ETV Bharat / entertainment

মোদীৰ বছৰটোৰ অন্তিম মন কি বাতত স্থান লাভ অস্কাৰ বিজয়ী ছবিৰ

author img

By PTI

Published : Dec 31, 2023, 2:04 PM IST

Oscar wins for 'Naatu Naatu', 'The Elephant Whisperers' find mention in PM's Mann Ki Baat
মোদীৰ বছৰটোৰ অন্তিমটো মন কি বাত

PM's Mann Ki Baat: প্ৰধানমন্ত্ৰী মোদীৰ ২০২৩ চনৰ অন্তিমটো মন কী বাত অনুষ্ঠানত অস্কাৰ বিজয়ী গীত ‘নাটু নাটু’ আৰু তথ্যচিত্ৰ ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ৰ বিষয়ে উল্লেখ ৷

চিটাৰা ডেস্ক, ৩১ ডিচেম্বৰ: আজি অৰ্থাৎ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে ২০২৩ চনৰ অন্তিমটো ‘মন কি বাত’ অনুষ্ঠানত ৷ প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাত অনুষ্ঠানৰ আজি ১০৮ সংখ্যক খণ্ড প্ৰচাৰ কৰা হৈছে । এই মন বাত অনুষ্ঠানত মোদীৰ ভাষণত স্থান লাভ কৰে অস্কাৰ বিজয়ী গীত আৰু তথ্যচিত্ৰই ৷ দক্ষিণৰ ছবি ‘আৰ আৰ আৰ’ৰ ‘নাটু নাটু’ গীত আৰু তথ্যচিত্ৰ ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’এ এইবাৰ ভাৰতলৈ কঢ়িয়াই আনে অস্কাৰৰ সন্মান ৷ এই বিষয়ে মোদীয়ে মন কি বাতত আলোকপাত কৰে ৷

ৰেডিঅ’ সম্প্ৰচাৰৰ ১০৮ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীয়ে কয় যে এই বৰ্ষত বিশ্ববাসীয়ে ভাৰতৰ সৃষ্টিশীলতাক দেখিছে আৰু মনোৰঞ্জন উদ্যোগৰ জৰিয়তে পৰিৱেশৰ সৈতে ভাৰতৰ সংযোগ বুজি পাইছে ।

মোদীয়ে ভাষণত কয়, ‘‘বন্ধুসকল, যেতিয়া 'নাটু নাটু'-এ অস্কাৰ লাভ কৰিছিল, তেতিয়া সমগ্ৰ দেশ আনন্দত উল্লাসিত হৈছিল । ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ক দিয়া সন্মানৰ কথা শুনি সকলো সুখী হৈছে, নহয় জানো ? এইবোৰৰ জৰিয়তে বিশ্ববাসীয়ে ভাৰতৰ সৃষ্টিশীলতাৰ সাক্ষী হৈছিল আৰু পৰিৱেশৰ সৈতে আমাৰ সম্পৰ্ক বুজি পাইছিল ।’’

উল্লেখ্য যে, ৯৫ সংখ্যক একাডেমী বঁটাত এম এম কীৰাভানীৰ ৰচনা আৰু চন্দ্ৰবোছৰ ৰচনা কৰা ফুট টেপিং তেলুগু চাৰ্টবাষ্টাৰ "নাটু নাটু"এ শ্ৰেষ্ঠ মৌলিক গীতৰ বঁটা লাভ কৰে ৷ লগতে এছ এছ ৰাজামৌলিৰ "আৰ আৰ আৰ" ছবিখনে অস্কাৰ ঘৰলৈ অনা প্ৰথমখন ভাৰতীয় বৈশিষ্ট্যপূৰ্ণ ছবি হিচাপে পৰিগণিত হৈছে ৷ ইফালে কাৰ্তিকি গনছালভেছৰ পৰিচালনা আৰু গুনীত মংগাৰ প্ৰযোজনাত নিৰ্মিত নেটফ্লিক্সৰ তামিল তথ্যচিত্ৰ "দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ"এ তথ্যচিত্ৰ চুটি ছবি শাখাত অস্কাৰ বিজয়ী প্ৰথম ভাৰতীয় ছবি হিচাপে পৰিগণিত হয় ।

মন কি বাত সম্প্ৰচাৰৰ সময়ত অভিনেতা অক্ষয় কুমাৰেও তেওঁৰ ফিটনেছ টিপছ শ্বেয়াৰ কৰে । শাৰীৰিক ফিটনেছৰ লগতে সামগ্ৰিক সুস্থতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনাই কুমাৰে কয় যে ফিল্টাৰ জীৱন নহয়, ফিটাৰ জীৱন যাপন কৰক ।

লগতে পঢ়ক: উন্নত ভাৰতৰ মনোভাৱ আৰু আত্মনিৰ্ভৰশীলতাৰ মনোভাৱেৰে ৰঞ্জিত দেশ: প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.