাৰ মুকলি কৰে । য়শৰাজ ফিল্মছে দাক্ষিণাত্যৰ দুই চুপাৰষ্টাৰ থালাপতি বিজয় আৰু ৰাম চৰণক পাঠানৰ তামিল আৰু তেলুগু ভাষাৰ ট্ৰেইলাৰ মুকলি কৰিবলৈ নিমন্ত্ৰণ জনাইছিল (Pathaan trailer release)।

টুইটাৰৰ জৰিয়তে দাক্ষিণাত্যৰ চুপাৰষ্টাৰ থালাপতি বিজয়ে পাঠানৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰে (Thalapathy Vijay released Pathaan trailer)। তেওঁ শ্বাহৰুখ খান আৰু পাঠান ছবিখনৰ সকলো কলা-কুশলীক শুভকামনা জনায় । ইফালে, আৰআৰআৰ ছবিৰ অভিনেতা চুপাৰষ্টাৰ ৰাম চৰণে পাঠান ট্ৰেইলাৰৰ তেলুগু সংস্কৰণ শ্বেয়াৰ কৰে । মেগাষ্টাৰ চিৰঞ্জীৱীৰ পুত্ৰ চৰণে ট্ৰেইলাৰ শ্বেয়াৰ কৰি কয় যে তেওঁ শ্বাহৰুখ খানক একচন অৱতাৰত চাবলৈ অতি আগ্ৰহেৰে বাট চাই আছে । ট্ৰেইলাৰটো শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে পাঠান ছবিখনৰ সকলো কলা-কুশলীক শুভকামনা জনায় (Ram Charan unveiled Pathaan trailer)।

ইফালে ছবিখনৰ অভিনেতা শ্বাহৰুখ খানেও সামাজিক মাধ্যমত পাঠান ছবিখনৰ তিনিওটা ভাষাৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে । ইনষ্টাগ্ৰামত তেওঁ শ্বেয়াৰ কৰা মন্তব্যত বহুতে প্ৰশংসা কৰা দেখা গৈছে । মালায়ালম অভিনেতা দুলকুৱেৰ চলমানৰ পৰা আৰম্ভ কৰি ৰেপাৰ বাদশ্বাহ আৰু অভিনেতা ৰাশী খান্নালৈকে, চেলিব্ৰিটিসকলে শ্বাহৰুখ খানৰ একচন অৱতাৰক লৈ যথেষ্ট আশাবাদী । দুলকুৱেৰে টুইটাৰত জুইৰ ইমোজিৰ সৈতে 'Mic drop' বুলি লিখা দেখা গৈছে (Dulquer Salmaan about Pathaan)।

'ৱাৰ' আৰু 'বেং বেং'ৰ পৰিচালক সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত পাঠান ছবিখন ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব । ছবিখনত দীপিকা পাডুকন, জন আব্ৰাহামেও মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।

পাঠানৰ কলা-কুশলীসকলৰ ভিতৰত ডিম্পল কাপাডিয়া আৰু আশুতোষ ৰাণাৰ দৰে জ্যেষ্ঠ অভিনেতা-অভিনেত্ৰীও আছে । ২০১৮ চনৰ পাছত স্পাই থ্ৰিলাৰ এই ছবিখনৰ জৰিয়তে পুনৰ এবাৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানে তেওঁৰ অভিনয়ৰ জৰিয়তে চৰ্চালৈ আহিব বুলি আশা কৰা হৈছে । এই ছবিখনৰ পাছতে ৰাজকুমাৰ হিৰাণীৰ 'জাৱান' ছবিখনতো দেখা যাব অভিনেতাগৰাকীক ।

লগতে পঢ়ক :Proud of Shah Rukh Khan trend: দুৰ্গতজনক সহায় কৰি টুইটাৰৰ ট্ৰেণ্ডিঙত SRK

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.